Police Attack in Zubeen Kshetra Sonapurসোণাপুৰৰ জুবিন ক্ষেত্ৰত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণঃ তিনিজন মাতাল যুৱক গ্ৰেপ্তাৰ

সোণাপুৰঃ জুবিন ক্ষেত্ৰত কালি (দেওবাৰ) সংঘটিত এক অপ্রত্যাশিত ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰে। কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগত তিনিজন সুৰামত্ত যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । – Police Attack in Zubeen Kshetra

কি ঘটিছিল ঘটনাটো?

ঘটনাৰ বিৱৰণ অনুসৰি, কালি (দেওবাৰ) আবেলি তিনিজন যুৱক মদ্যপান কৰি জুবিন ক্ষেত্ৰলৈ আহি ৰাজহুৱা স্থানত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে পথত যানবাহনৰ চলাচল বাধাগ্ৰস্ত কৰি যাত্ৰী আৰু স্থানীয় বাসিন্দাসকলক যথেষ্ট অসুবিধাত পেলায়।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কৰ্তব্যৰত আৰক্ষীৰ এটা দল আগবাঢ়ি আহোঁতেই যুৱক কেইজন অধিক উত্তেজিত হৈ উঠে। অভিযোগ অনুসৰি, তেওঁলোকে আৰক্ষীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে এগৰাকী মহিলা আৰক্ষী কৰ্মীৰ সৈতে অমাৰ্জিত ব্যৱহাৰ কৰে। আক্ৰমণৰ সময়ত এজন সুৰামত্ত যুৱকে এজন আৰক্ষী কনিষ্টবলৰ হাতত কামুৰি দিয়ে। ফলত তেওঁ আঘাতপ্ৰাপ্ত হয়।

অভিযুক্তসকলৰ পৰিচয়

ঘটনাটোৰ সৈতে জড়িত তিনিজন যুৱকক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা যুৱক তিনিজন হৈছে — দক্ষিণ শালমৰাৰ আলম আলী, শুৱালকুছিৰ মুকুট দাস আৰু ৰঞ্জন দাস। সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱা মতে, চৰকাৰী কৰ্তব্যত বাধা প্ৰদান আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আৰক্ষীৰ বক্তব্য আৰু তদন্ত

সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সংবাদ মাধ্যমক কয়, “কৰ্তব্যৰত আৰক্ষীৰ ওপৰত হোৱা এই আক্ৰমণক অতি গুৰুত্বসহ লোৱা হৈছে। অভিযুক্তসকলে কেৱল আৰক্ষীক আক্ৰমণ কৰাই নহয়, এগৰাকী মহিলা আৰক্ষী কৰ্মীৰ সৈতে অমাৰ্জিত কৰিছে। তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।”

আঘাতপ্ৰাপ্ত আৰক্ষী কৰ্মীসকলে জনোৱা মতে, আক্ৰমণটো উদ্দেশ্যপ্ৰণোদিত আছিল। ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: স্মৃতিৰে ভৰা ২৪ বছৰ: জুবিনবিহীন গৰিমাৰ প্ৰথম বিবাহ-বাৰ্ষিকী


Advertisement