নগাঁওঃ মেঘালয়ৰ চিত্ৰ-ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জ্ৰিক দেওবাৰে প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হয়। তদুপলক্ষে নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত অনুষ্ঠিত এখন সভাত এই বটাঁ প্ৰদান কৰা হয় (Pranab Barua Artist Award 2026)।
বটাঁ গ্ৰহণ কৰি মেঘালয়ৰ চিত্ৰ শিল্পী ৰাফেল ৱাৰ্জ্ৰিয়ে কয়, “প্ৰয়াত প্ৰণৱ বৰুৱা কেৱল এগৰাকী শিল্পীয়েই নহয়, প্ৰেৰণাৰ উৎস। মই তেখেতৰ পৰাই এগৰাকী শিল্পী হ’বলৈ প্ৰেৰণা পাইছিলোঁ। মই ১৯৯৬ চনত শ্বিলঙত অনুষ্ঠিত এক কৰ্মশালাত লগ পাইছিলোঁ আৰু তাতে তেখেতৰ চিত্ৰ সমূহ চাই বহুত প্ৰেৰণা লাভ কৰিছিলোঁ। আজি সেইগৰাকী শিল্পীৰ নামত বঁটা লাভ কৰি অতিকৈ আনন্দ অনুভৱ কৰিছোঁ।”
মেঘালয়ৰ বাসিন্দা তথা আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী ৰাফেল ৱাৰ্জ্ৰিয়ে লগতে কয় যে, এই বঁটাই মেঘালয়ৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰাৰ ওপৰিও দুয়োখন ৰাজ্যৰ মাজত এক সু-সম্পৰ্ক গঢ়ি উঠাত সহায়ক হ’ব।”
প্ৰণৱ বৰুৱাৰ নাতি অনন্যা ভূঞাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে প্ৰণৱ বৰুৱাৰ সুযোগ্য কন্যা সুলক্ষণা বৰুৱা ভূঞাই। ইয়াৰ পিছত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াই কয়,” প্ৰণৱ বৰুৱাৰ প্ৰতিখন ছবিয়েই মূল্যবান। ছবিয়ে যিহেতু কথা কয়। সেয়ে তেওঁৰ প্ৰতিখন ছবিয়েই তেওঁৰ সৃষ্টিৰ সকলো কথাই বুজাই গৈছে।” নিজৰ চমু ভাষণৰ পিছত ডাঃ শইকীয়াই প্ৰয়াত প্ৰণৱ বৰুৱাৰ স্মৃতি ৰোমন্থন কৰি এটি কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে।
উক্ত অনুষ্ঠানত অন্য এগৰাকী চিত্ৰ শিল্পী গকুল চেত্ৰীয়ে কয়,” প্ৰণৱ বৰুৱাই অকল নগাঁও তথা অসমৰ কাৰণেই নহয় সমগ্ৰ ভাৰত আৰু বিশ্বাবাসীৰ কাৰণে ছবিৰ সৃষ্টি কৰি গৈছে।” উদ্যোক্তা অনুষ্ঠানৰ এগৰাকী সদস্য ডাঃ সুজয় হাজৰিকাই প্ৰয়াত শিল্পী প্ৰণৱ বৰুৱাৰ জীৱন-দৰ্শনৰ ওপৰত এক দীঘলীয়া ব্যাখ্যা দাঙি ধৰে।
ইপিন প্ৰণৱ বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়,” প্ৰয়াত চিত্রশিল্পী প্ৰণৱ বৰুৱাই নিজৰ শিল্প প্ৰতিভাৰে নগাঁৱক গৌৰৱান্বিত কৰি গৈছে। শিল্পী প্ৰণৱ বৰুৱাই চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত আমাক যিখিনি দি থৈ গৈছে ,সেইখিনিক আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব। আনহাতে শিল্পী প্ৰণৱ বৰুৱাৰ নামত বঁটা প্ৰদান কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই শিল্পী গৰাকীৰ নামত বঁটা প্ৰদান কৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰে। তেওঁ শিল্পী গৰাকীৰ পৰিয়ালৰ হৈ জীয়ৰী সুলক্ষণা বৰুৱা ভূঞাক দেউতাকৰ হৈ সাঁচতীয়া ধন খৰছ কৰি প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ নিৰ্মাণ তথা তেওঁৰ দ্বাৰা অংকন কৰা ছৱি সংৰক্ষণ আৰু শিল্পী গৰাকীৰ নামত বঁটা প্ৰদানৰ বাবে ধন্যবাদ জনায়।
উল্লেখ্য যে, প্ৰণৱ বৰুৱা শিল্পী বঁটাৰ বাবদ শিল্পী ৰাফেল ৱাৰ্জ্ৰিলৈ এখন মানপত্ৰ, চেলেং, এটা স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা আগবঢ়োৱা হয়। সভাতে শিল্পী প্ৰণৱ বৰুৱাৰ জীয়ৰী সুলক্ষণা বৰুৱা ভূঞাই বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালৰ তৰফৰ পৰা নগাঁৱৰ প্ৰণৱ বৰুৱা উদ্যানৰ বাবে শিল্পী গৰাকীৰ এটা আবক্ষ মূৰ্তি স্থাপন কৰাৰ বিষয়ে সদৰী কৰে। সভাৰ আৰম্ভণিতে শিল্পী গৰাকীৰ নাতিনী অনন্যা ভূঞাৰ দ্বাৰা নিৰ্মিত ‘গণশিল্পী প্ৰণৱ বৰুৱা’ শীৰ্ষক তথ্য চিত্ৰ খনি প্ৰদৰ্শন কৰা হয়। প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ পৰিচালন সমন্বয়ক নৃপেন শইকীয়াৰ দ্বাৰা বটাঁ প্ৰাপক ৰাফেল ৱাৰ্জ্ৰিৰ শিল্প কৰ্মৰ আধাৰত নিৰ্মিত এটা চুটি ভিডিঅ’ৰ জৰিয়তে শিল্পী গৰাকীয়ে খাছী সমাজৰ পৰম্পৰাগত লোককথা, লোককলাক আধাৰ হিচাপে লৈ কৰা সৃষ্টি সমূহ দৰ্শকৰ আগত তুলি ধৰা হয়।
লগতে পঢ়কঃ নুৰুদ্দিন আহমেদলৈ পদ্মশ্ৰী, যোগ্য জনলৈ যোগ্য স্বীকৃতি

