People’s Chargesheet Assam: Congress Levels 20 Allegations Against BJP Governmentকংগ্ৰেছৰ জনতাৰ অভিযোগনামা উন্মোচন

গুৱাহাটীঃ কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয় ৰাজীৱ ভৱনত জনতাৰ অভিযোগ নামা শীৰ্ষক এখন পুস্তিকা উন্মোচন কৰে (People’s Chargesheet Assam)। বিগত কেইবামাহ ধৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা-কৰ্মী সকল কেইবাটাও ভাগত ভাগ হৈ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ পৰা শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে থকা অভিযোগ সমূহ গ্ৰহণ কৰিছিল।

পিচত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্বাচনী ইস্তাহাৰ সমিতিৰ সভাপতিৰ দায়িত্বত থকা সাংসদ প্ৰদ্যুৎ বৰদলৈ তদাৰকত এই জনতাৰ অভিযোগ নামা অৰ্থাৎ peoples chargesheet প্ৰস্তুত কৰে। এই অভিযোগনামাত বিজেপি চৰকাৰৰ বিৰুদ্ধে ২০ টা অভিযোগ আছে। বৃহস্পতিবাৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ব্লক পৰ্যায়ৰ কৰ্মী সকলৰ উপস্থিতিত এই জনতাৰ অভিযোগনামা উন্মোচনৰ পিছতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগ নামা সম্বলিত অভিযোগ সমূহ পাঠ কৰে।

অভিযোগ সমূহ:

প্ৰথম অভিযোগ, ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছপুৰত কেন্দ্ৰীভূত চিণ্ডিকেটৰ যোগেদি অবৈধ অৰ্থব্যৱস্থা চলাই আছে।

দ্বিতীয় অভিযোগ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ ঘনিষ্ঠ মন্ত্ৰী সহযোগী সকল আৰু নিজৰ নিজৰ পৰিয়ালৰ সদস্য সকলৰ দ্বাৰা ব্যাপক দুৰ্নীতি আৰু অবৈধ সম্পত্তিৰ আহৰণ কৰিছে।

তৃতীয় অভিযোগ অনুযায়ী কেগৰ সাৱধান বাণীৰ পিছতো ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ক্ৰমাগতভাৱে ঋণৰ পৰিমাণ বৃদ্ধি কৰি আহিছে আৰু অৰ্থনৈতিক কু-ব্যৱস্থা জৰিয়তে অসমৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ নিশকতীয়া কৰি পেলাইছে।

চতুৰ্থ অভিযোগ অনুযায়ী দশকজোৰা প্ৰতিবাদৰ পিছতো অসমৰ ৬ টা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানত বিজেপি চৰকাৰ ব্যৰ্থ।

পঞ্চম অভিযোগ অনুযায়ী খিলঞ্জীয়াক উচ্ছেদ কৰি অসমৰ খিলঞ্জীয়াৰ ভূমি পুঁজিপতিৰ হাতত গটাই দিছে ।

ষষ্ঠ অভিযোগ অনুযায়ী ১৯৮৫ চনতে স্বাক্ষৰিত অসম চুক্তিৰ প্ৰতি চৰম বিশ্বাসঘাতকতা কৰিছে। অসমীয়াৰ পৰিচয় সুৰক্ষিত কৰা ৬ নং দফা আজি পৰ্যন্ত কাৰ্যকৰী নকৰিলে।

সপ্তম অভিযোগ অনুযায়ী এন আৰ চি প্ৰক্ৰিয়া স্থবিৰ কৰি বিজেপিয়ে ৰাইজৰ মাজত ভয় আৰু ত্ৰাসৰ সৃষ্টি কৰিছে। তদুপৰি এন আৰ চিৰ নামত খৰচ হোৱা ১ হাজাৰ ৬০০ কোটি টকা হৈছে অসমৰ সৰ্ববৃহৎ ৰাজনৈতিক কেলেংকাৰী।

অষ্টম অভিযোগ অনুসৰি অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগৰ মৰ্যাদা দিয়াত বিজেপি চৰকাৰ ব্যৰ্থ।

নৱম অভিযোগ অনুযায়ী ‘বিজেপিৰ যুৱ ৰপ্তানি নীতি’ নতুন চাকৰি সৃষ্টি কৰাত বিজেপি চৰকাৰ ব্যৰ্থ। খালী পদ পূৰণকেই নিয়োগ বুলি ভুৱা প্ৰচাৰ চলোৱাৰ লগতে বহিঃৰাজ্যলৈ শ্ৰমিক যোগানৰ সংস্থাত পৰিণত হৈছে।

দশম অভিযোগ ৰাজহুৱা শিক্ষা ব্যৱস্থা দুৰ্বলীকৰণৰ জৰিয়তে দুখীয়া শিশুক শিক্ষা গ্ৰহণৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।

একাদশ অভিযোগ অনুযায়ী মৌলিক স্বাস্থ্য সেৱা প্ৰদানত ব্যৰ্থ হোৱা অসমত সাধাৰণ প্ৰতিৰোধক্ষম ৰোগত সাধাৰণ লোকৰ মৃত্যু অস্বাভাৱিক ভাৱে বৃদ্ধি পাইছে।

দ্বাদশ অভিযোগ অনুযায়ী দুখীয়া চাহ শ্ৰমিকক প্ৰতাৰণা। এক দশকৰ আগতেই দিন মজুৰি ৩৫১ টকা দিয়াৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰিলে।

ত্ৰয়োদশ অভিযোগ অনুযায়ী পক্ষপাতিত্বমূলক ভাবে সাধাৰণ লোকৰ ওপৰত বুলডজাৰ নীতি গ্ৰহণ কৰি আহিছে।

চতুৰ্দশ অভিযোগ অনুযায়ী আতংকিত পৰিবেশ আৰু এনকাউণ্টাৰৰ জৰিয়তে বিজেপি চৰকাৰৰ কাউবয় শাসন ব্যৱস্থা।

পঞ্চদশ অভিযোগ অনুযায়ী মহিলা আৰু শিশুৰ প্ৰতি অপৰাধ, যৌন নিৰ্যাতন, মানৱ সৰবৰাহৰ দিশত বিজেপি চৰকাৰৰ দিনত সকলোকে লজ্জিত কৰি অসমে ভাৰতৰ ভিতৰত অভিলেখ গঢ়িছে। চৰকাৰ সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে।

ষষ্ঠদশ অভিযোগ অনুযায়ী অসমৰ প্ৰাকৃতিক পৰিৱেশ খনন বেপাৰী আৰু বন মাফিয়াৰ হাতত বিক্ৰী কৰি দিয়া হৈছে।

সপ্তদশ অভিযোগ অনুযায়ী ড্ৰাগছৰ সমস্যা সমাধানক আওকাণ কৰি কেৱল মাত্ৰ পি আৰ ষ্টান্ট আৰু আংশিকভাৱে জব্দ কৰা ড্ৰাগছৰ প্ৰচাৰ চলাইছে।

অষ্টাদশ অভিযোগ অনুযায়ী ৰেট হ’ল কয়লা খননকক উৎসাহিত কৰা আৰু খনিজ সম্পদৰে ভৰপূৰ অঞ্চল মৃত্যু উপত্যকালৈ ৰূপান্তৰিত কৰা

উনবিংশতিতম অভিযোগ অনুযায়ী বাক স্বাধীনতা খৰ্ব কৰি সংবাদ মাধ্যমক নিস্তব্ধ কৰাৰ অহৰহ প্ৰচেষ্টা।

বিংশতিতম অভিযোগ অনুসৰি বিজ্ঞান মনস্কতাৰ অভাৱৰ আৰু পৰিচালন বিফলতাৰ বাবে গুৱাহাটীককে ধৰি বিভিন্ন চহৰৰ কদৰ্যময়‌ৰূপ।

লগতে পঢ়কঃ কংগ্ৰেছৰ স্ক্ৰিনিং সমিতিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীৰ কংগ্ৰেছ কৰ্মীৰে প্ৰাৰ্থিত্বকলৈ আলোচনা


Advertisement