কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ গভীৰ জংঘলত দুৰ্ঘটনাগ্ৰস্ত হোৱা চুখই চু-৩০ এম এক আই যুঁজাৰু বিমানখনৰ দুই জন পাইলট নিহত হৈছে। ভাৰতীয় বায়ু সেনা বাহিনীয়ে এই কথা নিশ্চিত কৰিছে (Sukhoi Su-30 MKI Crash)।
নিহত পাইলট দুজন স্কোৱাড্ৰন লীডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুৰাগকাৰ বুলি চিনাক্ত হৈছে।
ভাৰতীয় বায়ু সেনা বাহিনীয়ে Xত এটা শোকবাৰ্তাত উল্লেখ কৰে যে স্কোৱাড্ৰন লীডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুৰাগকাৰ চুখই চু ৩০ এম কে আই বিমান দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতূ হোৱাৰ পোৱাৰ ফলত মৃত্যুবৰণ কৰে।
তেওঁলোকে X-ত উল্লেখ কৰে, “ভাৰতীয় বায়ু সেনা বাহিনীৰ সকলো সদস্যই গভীৰ শোক প্ৰকাশ কৰিছে আৰু এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালৰ সৈতে দৃঢ়ভাৱে থিয় আছে।”
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শোক প্ৰকাশ
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এই শোকাৱহ ঘটনাত সাহসী দুইজন পাইলটৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে দেশৰ বাবে তেওঁলোকৰ সাহস আৰু সেৱা সদায় গৌৰৱ আৰু কৃতজ্ঞতাৰ সৈতে স্মৰণ কৰা হ’ব।
তেওঁ কয়, “স্কোৱাড্ৰন লীডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুৰাগকাৰৰ দুখজনক মৃত্যুত মই গভীৰভাৱে দুখিত। শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জনাইছোঁ। এই দুখৰ সময়ত সমগ্ৰ দেশ তেওঁলোকৰ সৈতে দৃঢ়ভাৱে থিয় আছে।”
কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো
চুখই চু-৩০ এম কে আই বিমানখন এক প্ৰশিক্ষণ অভিযানত আছিল। বৃহস্পতিবাৰে যোৰহাট বিমান ঘাটিৰ পৰা উৰা মৰাৰ কিছু সময় পাছতেই সন্ধানহীন হৈছিল।
য’ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল, সেই স্থান বিমানঘাটিৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত অৱস্থিত। বৃহস্পতিবাৰে সন্ধিয়া উৰা মৰাৰ অলপ সময়ৰ ভিতৰতে বিমানখনৰ সৈতে ৰাডাৰ সংযোগো বিচ্ছিন্ন হৈ গৈছিল।
খবৰ অনুসাৰে সন্ধিয়া প্ৰায় ৭ বজাত অসমৰ কাৰ্বি আংলং জিলাৰ নিলিপ ব্লকৰ ওচৰৰ এটা দূৰৱৰ্তী এলেকাত ডাঙৰ বিস্ফোৰণৰ দৰে শব্দ শুনা গৈছিল। কিন্তু সেই সময়ত বিমান দুৰ্ঘটনাৰ কোনো নিশ্চিত তথ্য পোৱা হোৱা নাছিল। পিচত অৱশ্যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাটো নিশ্চিত হয়।
ভাৰতীয় বায়ু সেনাৰ সূত্ৰমতে সন্ধিয়া ৭:৪২ বজাত বিমানখনৰ লগত যোগাযোগ বিচ্ছিন্ন হৈছিল। তেওঁ লোকে জনোৱা মতে— “চুখই চু-৩০ এম কে আই বিমানখন সময়মতে উভতি অহা নাই বুলি খবৰ পোৱা গৈছে। বিমানখন অসমৰ যোৰহাটৰ পৰা উৰা মাৰিছিল আৰু শেষবাৰৰ বাবে সন্ধিয়া ৭:৪২ বজাত যোগাযোগ হৈছিল। অধিক তথ্য সংগ্ৰহ কৰা হৈছে। অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।”
কি এই চুখই চু শ-৩০ এম কে আইঃ
চুখই চু-৩০ এম কে আই হৈছে দুজনীয়া আসনৰ এখন দীঘল দূৰত্বৰ যুঁজাৰু বিমান। যাক ৰাছিয়াৰ বিমান নিৰ্মাতা সংস্থা চুখই-এ বিকাশ কৰিছিল। এতিয়া এই বিমানখন ভাৰতীয় বায়ু সেনাৰ বাবে চৰকাৰী বিমান-উদ্যোগ সংস্থা হিন্দুস্তান এৰোনেটিকছ লিমিটেড(HAL)-এ লাইচেন্সৰ আধাৰত নিৰ্মাণ কৰি আছে।
উল্লেখযোগ্য যে ভাৰতীয় বায়ু সেনাৰ হাতত বৰ্তমান ২৬০ খনতকৈও অধিক চুখই চু-৩০ এম কে আই যুঁজবিমান আছে। কিন্তু শেহতীয়া বছৰসমূহত চুখই চু-৩০ এম কে আই বিমান দুৰ্ঘটনা পতিত হোৱা কেইবাটাও ঘটনা সংঘটিত হৈছে।
শেহতীয়াকৈ ২০২৪ চঞৰ জুন মাহত নাচিক জিলাত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু ২০২৩ চনৰ জানুৱাৰী মাহত গোৱালিয়ৰস্থিত বায়ু সেনাৰ বিমান ঘাটিৰ পৰা উৰা মৰা এখন বিমান পিছত দুৰ্ঘটনাত পতিত হৈছিল।
লগতে পঢ়কঃ কাৰ্বি আংলং সীমান্তত বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত: বৰ্তমানেও সন্ধান নাই পাইলটৰ

