AICSU Conference 2026 Guwahati Chakma Students eventগুৱাহাটীত সফল সামৰণি AICSU-ৰ তৃতীয় বাৰ্ষিক সন্মিলনৰ

গুৱাহাটী, ৯ মাৰ্চ: উত্তৰ-পূব ভাৰত আৰু দক্ষিণ এছিয়াৰ এক অন্যতম প্ৰাচীন আৰু সাংস্কৃতিকভাৱে চহকী জনগোষ্ঠী হ’ল চাকমাসকল। নিজৰ স্বকীয় পৰম্পৰা, শান্তিপ্রিয় স্বভাৱ আৰু বৌদ্ধ ধৰ্মীয় দৰ্শনেৰে পুষ্ট এই জনগোষ্ঠীটোৱে ইতিহাসৰ বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজতো নিজৰ ভাষা, লিপি আৰু কলা-সংস্কৃতি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। বিশেষকৈ তেওঁলোকৰ পৰম্পৰাগত ‘পিনন-হাদি’ (Pinon-Khadi) বস্ত্ৰৰ কাৰুকাৰ্য আৰু ‘বিজু’ (Bizu) উৎসৱে উত্তৰ-পূবৰ বৈচিত্ৰ্যময় সাংস্কৃতিক মানচিত্ৰত এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। এই চহকী ঐতিহ্যক বুকুত বান্ধি আধুনিক শিক্ষা আৰু একতাৰ বাৰ্তাৰে যোৱা ৬ আৰু ৭ মাৰ্চত গুৱাহাটীৰ শিল্পগ্ৰামত এক বিশেষ অনুষ্ঠান সম্পন্ন হৈ যায়। – AICSU Conference

“পৰিচয়, ছাত্ৰ নেতৃত্ব, সামগ্ৰিক উন্নয়ন আৰু গণতান্ত্ৰিক সংলাপ” – এই মূল মন্ত্ৰৰে গুৱাহাটীৰ শিল্পগ্ৰামস্থিত NEZCC প্ৰেক্ষাগৃহত ৬ আৰু ৭ মাৰ্চত অনুষ্ঠিত হোৱা সদৌ ভাৰত চাকমা ছাত্ৰ ইউনিয়নৰ (AICSU) দুদিনীয়া তৃতীয় বাৰ্ষিক সন্মিলনখনি সফলতাৰে সম্পন্ন হয়। ২০১৫ চনত প্ৰতিষ্ঠিত হোৱা AICSU হৈছে ভাৰতৰ চাকমা শিক্ষাৰ্থীসকলৰ শীৰ্ষ সংগঠন, যাৰ অধীনত অৰুণাচল প্ৰদেশ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, বৰাক উপত্যকাৰ লগতে দিল্লী, বেংগালুৰু, কলকাতা আৰু চেন্নাইৰ দৰে মহানগৰীৰ ১০টা সহযোগী ছাত্ৰ সংগঠন একত্ৰিত হৈ আছে।

সন্মিলনৰ প্ৰথম দিনটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ মুৰব্বী তথা টিপ্ৰা মোথা দলৰ প্ৰতিষ্ঠাপক প্ৰদ্যোৎ বিক্ৰম মাণিক্য দেববৰ্মাই এক ঐতিহাসিক ঘোষণা কৰে। তেওঁ প্ৰতি বছৰে প্ৰায় ৫০ গৰাকী চাকমা শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ বাবে নিজৰ ব্যক্তিগত পুঁজিৰ পৰা জলপানি প্ৰদান কৰাৰ কথা ঘোষণা কৰি ছাত্ৰ-ছাত্ৰীক উৎকৃষ্টতাৰ দিশত আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে। তেওঁ ভাষণ প্ৰসংগত কয় যে, “চট্টগ্ৰামৰ পাহাৰীয়া অঞ্চলটি (CHT) অবিহনে ভাৰত অসম্পূৰ্ণ।” সেই অঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত হোৱা মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে নিৰ্ভীকভাৱে মাত মাতিবলৈ তেওঁ উত্তৰ-পূবৰ জনসাধাৰণক আহ্বান জনায়। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ (NCST) সদস্য নিৰুপম চাকমা আৰু মূল বক্তা হিচাপে মিজোৰামৰ CADC-ৰ প্ৰাক্তন চিইএম মলিন কুমাৰ চাকমা উপস্থিত থাকে।

সন্মিলনৰ দ্বিতীয় দিনটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰী সান্ত্বনা চাকমা। তেওঁ নিজৰ জীৱনৰ সংগ্ৰামৰ উদাহৰণ দি ছাত্ৰ-ছাত্ৰীসকলক নেতিবাচকতা ত্যাগ কৰি সমাজ সেৱাত ব্ৰতী হ’বলৈ আহ্বান জনায়। বিশিষ্ট অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন বিধায়ক সোমলুং মোচাং আৰু মূল বক্তা হিচাপে উত্তৰ-পূব ক্ষেত্ৰৰ বিদ্যা পৰিষদৰ সাংগঠনিক সম্পাদক ড° পৱন তিৱাৰী উপস্থিত থাকে। ড° তিৱাৰীয়ে সুস্থ সমাজ গঠনত শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

সন্মিলনত চাৰিখনকৈ গুৰুত্বপূৰ্ণ পেনেল ডিচকাশ্বন অনুষ্ঠিত হয়, য’ত উদ্যোগশীলতা, উচ্চ শিক্ষাৰ সুযোগ, চাকমা সাজ-পাৰৰ ভৌগোলিক স্বীকৃতি (GI Tag) আৰু চট্টগ্ৰাম পাহাৰীয়া অঞ্চলৰ শান্তি চুক্তি ৰূপায়ণৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহৰ ওপৰত বিশেষজ্ঞসকলে আলোকপাত কৰে। চাকমা জনগোষ্ঠীয় মনোমোহা নৃত্য-গীতেৰে জীপাল কৰি তোলা এই সন্মিলনখনি এক উৎসৱমুখৰ পৰিৱেশত অন্ত পৰে ।

AICSU-ৰ সভাপতি দৃশ্যমণি চাকমাই জনোৱা মতে, এই সন্মিলনে চাকমা যুৱ সমাজৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। বিশেষকৈ ঘোষিত জলপাসমূহৰ দ্বাৰা বহু মেধাৱী শিক্ষাৰ্থী উপকৃত হ’ব।

লগতে পঢ়ক: নগাঁও জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনখন সম্পন্ন


Advertisement