গুৱাহাটীঃ বিগত প্ৰায় ৫ বছৰ ধৰি বিৰোধী মিত্ৰজোট গঠনৰে শাসকীয় মিত্ৰজোঁটক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰত্যাহ্বান জনোৱাৰ যি পৰিকল্পনা বিৰোধী দল সমূহে লৈছিল সেই পৰিকল্পনা আজিৰ পৰা ধূলিস্যাৎ হৈ পৰিল। একাৰ্থত কবলৈ গ’লে বিগত পাঁচ বছৰ ধৰি উমনি দি থকা বিৰোধী ঐক্যৰ কণীটোৱে পোৱালি জন্ম দিয়াৰ পৰিবৰ্তে ঘোলা কনীলৈ ৰূপান্তৰিত হ’ল (Raijor Dal Congress Alliance Break)।
উল্লেখযোগ্য যে, বিশিষ্ট সাহিত্যিক হীৰেন গোহাঁইকে প্ৰমুখ্য কৰি ৰাইজৰ কেইবাজনো বিশিষ্ট নাগৰিকৰে গঠিত এখন মঞ্চই বিৰোধী ৰাজনৈতিক দল সমূহ একত্ৰিত হোৱাৰ পোষকতা কৰিছিল। সেই অনুযায়ী ৰাজনৈতিক দল সমূহৰ মাজতো আলাপ-আলোচনা আৰম্ভ হৈছিল। কিন্তু শেহতীয়াকৈ আসন ভাগ বাতোৱাৰাক কেন্দ্ৰ কৰি প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত সংঘাতৰ সৃষ্টি হয়। বিশেষকৈ ধিং বিধানসভা সমষ্টিৰ আসনখনকলৈ দুয়োটা দলৰ মাজত সংঘাতৰ সৃষ্টি হয়। ইয়াৰ মাজতো সময়ে সময়ে মিত্ৰতা হব-নহব অনিশ্চয়তাৰ পৰিবেশৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ মাজতে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত দিয়া এটা পোষ্টে বিৰোধী ঐক্যযে নহব, বিশেষকৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত যে যোটবন্ধন নহব এই কথা প্ৰকটহৈ পৰে।
কি লিখিলৈ গৌৰৱ গগৈয়ে
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত উল্লেখ কৰে, “অসমৰ ৰাইজে বিচৰাৰ দৰেই আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত বিৰোধী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছিলো। কিন্তু অতি দুৰ্ভাগ্যজনকভাবে বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণেৰে এক সুবিধাজনক আৰু আশাপদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই।”
তেওঁ লগতে উল্লেখ কৰে, “নিৰ্বাচনী মিত্ৰতাৰ প্ৰথম লক্ষ্যই হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা। এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখিও আমি বহল দৃষ্টিভংগীৰে আসন এৰা-ধৰাৰ মাজেৰেই বিষয়টো আগুৱাই লৈ গৈছিলো। কিন্তু বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই। সেয়েহে সম্প্ৰতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছো। পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম।”
ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰতিক্ৰিয়া
প্ৰদেশ কংগ্ৰেছৰ সভাপতি অখিল গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। তেওঁ উল্লেখ কৰে, “আমি ৰাইজৰ দলে হাৰিবৰ বাবে আসন লব লাগে নেকি? গৌৰৱ গগৈৰ যোটবন্ধন এইয়াই নেকি যে তেওঁলোকৰ বন্ধু দলবোৰ হাৰিব লাগে আৰু কংগ্ৰেছক জিকিবৰ বাবে আসন এৰি দিম।” ৰাইজৰ দলৰ সভাপতিজনে লগতে কয়, ” গৌৰৱ গগৈয়ে নিজকে আমেৰিকা বুলি ভাবি মোক যদি ইৰাণ বুলি ভাবিছে তেন্তে ভুল ভাবিছে। আমি এটা স্বাভিমানী আঞ্চলিক জাতীয়তাবাদী ৰাজনৈতিক দল। এনে এটা দলৰ লগত কেনেদৰে কথা পাতিব লাগে গৌৰৱ গগৈয়ে বুজি পোৱা দৰকাৰ। তেওঁ ৰজাৰ দৰে কথা কোৱাটো বন্ধ কৰা দৰকাৰ। তেওঁ বন্ধুৰ কথা ক’বলৈ আৰম্ভ কৰা দৰকাৰ। তেওঁ নিজৰ দলৰ ভিতৰত কি দাদাগিৰি কৰি থাকে কৰি থাকক। কিন্তু আমাৰ দলৰ লগত তেনেদৰে কথা কলে আমি নামানো।”
অখিল গগৈয়ে উল্লেখ কৰে, “মিত্ৰতাৰ আলোচনা চলি থকাৰ মাজতে গৌৰৱ গগৈয়ে ৪২ খন আসনত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা কৰিলে। আলোচনা চলি থাকোতেই আমাৰ দলে বিচৰা পাঁচখন আসনতো তেওঁলোকে প্ৰাৰ্থিত্ব দিলে। মাৰ্ঘেৰিটা, ধেমাজি, ডিমৌ, বৰচলা, দিছপুৰ তেওঁলোকে ঘোষণা কৰে। যি কেইখন আসন সম্পৰ্কত আলোচনা চলি আছিল। সেই সময়তে মিত্ৰতা ভংগ হৈছিল। এতিয়া ৰাইজে দাবী জনোৱাত গৌৰৱ গগৈয়ে সহানুভূতি লাভৰ বাবে নতুন নাটক ৰচনা কৰিবলৈ লৈছে। যদি আলোচনা চলি আছিল তেন্তে মিত্ৰতা কি কাৰণে ভাগিল গৌৰৱ গগৈয়ে কওক।”
অখিল গগৈয়ে কয়, কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছে। ৰজা আৰু প্ৰজাৰ মাজত মিত্ৰতা অসম্ভৱ। এই দম্ভ নাইকিয়া নোহোৱালৈকে মিত্ৰতা অসম্ভৱ।
সদ্য কংগ্ৰেছত যোগদান কৰা জয়ন্ত খাউণ্ডক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে মিত্ৰতা ভংগৰ আশংকা ৰাইজৰ দলৰ
আজি ৰাইজৰ দলে এখন সংবাদমেল অনুষ্ঠিত কৰে। ৰাইজৰ দলৰ দুই সম্পাদক ৰাছেল হুছেইন আৰু আজিজুৰ ৰহমানৰ উপস্থিতিত কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয়, “শেহতীয়াকৈ অগপৰ পৰা কংগ্ৰেছত যোগদান কৰা জয়ন্ত খাউণ্ডক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবেই কংগ্ৰেছে ৰাইজৰ দলৰ লগত মিত্ৰতা ভংগ কৰিলে। সকলো সেউজ সংকেতৰ পিছত মিত্ৰতা ভংগ কৰি ৰঙানদী সমষ্টিত ৰাইজৰ দলক প্ৰাৰ্থিত্ব প্ৰদান নকৰি কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লয়। ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিজনে কয়, ৰিপুন বৰা, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ আদিৰ সন্মতি থকাৰ পিছতো মীৰা বৰঠাকুৰ, গৌৰৱ গগৈ আদিয়ে মিত্ৰতা ভংগ কৰিলে।” শইকীয়াই কয়, আমি মিত্ৰতাৰ আলোচনাৰ বিৰতি বিচৰা নাই। আমি মিত্ৰতাৰ আলোচনা তড়িৎ গতিত হোৱা বিচাৰো। পৰিবৰ্তনকামী সকলো জনতাৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি সকলো দল এক হোৱাটো বিচাৰো।
লগতে পঢ়কঃ কংগ্ৰেছৰ তিনি নিলম্বিত বিধায়কৰ বিজেপিত যোগদান

