English Translation of Eleven Stories by Shivananda Kakoti Unveiledবিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিৰ এঘাৰটা গল্পৰ ইংৰাজী অনুবাদ উন্মোচন

নগাঁওঃ দেশ বিদেশৰ দুই শতাধিক সাহিত্য সমালোচকৰ উপস্থিতিৰে মুখৰহৈ পৰা চাৰিদিনীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তৰ্জাতিক সাহিত্য উৎসৱ ইতিমধ্যে সামৰণি পৰে। এই সাহিত্য উৎসৱৰ মাজতে যোৱা ২০ ফেব্ৰুৱাৰীত বিশিষ্ট গল্পকাৰ-নিবন্ধকাৰ শিৱানন্দ কাকতিৰ এঘাৰটা চুটি গল্পৰ সংকলনৰ ইংৰাজী অনুবাদ ‘ ইলেভেন ষ্টৰীজ” উন্মোচন হয় (Shivananda Kakoti Eleven Stories English Translation)।

এই সংকলনখন সম্পাদনা কৰিছে বিশিষ্ট গল্পকাৰ জনৰ সুযোগ্য কণ্যা তথা নিৱন্ধকাৰ, অধ্যাপিকা ডঃ মাদ্ৰী কাকতিয়ে। সংকলনখন উন্মোচন কৰে নতুন দিল্লীৰ বিশিষ্ট লেখিকা ডঃ নীনা ভাৰ্মা আৰু ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱ হাজৰিকাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ সভাকক্ষত গ্ৰন্থখন উন্মোচন হয়।

উল্লেখযোগ্য যে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিৰ এঘাৰটা গল্প ইংৰাজীলৈ প্ৰদীপ আচাৰ্য, বিভাস চৌধুৰী, মিনাক্ষী বৰকটকী,লীৰা নেওগ বৰা, প্ৰিস্মিতা সিং, প্ৰাঞ্জল শৰ্মা বশিষ্ঠ, কৃষ্ণ দুলাল বৰুৱা আৰু ডঃ মাদ্ৰী কাকতিয়ে অনুবাদ কৰিছে।

শিৱানন্দ কাকতিৰ বিষয়ে

উল্লেখযোগ্য যে অসমৰ এজন বিশিষ্ট গল্পকাৰ হিচাপে পৰিচিত শিবানন্দ কাকতিয়ে গল্পকাৰ হিচাপে ৯০ দশকতে আত্মপ্ৰকাশ কৰিছিল। তেওঁ প্ৰকাশিত গ্ৰন্থ সমূহৰ ভিতৰত আমৃত্যু অমৃত (১৯৯৬), গাগিনী তোৰ পানী কিমান (২০০০), বৰদৈচিলা (২০০১), জলছবিত শেষ সাঁজ (২০০৭), বৰণীয়া আলিবাট, আলিবাটত, আয়ু যায় আলে-জালে আদি ।

তেওঁৰ কেন্দ্ৰবিহীন বৃত্ত আৰু অন্যান্য নাটক (১৯৯৮) নামৰ নাটক সংকলনো প্ৰকাশিত হৈছে। কাকতিৰ প্ৰৱন্ধ সংকলন স্বৰাজোত্তৰ নগাঁও : নিবন্ধমালা (১৯৯৮), সৰ্বগুণাকৰ (১৯৯৯) আদি। বিগত বৰ্ষত কাকতিৰ নেতি নামে এখন গল্প সংকলন প্ৰকাশ পাইছিল।

১৯৯৫ চনত কাকতিয়ে মুনীন বৰকটকী বঁটা আৰু ২০০৪ চনত জলছৱিত শেষ সাজ গল্পটোৰ‌ বাবে তেওঁ সৰ্বভাৰতীয় কথা বটাঁৰে সন্মানিত হৈছিল।

বিশিষ্ট গল্পকাৰ কাকতি ভাৰতীয় ষ্টেটবেংকৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া। বৰ্তমান সময়ত তেওঁ নগাঁও আইনজীৱি অধিবক্তা হিচাপে কাম কৰি আছে । সত্তৰৰ দশকতে নগাঁও মহাবিদ্যালয়ত ছাত্ৰাৱস্থাত আৰু পৰবৰ্তী সময়তো একাংকিকা আৰু অনাতাঁৰ নাট লিখি তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। তেওঁৰ ‘দুঃসময় সময়’ নামৰ অনাতাঁৰ নাটকখনে সৰ্বভাৰতীয় বঁটা পাইছিল ৷

গ্ৰন্থখনৰ সম্পাদকৰ বিষয়ে

“ইলেভেন ষ্টৰীজ” সম্পাদনা কৰা মাদ্ৰী কাকতি বৃত্তিগত ভাৱে এগৰাকী অধ্যাপিকা। তেওঁ কৰ্মসূত্ৰে লক্ষ্ণৌৰ বাসিন্দা। বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি আৰু অৱসৰপ্ৰাপ্ত অধ্যাপিকা মুনি কাকতিৰ কণ্যা মাদ্ৰী কাকতিয়ে সামাজিক মাধ্যমৰ জৰিয়তে আৰম্ভ কৰা “নেইবাৰহুড টিচাৰ” নামৰ ব্যতিক্ৰমী শিক্ষণ শৈলী জনপ্ৰিয় হৈ পৰিছিল। মাদ্ৰীয়ে ৫ টাতকৈ অধিক ভাষা জানে। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও সংবাদ মাধ্যমৰ লগত জড়িত। সামাজিক মাধ্যমত তেওঁ ‘মেডুচা’ নামৰেও পৰিচিত।

ডঃ নগেন শইকীয়ালৈ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ডি লিট সন্মান


Advertisement