নগাঁওঃ ৰাজ্য কপোৱা নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া পৰিসমাপ্তিৰ দিশে ধাৱমান হৈছে (Nil Abhi Murder Case)। আজি নগাঁৱত সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে। মহাজনে কয়, আজি নীল-অভিৰ পিতৃৰহৈ আদালতত ‘প্ৰচিকিউচন’ৰ যুক্তিৰ সমাপ্তি ঘটিছে।
জ্যেষ্ঠ অধিবক্তাজনে কয়, “অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত অভিযুক্ত পক্ষৰ অধিবক্তাৰ যুক্তি আদালতে শুনিব। ইয়াৰ পিছতে গোচৰটো চূড়ান্ত বিচাৰ প্ৰক্ৰিয়াৰ পিনে ধাৱমান হব।” জ্যেষ্ঠ অধিবক্তাজনে কয়, ” একাংশ সাক্ষীয়ে আদালত আৰু আৰক্ষীৰ আগত এই জঘন্য ঘটনাটোৰ লগত জড়িত লোকসকলৰ নাম ব্যক্ত কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ পৰবৰ্তী সময়ত আদালতৰ মজিয়াত তেওঁলোকে এই স্বীকাৰোক্তিৰ পৰা আতৰি আহে। আমি আদালতত যুক্তি দৰ্শাওতে এই কথা উত্থাপন কৰিছো যে ন্যায়াধীশৰ আগত দিয়া স্বীকাৰোক্তি উঠাই লোৱাটো বিধিসন্মত নহয়। গতিকে অভিযুক্ত সকলক কাঠগৰাৰ পৰা দোষী সাব্যস্তকৰণৰ দিশে থেলি দিব পৰা যায়। আমি আশাবাদী এই জঘন্য কাণ্ড সংঘটিত কৰা সকলে কঠোৰতম শাস্তি পাব।
নীল-অভিৰ পিতৃৰ মন্তব্য
ইপিনে সমগ্ৰ বিষয়টো সম্পৰ্কত নীল-অভিৰ পিতৃয়ে অধিবক্তাৰ যুক্তি প্ৰদৰ্শনত সন্তুষ্ট বুলি মন্তব্য কৰে। তেওঁলোকে কয়,” আমি আশাবাদী আদালতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব।” নীল-অভিৰ পিতৃদ্বয়ে এপ্ৰিলত গোচৰৰ ৰায়দান হব বুলি আশা প্ৰকাশ কৰে।
কি ঘটিছিল ঘটনাটোঃ
উল্লেখযোগ্য যে ২০১৮বৰ্ষৰ ৮ জুনত কাৰ্বিআংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংস ভাৱে গুৱাহাটীৰ দুই প্ৰকৃতিপ্ৰেমী তেজাল যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক হত্যা কৰিছিল ।অভি-নীলৰ এই নিৰ্মম হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা ছ’চিয়েল মেডিয়াত বিয়পি পৰাৰ পিছত দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰতিবাদ দেখিবলৈ পোৱাৰ লগতে ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছিল।
উজনিৰ পৰা নামনিলৈকে অভি-নীলক ন্যায় প্ৰদানৰ বাবে ৰাজপথ কঁপাই তুলিছিল অসমবাসী ৰাইজে। পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনে এই গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি তদন্তৰ গতিত ক্ষীপ্ৰতাৰে প্ৰদান কৰি ৪৮ জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। ইয়াৰে এজন জুভেইনাইল হোৱাত তেওঁক যোৰহাটস্থিত শিশু কাৰাগাৰত প্ৰেৰণ কৰা হৈছিল। তেওঁৰ বিচৰা প্ৰক্ৰিয়া জুভেইনাইল জাষ্টিচ ফ’ৰামত চলে। পৰৱৰ্তী সময়ত আন দুজন লোকো জুভেইনাইল বুলি প্ৰমাণিত হয়।
পিছত ৮০০ পৃষ্ঠা জোৰা এক অভিযোগনামা অতি কম দিনৰ ভিতৰত ডকমকা আৰক্ষী থানাৰ তদন্তকাৰী আৰক্ষীয়ে ডিফু আদালতত দাখিল কৰে। ইপিনে, অভি-নীলৰ পিতৃ-মাতৃয়ে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালৰত পৰা স্থানান্তৰ কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা এক লেখ আবেদনৰ ভিত্তিততেই ২০১৮ চনৰ ৪ চেপ্তেম্বৰত এই গোচৰটো নগাঁও আদালতলৈ বদলি কৰে। তদুপৰি, অসমবাসী ৰাইজৰ লগতে অভি-নীলৰ পিতৃয়ে এই গোচৰটো ফাৰ্ষ্ট্ৰ ট্ৰেক আদালতত চলাবলৈ দাবী জনোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ মঞ্জিত ভূঞাৰ ডিভিজনেল বেঞ্চে গোচৰটোৰ বিচাৰ ফাৰ্ষ্ট্ৰ ট্ৰেক আদালতত চলাবলৈ নগাঁও আদালতৰ জিলা আৰু সত্ৰ ন্যায়াধীশক নিৰ্দেশ প্ৰদান কৰিছিল ৷
লগতে পঢ়কঃ চূড়ান্ত পৰ্য্যায়ত অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া
