গুৱাহাটীঃ অৱশেষত গেৰুৱা হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা। ১৬ ফেব্ৰুৱাৰীত কংগ্ৰেছ দল ত্যাগ কৰা ভূপেন বৰাই দেওবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত (Bhupen Bora Joins BJP0। দীঘলীয়া সময় বিজেপিৰ বিৰুদ্ধে সক্ৰিয় হৈ থকা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনোৱাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো যোগাযোগ কৰিছিল ভূপেন বৰাৰ সৈতে।
কিন্তু কংগ্ৰেছ নেতৃত্বৰ অনুৰোধ ৰক্ষাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুযায়ী বিজেপি দলত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভূপেন কুমাৰ বৰাই। সেই সিদ্ধান্ত মৰ্মেই দেওবাৰে পুৱাই অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় তথা বাজপেয়ী ভৱনত সেৱা কৰি প্ৰৱেশ কৰে ভূপেন বৰাই।
বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। দেওবাৰে ৰাজ্যিক বিজেপিৰ মূখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰি নিজৰ ভাষণত ভূপেন বৰাই কয়, “মই কংগ্ৰেছত থাকোতে ৰাহুল গান্ধীৰ সন্মুখত তেজেৰে ৰাঙলী হোৱা জেকেত পৰিধান কৰি আজি বিজেপিত যোগদান কৰিছোঁ। মই বিজেপিত যোগদান কৰিবলৈ কংগ্ৰেছ দলত পদত্যাগ পত্ৰ দিয়া নাছিলোঁ। ভাবিছিলোঁ কংগ্ৰেছৰ নেতৃত্বই মোক বুজনি দিব। বিপৰীতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰি লাভ কৰা সন্মান আৰু বিজেপি দলৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰাত মই বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।”
বিজেপিত যোগদান কৰিয়েই ভাষণ প্ৰদানৰ বাবে মাত্ৰ ৯ মিনিট সময় লাভ কৰা বুলি নিজৰ ভাষণ প্ৰসংগতে উল্লেখ কৰি ভূপেন বৰাই পুনৰ আবৃত্তি কৰিলে কবিতা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ দেশৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৱশালী নেতা বুলি অভিহিত কৰিলে ভূপেন বৰাই।
দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাসহ কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ উপস্থিতিত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগান কৰে ভূপেন বৰাই।
লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাতঃ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ

