নগাঁওঃ কলিয়াবৰবাসীয়েও লাভ কৰিলে অত্যাধুনিক বিজ্ঞান কেন্দ্ৰ। ২০২১ চনত আধাৰশিলা স্থাপন হোৱা কলিয়াবৰৰ জিলা বিজ্ঞান কেন্দ্ৰ মঙলবাৰে উদ্বোধন কৰা হয় (Kaliabor Science Centre)। কলিয়াবৰৰ দৰে এক গ্ৰাম্যাঞ্চলত বিজ্ঞানে বৈজ্ঞানিক মনস্কতা তথা চিন্তাধাৰাৰ জোৱাৰ অনাৰ বাট মুকলি কৰাৰ উদ্দেশ্যে কলিয়াবৰত স্থাপন কৰা হয় বিজ্ঞান কেন্দ্ৰৰ।
কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে ভাৰ্চুৱেলী উদ্বোধন কৰে কৰিয়াবৰৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ সমৃদ্ধ বিজ্ঞান প্ৰকল্পৰ। উদ্বোধনী অনুষ্ঠানত কলিয়াবৰত উপস্থিত থাকে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ভাষণ প্ৰদান কৰি কয়,”বিজ্ঞান আৰু প্ৰযুক্তিৰ সংগত আমি আমাৰ সমাজখন গঢ়ি তুলিব লাগে। নতুন প্ৰজন্মৰ মাজত অনুসন্ধানশীল মনৰ বৃদ্ধি হওক তাৰ বাবে আমি চেষ্টা কৰিব লাগে। আমাৰ শিক্ষা প্ৰণালীত প্ৰশ্ন সোধাৰ বেছি সুবিধা নাথাকে। চাৰ আইজাক নিউটনে আপেল কিয় তলত পৰিছে, এই প্ৰশ্ন নকৰা হলে মধ্যাকৰ্ষণ শক্তিৰ কথা নাজানিলোহেতেন।”
নিজৰ ভাষণত জিলা আয়ুক্তগৰাকীয়ে আৰু কয়, “বৰ্তমান আমাৰ লক্ষ্য হৈছে কেৱল এটা চাকৰি পোৱা। সেয়ে পাঠ্যপুথিগত কথাখিনি অধ্যয়ন কৰি আমি পৰীক্ষাত অৱতীৰ্ণ হও। অনুসন্ধিৎসু নহয়। বিজ্ঞান মনস্কতা বহু ছাত্ৰ-ছাত্ৰীৰ নাই। ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুয়ে বিজ্ঞান মনস্কতা গঢ়াৰ ওপৰত গুৰুত্ব দিছিল। বৰ্তমান চৰকাৰেও বিজ্ঞান মনস্কতা সৃষ্টিৰ চেষ্টা কৰিছে। আমি সেয়ে অনুসন্ধিৎসু হব লাগিব। প্ৰশ্ন কৰিব লাগিব। নহলে কেৱল ভাটৌৰ দৰে হ’ম আৰু কেৱলমাত্ৰ পাঠ্যক্ৰমত থকাখিনিহে অধ্যয়ন কৰি জীৱনক আগুৱাব লাগিব।”

লগতে জিলা আয়ুক্তগৰাকীয়ে আৰু কয়, “দেশক আগুৱাই নিবলৈ বিজ্ঞানৰ ক্ষেত্ৰখনৰো উন্নতিৰ প্ৰয়োজন। প্ৰগতিৰ পথত আমি সমাজখন আগবঢ়াই লৈ যোৱাত বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আছে। বিজ্ঞানৰ এই পদক্ষেপে আমাৰ সমাজখনক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াব।”
কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে মঙলবাৰে গুৱাহাটীৰ সোণাপুৰত নিৰ্মিত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ বিজ্ঞান কেন্দ্ৰ ‘গুৱাহাটী চাইন্স চিটি’ প্ৰকল্পটোৰ শুভ উদ্বোধন কৰাৰ লগতে কলিয়াবৰৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে।

