গুৱাহাটীঃ কংগ্ৰেছ দলে মংগলবাৰে ৪২ টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছত বুধবাৰে ৰাইজৰ দলে ১১ টা বিধানসভা সমষ্টিত প্ৰাৰ্থী তালিক প্ৰকাশ কৰে (Raijor Dal Candidate List 2026)। অৱশ্যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰতিনিধিত্ব কৰা শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰাইজৰ দলে ঘোষণা কৰা নাই।
ৰাইজৰ দলে ঘোষণা কৰা প্ৰাৰ্থী তালিকা অনুসৰি পূৱ গোৱালপাৰা সমষ্টিত আব্দুৰ ৰছিদ মণ্ডল, জালুকবাৰী সমষ্টিত ৰমেন বৰঠাকুৰ, মানস সমষ্টিত অঞ্জন তালুকদাৰ, দলগাঁও সমষ্টিত আজিজুৰ ৰহমান, ধিং সমষ্টিত মেহবুব মুক্তাৰ, তেজপুৰ সমষ্টিত অলক নাথ, চিচিবৰগাঁও সমষ্টিত দুলাল বৰুৱা, মাৰ্ঘেৰিটা সমষ্টিত ৰাহুল ছেত্ৰী, ডিগবৈ সমষ্টিত লক্ষ্যজ্যোতি গগৈ, মৰিয়নি সমষ্টিত ডঃ জ্ঞানশ্ৰী বৰা আৰু বোকাখাত সমষ্টিত ৰতন দাৱ।

মিত্ৰজোঁট গঠন নোহোৱাৰ ইংগিত
বিৰোধী মিত্ৰজোঁটৰ প্ৰসংগত শেহতীয়াকৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাৱে মন্তব্য কৰা নাই যদিও ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকাৰ পৰা বিৰোধী মিত্ৰজোঁটত যে আউল লাগিল সেই কথা মুকলি হয়। কিয়নো মংগলবাৰে কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে বুধবাৰে ৰাইজৰ দলে ঘোষণা প্ৰাৰ্থী তালিকাত কংগ্ৰেছ দলক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনোৱা কেতবোৰ সমষ্টি উল্লেখ আছে। ইয়াৰ ভিতৰত এটা বিশেষ সমষ্টি হৈছে মাৰ্ঘেৰিটা। এই সমষ্টিটোকলৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত বিগত কেইবা সপ্তাহ ধৰি প্ৰাৰ্থিত্ব দিয়া-নিদিয়াৰ আলোচনা চলি আছিল। মংগলবাৰে কংগ্ৰেছে সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈৰ নাম ঘোষণা কৰে। ইয়াৰ পিছতে বুধবাৰে ৰাইজৰ দলে প্ৰকাশ কৰা তালিকাত সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে ৰাহুল ছেত্ৰীৰ নাম উল্লেখ আছে। সমষ্টিটোত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হয় নে নহয় স্পষ্ট হোৱা নাই যদিও ৰাহুল ছেত্ৰীৰ নাম প্ৰক্ষেপে কংগ্ৰেছক যে বিপদতো পেলাব খাটাং। কিয়নো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা গৈ ৰাইজৰ দলৰ প্ৰাৰ্থী হোৱাকে ধৰি এই সুদীৰ্ঘ সময়ছোৱাত ৰাহুল ছেত্ৰীয়ে নিজকে জনপ্ৰিয় নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
- মৰিয়নিত অভিজ্ঞতা বনাম মেধাৰ যুঁজ
মৰিয়নি বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ ডঃ জ্ঞানশ্ৰী বৰাই প্ৰতিদ্বন্দিতা কৰিব। সমষ্টিটোৰ পৰা ৰূপজ্যোতি কুৰ্মীয়ে ৫ বাৰ বিজয়ী হৈছে। ইয়াৰ পূৰ্বে সমষ্টিটোৰ পৰা ৰূপজ্যোতি কুৰ্মীৰ মাতৃ ৰূপম কুৰ্মী বিজয়ী হৈছিল। ৰূপজ্যোতি কুৰ্মীয়ে ২০০৬ চনৰ পৰা বৰ্তমানলৈকে সমষ্টিটো প্ৰতিনিধিত্ব কৰি আছে। স্বাভাৱিকতে অভিজ্ঞতা আৰু সাংগঠনিক দক্ষতা ৰূপজ্যোতি কুৰ্মীৰ অন্যসকলৰ তুলনাত অধিক। ইয়াৰ বিপৰীতে ডঃ জ্ঞানশ্ৰী বৰাই গোৱালপাৰা মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰাজনীতিৰ লগত জড়িত হোৱাৰ উদ্দেশ্যেৰে তেওঁ অধ্যাপিকাৰ পদৰ পৰা পদত্যাগ কৰে। তেওঁ ৰসায়ন বিজ্ঞান বিভাগৰ ডক্টৰেট ডিগ্ৰী লাভ কৰা গৱেষক। তেওঁ ডিব্ৰুগড় পলিটেকনিক, কেন্দ্ৰীয় বিদ্যালয় ডিব্ৰুগড়, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ডিব্ৰুগড়ত অতিথি শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আঢ়ৈ বছৰ কাল অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি পদত্যাগ কৰাৰ পিছত ডঃ জ্ঞানশ্ৰী বৰা চৰ্চিত হৈ পৰে। ইতিবাচক ৰাজনীতিৰ বাবে মেধাসম্পন্ন নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰয়োজন বুলি একাংশই ডঃ জ্ঞানশ্ৰী বৰাৰ উদাহৰণ দি মন্তব্য কৰে। সেয়ে মৰিয়নি সমষ্টিত অভিজ্ঞতাৰ বিপৰীতে মেধা সম্পন্ন নতুন মুখৰ যুঁজ হব বুলি কব পাৰি। সমষ্টিটোৰ বিধান সভা নিৰ্বাচনৰ যুজখন আকৰ্ষণীয় হব।
পূৱ গোৱালপাৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী বিধায়ক আব্দুৰ ৰছিদ মণ্ডল
পূৱ গোৱালপাৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে নাম ঘোষণা হৈছে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ। তেওঁ পশ্চিম গোৱালপাৰা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ২০১৬ আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজয়ীহৈ বিধায়ক নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত দলীয় সংঘাতৰ বাবে তেওঁ ৰাইজৰ দলত যোগদান কৰে। গতিকে পূৱ গোৱালপাৰা সমষ্টিত বিধায়ক মণ্ডলে প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা আছে।
ইপিনে জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী হিচাপে নাম ঘোষণা হৈছে প্ৰাক্তন কংগ্ৰেছ নেতা তথা ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰৰ নাম। তেওঁ অৱশ্যে দিছপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছিল। কিন্তু তেওঁৰ নাম শেহতীয়াভাৱে জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।
লগতে পঢ়কঃ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত বংশবাদক গুৰুত্ব

