নতুন দিল্লী: গ্ৰামোন্নয়ন বিভাগৰ অধীনত চলি থকা মহাত্মা গান্ধী এনেৰেগা আঁচনিৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰাই নতুন নামৰ প্ৰস্তাৱ দিয়া হৈছে সদনত (MGNREGA Name Change Proposal)। মঙলবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে MGNREGA আঁচনিৰ নতুন নামৰ প্ৰস্তাৱ সদনত আগবঢ়োৱাৰ পাছতেই তীব্ৰ বিৰোধিতা আৰম্ভ কৰে বিৰোধী কংগ্ৰেছে (Congress protest in Parliament)।
বিগত প্ৰায় ২০ বছৰ ধৰি গ্ৰামোন্নয়ন বিভাগৰ অধীনত চলি থকা MGNREGA আঁচনিৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে (MGNREGA scheme rename)। আঁচনিখনৰ নাম সলনি হোৱাৰ লগে লগে আঁচনিৰ খনৰ পৰা আঁতৰিব জাতিৰ পিতা মহাত্মা গান্ধীৰ নাম (Mahatma Gandhi name removal)। MGNREGA আঁচনিৰ নাম সলনি কৰি এতিয়া বিকশিত ভাৰত জি ৰাম জী কৰি সদনত উত্থাপন কৰা হৈছে বিধেয়ক।
মঙলবাৰে MGNREGA আঁচনিৰ নাম সলনি কৰি বিধেয়ক উত্থাপন কৰাৰ লগে লগে বিধেয়ক খনৰ বিৰোধিতা কৰে কংগ্ৰেছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “মহাত্মা গান্ধী কেৱল আমাৰ পৰিয়ালৰেই নহয় মহাত্মা গান্ধী জাতিৰ পিতা। তেনেস্থলত এটা আঁচনিৰ পৰা মহাত্মা গান্ধীৰ নাম সলনি কৰাটো জাতিৰ পিতাক অপমান কৰা হ’ব।”
ইপিনে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে আঁচনিখনৰ নাম পৰিবৰ্তনৰ লগতে আঁচনিখনৰো কিছু সাল সলনি কৰিছে (Rural employment guarantee scheme)। জানিব পৰা মতে আঁচনিখনৰ অধীনত পূৰ্বৰ এশ দিনৰ বাবে শ্ৰমিকৰ কাম নিশ্চিত থকাৰ সলনি এতিয়াৰ পৰা নতুন আঁচনিৰ অধীনত এশ ১২৫ দিনৰ নিয়োগ নিশ্চয়তা প্ৰদান কৰা হ’ব।
MGNREGA আঁচনিৰ নাম সলনি কৰাৰ বিধেয়ক উত্থাপনক লৈ বিৰোধী কংগ্ৰেছে বিৰোধিতা কৰিলেও শাসকপক্ষই বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনাই অধিক (BJP government decision)।
এনে স্থলত সদনত উত্থাপিত বিধেয়ক গৃহীত হোৱাৰ লগে লগে বিগত ২০ বছৰে চলি থকা MGNREGA আঁচনিৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰাৰ লগে লগে আচনিখন বিকশিত ভাৰত জি ৰাম জী হৈ পৰিব।
লগতে পঢ়ক: নাম সলনি হব এম জি এনৰেগাৰ (MGNREGA)

