Bordowa Doul Utsav 2026 Spreads the Message of Harmony from Batadravaবৰদোৱাৰ দৌল উৎসৱে বিলাওক সমন্বয়ৰ বাৰ্তা

দেৱাশীষ শৰ্মা,(IAS) নগাঁও জিলা আয়ুক্ত:
১৪৪৯ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৪৬৮ খ্ৰীষ্টাব্দত প্ৰায় ১৯ বছৰ বয়সত চিহ্ন যাত্ৰা ভাওনা অনুষ্ঠিত কৰিছিল । সাত বৈকুণ্ঠৰ চিহ্ন পট অঙ্কন কৰি, নাটকৰ শ্লোক, গীত আদি লিখি, খোল বজাই তেও ‘চিহ্নযাত্ৰা’ৰ জৰিয়তে অসমত এক সাংস্কৃতিক বিপ্লৱ আনিছিল (Bordowa Doul Utsav 2026)।

চৰিত পুথিত উল্লেখ থকামতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিৰোমণি ভূঞাৰ বাব গ্ৰহণ কৰাৰ পিছত তেওঁক সহযোগী ভূঞা সকলে আহি বৈকুণ্ঠ চাবলৈ মন কৰি খাটনি ধৰিলে। ইয়াৰ উত্তৰত গুৰুজনাই চিহ্নযাত্ৰা ভাওনাৰ জৰিয়তে ভূঞা সকলক বৈকুণ্ঠ দেখুৱাইছিল।

ৰামচৰণ ঠাকুৰে চৰিত পুথিত উল্লেখ কৰা মতে, “তোমাষাৰ বাক্য/ সত্যে সত্যে দেখাইবো বৈকুণ্ঠ পৰ/ চিহ্নযাত্ৰা নামে কৰিবো বেকত/ হৰিষ পাইবা প্ৰচুৰ’ । এই চিহ্নযাত্ৰা ভাওনা অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে গুৰুজনাই দৌল মন্দিৰ নিৰ্মাণ কৰি ফাগুনৰ পূৰ্ণিমাত ফাকুৱা অৰ্থাৎ ফল্গু উৎসৱ উদযাপন কৰে- “দক্ষিণে যাত্ৰাৰ দৌল শংকৰে নিৰ্মিলা। সাতো বৈকুণ্ঠৰ চিহ্ন আঁকিয়া দেখাইলা।।”

ৰামচৰণ ঠাকুৰৰ গুৰু চৰিতত দৌল মন্দিৰ নিৰ্মাণৰ কথা এনেদৰে উল্লেখ আছে-
” কোড় চাঙ্গি হাতে ধৰি/ বান্ধি লন্ত ৰঙ্গ কৰি/ যত ভূঞাগণে মাটি দিলা/ এহিমতে দৌল ভৈল/ ভূঞা গণ ঘৰে গৈল / শংকৰেয়ো হৰিষ বুলিলা “

চৰিত পুথিত এনেদৰেও উল্লেখ আছে, “তাম্ৰৰ পাত্ৰত কৰি শ্ৰীমন্ত শংকৰদেৱে এক পাচি মৃত্তিকা দিলন্ত/ সেহি মৃত্তিকাক থাপি কৃষ্ণৰ মূৰ্তিকাক পুজি দৌলযাত্ৰা ৰংগে কৰিলন্ত।” গুৰুজনাই পূৰ্ণিমাৰ দিনা দৌল মন্দিৰতে ফল্গুৎসৱ অনুষ্ঠিত কৰি গোবিন্দ গোসাঁইৰ মুৰত ফাকু দিছিল।

কীৰ্তনত উল্লেখ আছে এনেদৰে- “ফাল্গুনীত গোবিন্দক তুলিয়া দৌলত/ দৌলযাত্ৰা কৰৈ মহোৎসৱ সিবেলাত।।”

সেই সময়ৰে পৰা প্ৰতিবছৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিত বৰদোৱাত দৌল উৎসৱ অনুষ্ঠিত হৈ আহিছে। দৌল উৎসৱৰ প্ৰথম দিনটোক বহ্নোৎসৱ পালন কৰা হয়, দ্বিতীয় দিনা গোসাঁই মুৰত ফাকু দিয়া উৎসৱ আৰু তৃতীয় দিনা গোসাঁই দৌল যাত্ৰা আৰু সমূহীয়াকৈ ফাকু খেলা হয়।

ফাকুৱাৰ প্ৰথম দিনা শ্ৰীকৃষ্ণৰ মূৰ্তি অৰ্থাৎ গোবিন্দ গোসাঁইক সন্ধিয়া গায়ন-বায়ন সহ ভক্ত সবে নি আকাশীগংগাৰ পাৰৰ এটা অস্থায়ী ঘৰত বিঘিনি নাশক মন্ত্ৰ উচ্চাৰণ কৰা হয়। পিচত এই ঘৰটো পুৰি পেলোৱা হয়। এই ঘৰটোক গন্ধঘৰ বুলি কোৱা হয়। প্ৰথম দিনাৰ এই অনুষ্ঠানক গন্ধোৎসৱ বুলিও কোৱা হয়। ইয়াৰ পিছত গোবিন্দ গোসাঁইক আনি ফাকুৱাৰ বাবে সজা ৰভাতলত স্থাপন কৰা হয়। গোঁসাই স্নান কাৰ্য সম্পাদন কৰি প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰা এবিধ তেলৰে নুওৱা হয়। দৌল উৎসৱৰ কিছুদিন আগৰে পৰা মিঠাতেলত পৰিমাণ অনুসৰি মিঠিগুটি ,গন্ধবিৰিণা, পিৰিকাফঙল, গাঠিয়ন আদি দি এই বিশেষ তেল প্ৰস্তুত কৰা হয়। এই তেলক গন্ধতেল বুলি কয়। গোঁসাইৰ মুৰত দিয়া এই গন্ধতেলৰ অকণমান পাবৰ বাবে ভক্ত সকলে আশাৰে ৰৈ থাকে। ইয়াৰ পিছত গোসাঁইক নতুন বস্ত্ৰ পৰিধান কৰা হয়। গায়ন-বায়ন সকলে ৰামধেমালি পৰিবেশন কৰে। সেই সময়ত ‘বৈকুণ্ঠৰ নাথ দৌলৰসে কৰে কেলি’ বা ‘কৰত গন্ধ বিধি বিহাৰ গোপাল’ গীত পৰিবেশন কৰা হয়

দ্বিতীয় দিনটোক কোৱা হয় গোসাঁই মুৰত ফাকু দিয়া দিন। সেই দিনটোত গোঁসাই নুওৱা ধুওৱাৰ পিছত গোসাঁইৰ মুৰত সুগন্ধি ফাকু দিয়া হয়। গায়ন-বায়ন সকলে সেই দিনা ন ধেমালি পৰিবেশন কৰে। ভক্ত সকলে সেই দিনা ফাকু নিৰ্মালি হিচাপে গ্ৰহণ কৰে।

দৌল উৎসৱৰ তৃতীয় দিনা ভকত সকলে গোসাঁইক লৈ দৌললৈ যাত্ৰা কৰে। দৌল মন্দিৰত গোসাঁইক সাতপাক প্ৰদক্ষিণ কৰোৱা হয়। পিচত বৰদোৱাৰ শ্ৰী শ্ৰী নৰোৱা আৰু শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ ঘৰত প্ৰৱেশ কৰোৱাই পূজা অৰ্চনা দি কীৰ্তন ঘৰত প্ৰৱেশ কৰোৱা হয়। কীৰ্তন ঘৰত প্ৰৱেশ কৰাওতে দুৱাৰ ধৰা নামৰ এক ধেমেলীয়া অনুষ্ঠান অনুষ্ঠিত হয়। এই যাত্ৰা পথত ” বাইৰ হুয়াচে দেখো সই সুন্দৰ নন্দৰ বালা/ হাতে বাংসী মুখে হাসী গলে কদম্বৰ মালা” গীত ফাকি পৰিবেশন কৰা হয়। দুৱাৰ ধৰা উৎসৱত লক্ষী আইয়ে নজনাকৈ কৃষ্ণ গোসাঁয়ে দৌললৈ গৈ ফাকু খেলি অহাৰ বাবে তেওঁ ভেম কৰি গোসাঁইক কীৰ্তন ঘৰৰ ভিতৰত সোমাব নিদি দুৱাৰ বন্ধ কৰি থয়। এই সময়ত লক্ষী আইৰ পৰিচাৰিকা সকলৰ লগত গোসাঁইৰ লগত যোৱা সকলৰ বাক বিতণ্ডাও হয়। গোবিন্দ কলৈ গৈছিল? ঘুনুচাৰ লগতে থাকক আদি বাক্যবাণৰে লক্ষীআইৰ লগুৱাই কটাক্ষ কৰে। গোবিন্দৰ লগুৱাইও বাটতহে ঘুনুচাক লগ পাইছে আদি কথাৰে অনুনয় বিনয় কৰে।

পিছত যেনিবা মধ্যস্থতাকাৰীয়ে মধ্যস্থতাকৰাত কৃষ্ণ গোঁসাইয়ে তলমুৰ কৰি কীৰ্তন ঘৰত প্ৰৱেশ কৰে। পিচত গোসাঁইক কীৰ্তন ঘৰত প্ৰতিষ্ঠা কৰা হয়।

কীৰ্তনৰ উৰেষা বৰ্ণনত ফাকুৱা উৎসৱৰ সম্পৰ্কত এনেদৰে উল্লেখ আছে- “ৰংগে ফাকু খেলে চৈতন্য বনমালী/ দুহাতে ফল্গুৰ গুণ্টা সিঞ্চন্ত মুৰাৰী।”

এই দৌল উৎসৱ বা ফাকুৱা উৎসৱ কেৱল এক পৰম্পৰাগত উৎসৱ নহয়, ই হৈছে সমন্বয়ৰ প্ৰতীক। ই এক সাৰ্বজনীন উৎসৱ। সেয়ে দৌল উৎসৱত সকলো ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে। দৌল উৎসৱে যুগ যুগ ধৰি শান্তি-সম্প্ৰীতিৰ বাণী কঢ়িয়াই আনিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা তথা শ্ৰীশ্ৰী বটদ্ৰৱা থানে সৰ্বদায় এখন বৃহত্তৰ অসমক প্ৰতিফলিত কৰি আহিছে।

নগাওঁ জিলাৰ আয়ুক্ত হিচাপে যোগদান কৰাৰ পিছত আমি দ্বিতীয় বৈকুণ্ঠ ৰূপে খ্যাত বটদ্ৰৱা থানৰ সংৰক্ষণ, উন্নয়ন আৰু শৃংখলাবদ্ধ পৰিচালনাক অগ্ৰাধিকাৰ দিয়া চেষ্টা কৰিছিলো। সেয়ে মহামান্য ন্যায়ালয়ৰ নিৰ্দেশত আমি শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ নতুন পৰিচালনা সমিতি গঠনৰ দৰে গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল দায়িত্ব পালন কৰো। এই দায়িত্ব পালন কৰোতে আমি সকলো পক্ষৰ মাজত সমন্বয় স্থাপনৰ চেষ্টা কৰিছিলো। আমি সফলো হলো। পৰৱৰ্তী সময়ত ৰাইজৰ নিৰ্দেশ মৰ্মেই আমি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগত মুখ্য বিত্তীয় নিয়ন্ত্ৰক হিচাপে দায়িত্ব লও। গুৰুজনাৰ আশীৰ্বাদ, ৰাইজৰ শুভকামনা, তথা যোগাত্মক সহায় সহযোগত আমি এক সুন্দৰ, সুশৃংখল দায়িত্বশীল বিত্তীয় ব্যৱস্থাৰে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা কৰাত সফল হব পাৰিম বুলি বিশ্বাসী।

বটদ্ৰৱাৰ দৌল উৎসৱ কেৱল বটদ্ৰৱা বা নগাঁও জিলাবাসীৰ বাবেই নহয়, সমগ্ৰ অসমবাসীৰ বাবেই এক প্ৰাণৰ উৎসৱ। এই ৰঙৰ উৎসৱৰ প্ৰস্তুতিৰ ক্ষেত্ৰত আমি স্বচ্ছতা, স্বাস্থ্য শিবিৰ, এম্বুলেন্স, অগ্নিনিৰ্বাপক ব্যৱস্থা, নিয়ন্ত্ৰণ কক্ষ, আৰক্ষী ব্যৱস্থা, যানবাহন নিয়ন্ত্ৰণ, বিশুদ্ধ পানীৰ ব্যৱস্থা, যাত্ৰীৰ বিশ্ৰামৰ ব্যৱস্থা আদিৰ প্ৰতি গুৰুত্ব দিছো। সকলোৱে যাতে শান্তিপূৰ্ণভাৱে, সুশৃংখলিত ভাবে উৎসৱৰ আনন্দ উপভোগ কৰিব পাৰে, প্ৰকৃতাৰ্থতে সমন্বয়ৰ বাৰ্তা যাতে এই উৎসৱে প্ৰেৰণ কৰিব পাৰে তাৰ প্ৰতিও আমি দৃষ্টি ৰাখিছো।

আমাৰ বিশ্বাস গুৰুজনাৰ আশীৰ্বাদ, ৰাইজৰ আস্থাৰে আমি গুৰুজনাৰ মহান কৰ্ম আদৰ্শ, সাম্যবাদী চিন্তা মানৱতা আৰু সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাব পাৰিম। সকলোলৈকে দৌ উৎসৱৰ শুভকামনা।

লগতে পঢ়কঃ কৰ্কট ৰোগীক সহায়ৰ হাত আগবঢ়োৱা দ্বীপ শিখা ফাউণ্ডেচনলৈ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সন্মান


Advertisement