গুৱাহাটী: গুৱাহাটীৰ জি এছ ৰোডত এজন ৰেপিডো আৰোহীয়ে নৱজাতৰ মৃতদেহ কঢ়িয়াই নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হৈছিল বুধবাৰে (Guwahati Rapido Incident)। এজন লোক ৰেপিডো বাইকৰে যাত্ৰা কৰাৰ সময় নিজৰ সৈতে এটা নবজাতকৰ মৃতদেহ লৈ যোৱাৰ কথা প্ৰকাশ কৰে । ঘটনাটোৱে কিছু সময়ৰ বাবে সমগ্ৰ অঞ্চলটোত আতংক আৰু সন্দেহৰ সৃষ্টি কৰে। পিছলৈ আৰক্ষীৰ হস্তক্ষেপত ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহে।
জি এছ ৰোডত কি ঘটিছিল
ৰুবুল দাস নামৰ এজন ৰেপিড চালকে ঘটনাটোৰ বিষয়ে সদৰী কৰা মতে এজন যাত্ৰীয়ে এটা সেউজীয়া প্লাষ্টিকৰ বেগ লৈ জি এছ ৰোডলৈ আহিছিল। বেগটোৰ ভিতৰত এটা পেকেট আছিল। তাৰপিছত তেওঁ যাত্ৰাৰ ৰেপিডো বুক কৰে। সেই ৰেপিডো বাইকৰ চালক আছিল ৰুবুল দাস। যাত্ৰীজনৰ নিৰ্দেশ মৰ্মেই তেওঁ যাত্ৰীজনকলৈ পল্টনবজাৰ অভিমুখে ৰাওনা হয়। ৰেপিডো চালক দাসে স্বাভাৱিকভাৱে যাত্ৰীজনক লৈ গৈছিল । চালক দাসে কয় যে মাজপথতে যাত্ৰীজনে চালক দাসক বেগটোৰ ভিতৰত এটা নবজাতকৰ মৃতদেহ আছে আৰু তেওঁ নৱজাতক থকা বেগটো ব্ৰহ্মপুত্ৰত পেলাবলৈ গৈ আছে বুলি কয়। এই কথাত চালকজন দাস আশ্চৰ্যিতহৈ পৰে। যাত্ৰীজনে আনকি তেওঁক ব্ৰহ্মপুত্ৰৰ পাৰলৈ নিয়াৰ বাবে অতিৰিক্তভাৱে ৫০ টকা নগদ দিব বিচাৰে বুলিও চালক দাসে সদৰী কৰিছে । এই মন্তব্য শুনি চালক দাসে বাইক ৰখাই ওচৰৰ লোকক বিষয়টো অৱগত কৰে। কিছু সময়ৰ ভিতৰতে স্থানীয় লোক গোট খায় আৰু আৰক্ষীক খবৰ দিয়া হয়।
আৰক্ষীৰ হস্তক্ষেপঃ
ঘটনা সম্পৰ্কত জানিব পৰা পিছতে দিছপুৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনক আটক কৰে। পিছলৈ তেওঁৰ পৰিচয় মমৰুজ হুছেইন বুলি নিশ্চিত হয়। লোকজন নগাঁও জিলাৰ ধিঙৰ বাসিন্দা। আৰক্ষীয়ে তেওঁক থানালৈ লৈ গৈ জেৰা কৰে। আৰক্ষীয়ে লোকজনৰ নথিপত্ৰও পৰীক্ষা কৰা হয়।
কি ক’লে আৰক্ষীয়েঃ
ঘটনা সম্পৰ্কত আৰক্ষীৰ প্ৰথম অৱস্থাত সন্দেহৰ সৃষ্টি হ’লেও, তদন্তৰ সময়ত প্ৰকৃত সত্য পোহৰলৈ আহে। আৰক্ষীয়ে জনোৱা মতে, মৃত নবজাতকটো মমৰুজৰ নিজৰ সন্তান আছিল। মঙলবাৰে তেওঁৰ পত্নীৰ গৰ্ভতে শিশুটিৰ মৃত্যু হৈছিল। পিছত দিছপুৰৰ কছম’ হস্পিটেলত প্ৰসৱ প্ৰক্ৰিয়া সম্পন্ন হয়। য’ত তেওঁৰ পত্নী বৰ্তমান চিকিৎসাধীন হৈ আছে।
বুধবাৰে পুৱা প্ৰায় ১০ বজাত চিকিৎসালয়ৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি মমৰুজে শিশুটোৰ মৃতদেহ গ্ৰহণ কৰে। তেওঁ ধিঙৰ বৰভেটি অঞ্চলত বাস কৰে আৰু পল্টনবজাৰ ৰেলৱে ষ্টেচনৰ পৰা ৰে’লযোগে গৃহলৈ গৈ জানাজা সম্পন্ন কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু যাত্ৰাপথত মৃতদেহ থকা বুলি কোৱাৰ ফলত সন্দেহ আৰু বিভ্ৰান্তিৰ সৃষ্টি হয়।
সত্যতা নিশ্চিত হোৱাৰ পাছত চিকিৎসালয়ৰ নথিপত্ৰ আৰু আন প্ৰমাণ পৰীক্ষা কৰাৰ পিছত আৰক্ষীয়ে মমৰুজ হুছেইনক মুকলি কৰি দিয়ে। তেওঁ পিছলৈ কয় যে ভুল বুজাবুজিৰ ফলতেই এই অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেওঁ বুধবাৰে জানাজা সম্পন্ন কৰাৰ কথা প্ৰকাশ কৰে আৰু পিছদিনা পত্নীক চিকিৎসালয়ৰ পৰা ঘৰলৈ অনাৰ ব্যৱস্থা কৰিব বুলি কয়। আৰক্ষীয়ে জনোৱা মতে, সকলো দিশ পৰীক্ষা কৰি চোৱা হৈছে। বৰ্তমানলৈ প্ৰাপ্ত তথ্য অনুসৰি শিশুটিৰ মৃত্যু জন্মৰ পূৰ্বেই হৈছিল।
জি এছ ৰোডত সংঘটিত এই ঘটনাই কিছু সময়ৰ বাবে আতংকৰ সৃষ্টি কৰিছিল।
লগতে পঢ়কঃ সোণাপুৰৰ জুবিন ক্ষেত্ৰত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণঃ তিনিজন মাতাল যুৱক গ্ৰেপ্তাৰ

