UPSC CSE Result 2025 Declared: Three Candidates from Assam Secure Ranks২০২৫ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ অসমৰ তিনিজনৰ স্থান লাভ

গুৱাহাটী: দেশৰ সৰ্বাধিক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ অন্যতম অসামৰিক সেৱাৰ পৰীক্ষা(CSE)-ৰ ২০২৫ বৰ্ষৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে সংযুক্ত লোক সেৱা আয়োগে (UPSC) (UPSC CSE Result 2025)।

৯৫৮ জনৰ স্থান লাভঃ

সংযুক্ত লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল অনুসৰি মুঠ ৯৫৮ জন প্ৰাৰ্থীয়ে বিভিন্ন কেন্দ্ৰীয় সেৱাৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
এই ৯৫৮ জন সফল প্ৰাৰ্থীৰ ভিতৰত ৩১৭ জন সাধাৰণ শ্ৰেণীৰ (General Category)। তাৰ উপৰিও ১০৪ জন আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী (EWS), ৩০৬ জন অন্যান্য পিছপৰা শ্ৰেণী (OBC) আৰু ৭৩ জন অনুসূচিত জনজাতি (ST) শ্ৰেণীৰ প্ৰাৰ্থী।

প্ৰথম ২০ টা স্থান দখল কৰা প্ৰাৰ্থী সকলৰ নামঃ

অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰথম ২০ টা স্থান দখল কৰা প্ৰাৰ্থী সকলৰ ভিতৰত প্ৰথম স্থান অৰ্জন কৰিছে অনুজ অগ্নিহোত্ৰীয়ে। ইয়াৰ পিছৰ স্থান দখল কৰা সকল হৈছে ক্ৰমে ৰাজেশ্বৰী সুভে এম, আকাংশ ধুল, ৰাঘৱ ঝুনঝুনৱালা, ইশান ভাটনাগৰ, জিন্নিয়া অ’ৰোৰা, এ আৰ ৰাজাহ মোহাইদীন, পক্ষাল সেক্ৰেট্ৰী, আস্থা জৈন, উজ্জ্বল প্ৰিয়ংক, যশস্বী ৰাজ বৰ্ধন, অক্ষিত ভাৰদ্বাজ, অনন্যা শৰ্মা, সুৰভি যাদৱ, সিমৰণদীপ কৌৰ, মনিকা শ্ৰীবাস্তৱ, চিতৱন জৈন, শ্ৰুতি আৰ, নিসাৰ দিশান্ত অমৃতলাল আৰু ৰবি ৰাজ ।

অসমৰ প্ৰাৰ্থী সকলঃ

অসমৰ তিনিজন প্ৰাৰ্থীয়ে ইউ পি এচ চি পৰীক্ষাত উত্তীৰ্ণ হৈছে। তেওঁলোকৰ ভিতৰত অভিজ্ঞান খাউণ্ডে সৰ্বভাৰতীয় স্থানৰ ১৮৭ নম্বৰত স্থান লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ পাছতে আছে অভিজ্ঞান জ্যোতি বৰা, তেওঁ ৫৭০ নম্বৰত স্থান লাভ কৰিছে। আনহাতে নগাঁৱৰ ভাস্বত শইকীয়াই ৭৭৭ নম্বৰ স্থান লাভ কৰিছে।

অন্যহাতেদি মনিপুৰৰ কেলভিন গিনমিনলিয়েন জৌয়ে ১৩৪ নম্বৰ স্থান দখল কৰিছে। তেওঁ মূলতে মনিপুৰৰ বাসিন্দা যদিও বৰ্তমান মেঘালয়ত বাস কৰি আছে।

ভাস্বত শইকীয়াই চতুৰ্থ বাৰৰ বাবে লাভ কৰিছে সফলতাঃ

কেন্দ্ৰীয় লোক সেৱা আয়োগৰ পৰীক্ষাত ৭৭৭ স্থান লাভ কৰা নগাঁৱৰ ভাস্বত শইকীয়াই চতুৰ্থ বাৰৰ বাবে স্থান লাভ কৰিছে। নগাঁও চহৰৰ ডিফলু নিবাসী বীৰেন্দ্ৰ নাথ শইকীয়া আৰু দিব্যজ্যোতি বৰাৰ সুযোগ্য পুত্ৰ ভাস্বত শইকীয়াই একেৰাহে চতুৰ্থবাৰৰ বাবে সংযুক্ত লোক সেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰি এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ লক্ষ্যৰে ভাস্বতই প্ৰথমবাৰ সংযুক্ত লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় বন সেৱাত (IFS) ৬৮ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

দ্বিতীয়বাৰৰ প্ৰচেষ্টাত ৫৫২ সংখ্যক স্থানৰ সৈতে ভাৰতীয় আৰক্ষী সেৱাত (IPS) স্থান লাভ কৰি তেওঁ অসম কেডাৰত যোগদান কৰে । তৃতীয়বাৰৰ বাবে সংযুক্ত লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ভাস্বত শইকীয়াই ৪৭৪ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । এইবাৰ চতুৰ্থ বাৰৰ বাবে কেন্দ্ৰীয় লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ ৭৭৭ নম্বৰৰ স্থান লাভ কৰে।

কেনেদৰে অনুষ্ঠিত হয় এই পৰীক্ষাঃ

প্ৰতি বছৰৰ দৰে এইবাৰো দেশজুৰি লাখ লাখ প্ৰাৰ্থীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। কঠোৰ প্ৰতিযোগিতাৰ মাজেৰে চূড়ান্ত পৰ্যায়ত সফল হোৱা প্ৰাৰ্থীসকল শীঘ্ৰেই দেশৰ বিভিন্ন প্ৰশাসনিক আৰু শাসন ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব।

UPSC CSE পৰীক্ষা তিনিটা ধাপত অনুষ্ঠিত হয় — প্ৰাৰম্ভিক পৰীক্ষা, মূল লিখিত পৰীক্ষা আৰু ব্যক্তিগত সাক্ষাৎকাৰ। এই তিনিটা পৰ্যায় সফলভাৱে উত্তীৰ্ণ হোৱাৰ পাছতেই প্ৰাৰ্থীসকলে চূড়ান্ত তালিকাত স্থান লাভ কৰে।

লগতে পঢ়কঃ ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদবদল


Advertisement