শৈলেন শইকীয়া

ৰাজনৈতিক জীৱনত যি গৰাকী ব্যক্তিয়ে সাফল্যৰ চূড়াত আৰোহণ কৰিও কোনো দিনে অহংকাৰী হৈ উঠা নাছিল, যি গৰাকী ব্যক্তিয়ে ৰাজভঁৰালৰ ৰখীয়া হৈয়ো লাহ-বিলাহ নিবিচাৰি অতি সাধাৰণ লোকৰ দৰে জীৱন অতিবাহিত কৰিছিল, যি জন ব্যক্তিয়ে সমগ্ৰ জীৱন জাতি-ধৰ্মৰ সংকীর্ণতাৰ ঊৰ্ধত সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ স্বাৰ্থত কাম কৰিছিল সেই গৰাকী বর্ণিল ব্যক্তিত্বৰ সৎ ৰাজনীতিকগৰাকীয়েই হৈছে মহম্মদ ইদ্রিছ (Mohammad Idris)। স্বাধীনতাৰ পিছত ১৯৫২ চনত অনুষ্টিত হোৱা প্ৰথম নিৰ্বাচনতে নগাঁৱৰ ৰূহীহাট বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা মহম্মদ ইদ্ৰিছ কেৱল নগাঁৱৰে নহয় সমগ্ৰ অসমৰে এগৰাকী আদর্শৱান নেতা আছিল। সাধাৰণ লোকৰ মাজত অৰ্জন কৰা জনপ্ৰিয়তাৰে তেওঁ নগাঁৱৰ পিছপৰা দুটা সমষ্টিৰ পৰা ছবাৰ অসম বিধানসভালৈ নির্বাচিত হৈছিল। ৰাজনৈতিক দক্ষতাৰে তেওঁ অসমৰ চাৰিখন চৰকাৰত কেবিনেট মন্ত্ৰীৰ স্থান লাভ কৰাৰ লগতে অসম প্রদেশ কংগ্ৰেছৰ সভাপতিৰ আসনো দখল কৰিছিল। আজীৱন সততাক সহচৰ কৰি লোৱা এই গৰাকী ৰাজনীতিকে মন্ত্ৰী-বিধায়ক হৈ থকা কালতো অভাৱৰ মাজতে দিন অতিবাহিত কৰিছিল।
১৯২০ চনত নগাঁও জিলাৰ ছাইদৰীয়া মৌজাৰ উত্তৰ খাটোৱাল গাঁৱত মহম্মদ ইদ্রিছে জন্ম গ্রহণ কৰে। পিতৃ হাজী আমিৰ উদ্দিন। বগৰিগুৰি জুনিয়ৰ মাদ্ৰাছাত প্রাথমিক শিক্ষাৰ পাতনি মেলি তেওঁ ১৯৪০ চনত নগাঁৱৰ চৰকাৰী হাইস্কুলৰপৰা মেট্ৰিক পাছ কৰে। কলিকতাৰ বঙ্গবাসী কলেজৰপৰা আই এছ চি পাছ কৰাৰ পিছত তেওঁ কটন মহাবিদ্যালয়ৰপৰা বি এ পাছ কৰে। ১৯৪৬ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অর্থনীতি শাস্ত্রত প্রথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি এম এ আৰু প্ৰথম শ্ৰেণীত আইনৰ স্নাতক ডিগ্রী লাভ কৰে। ঘৰলৈ উভতি আহি নগাঁৱৰ আলিটাঙনি অসমীয়া মাধ্যমৰ ওচমানীয়া হাইস্কুলত কিছুদিন শিক্ষকতা কৰাৰ পিছত ১৯৪৮ চনত নগাঁও উকীল সন্থাৰ সদস্য হিচাপে যোগদান কৰে। কলিকতাত পঢ়ি থকা অৱস্থাতে তেওঁ দেশৰ স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰে যদিও ১৯৪৯ চনতহে মহম্মদ ইদ্রিছে আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। পিছত নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্বও গ্রহণ কৰে।
১৯৫২ চনত মহম্মদ ইদ্রিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰে ৰূপহীহাট সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি বিপুল ভোটত অসম বিধানসভালৈ নির্বাচিত হয়। ১৯৫৭ চনৰ নিৰ্বাচনত ৰূপহীহাট সমষ্টিৰপৰা বিনাপ্রতিদ্বন্দ্বিতাৰে তেওঁ পুনৰ বিধায়ক নির্বাচিত হয়। ১৯৬২ চনতো ধিং সমষ্টিৰপৰা তেওঁ অসম বিধানসভালৈ নির্বাচিত হয়। ১৯৬৭ চনৰ নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰে। ১৯৭২, ১৯৭৮ আৰু ১৯৮৩ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত একেৰাহে তিনিবাৰ ৰূপহীহাট সমষ্টিৰপৰা তেওঁ বিধায়ক নির্বাচিত হয়। ১৯৮৫ চনত ৰাজ্যজুৰি সৃষ্টি হোৱা নৱগঠিত অসম গণ পৰিষদ আৰু সংযুক্ত সংখ্যালঘু মৰ্চাৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ ঢৌত বিধান সভাৰ মধ্যকালীন নির্বাচনত তেওঁ ৰূপহীহাটত পৰাজিত হয়।
বিধায়ক হৈ থকা কালত মহম্মদ ইদ্রিছে ১৯৭২ চনত গঠিত মুখ্যমন্ত্ৰী শৰৎ চন্দ্র সিংহ নেতৃত্বাধীন মন্ত্রীসভাত স্থান লাভ কৰি প্ৰথমে উদ্যোগ, খনিজ, আবকাৰী আদি দপ্তৰ আৰু পিছত গড়কাপ্তানী, বিত্ত আৰু শক্তিৰ দৰে অতি গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰে। ১৯৮০ চনত মুখ্যমন্ত্রী আনোৱাৰা টাইমূৰ মন্ত্রীসভাত তেওঁ ৰাজহ, সমবায় আদি দপ্তৰ মন্ত্ৰীৰূপে স্থান লাভ কৰে। ১৯৮২ চনত মুখ্যমন্ত্রী কেশৱ গগৈৰ নেতৃত্বাধীন মন্ত্রী সভাত মহম্মদ ইদ্রিছে বিত্ত, পৰিকল্পনা, উন্নয়ন, পশুপালন আদি দপ্তৰৰ মন্ত্ৰী ৰূপে স্থান লাভ কৰে। ১৯৮৩ চনত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ মন্ত্রীসভাত তেওঁ বিত্ত, পৰিকল্পনা, খনিজ, উন্নয়ন আদি দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰে।
দক্ষ সংগঠক, সমাজ প্রাণ মহম্মদ ইদ্রিছে ১৯৬২ চনত দেৰগাঁৱৰ বৰুৱা বামুণ গাঁও চেনিকলৰ পৰিচালনা সমিতিৰ সভাপতি, ১৯৬৩ চনত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি, ১৯৬৭-৬৮ চনত নগাঁও মহকুমা পৰিষদৰ সভাপতি, ১৯৭১ চনত ভাৰতীয় মৰাপাট নিগমৰ সভাপতি, ১৯৭২ চনত অসম প্রদেশ কংগ্ৰেছৰ সভাপতি আৰু ১৯৮২-৮৩ চনত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সভাপতি ৰূপেও কার্যনিৱাহ কৰিছিল। ১৯৬৫-৬৬ চনত ফকৰুদ্দিন আলী আহমেদ, মইনুল হক চৌধুৰী, মৌলানা আহমদ আলীৰ দৰে নেতাৰ লগত মহম্মদ ইদ্রিছেও পাকিস্তানী খেদা আন্দোলনত নিৰপেক্ষ নেতৃত্ব প্রদান কৰিছিল।
নিষ্ঠাৱান, দৰিদ্ৰ জনতাৰ নেতা মহম্মদ ইদ্রিছ আছিল স্থিতপ্রজ্ঞ ব্যক্তি। ৰাজনৈতিক লাভালাভৰ বাবে কাৰোবাক ছলাহী কথাৰে মন জয় কৰাটো তেওঁৰ নীতিৰ পৰিপন্থী আছিল। ৰাজ্যৰ বিত্ত, গড়কাপ্তানীৰ দৰে শক্তিশালী বিভাগৰ মন্ত্ৰীহৈয়ো তেওঁ সমগ্র জীৱন বাস কৰিছিল নগাঁও চহৰৰ খ্ৰীষ্টানপট্টিত থকা নিজৰ খেৰৰ চালিৰ সৰু ঘৰটোত। আনকি মন্ত্ৰী হৈ থকা অৱস্থাত নিজৰ পুত্ৰৰ বিবাহো অৰ্থৰ অভাৱৰ বাবে আড়ম্বৰ পৰিহাৰ কৰিবলগীয়া হৈছিল। সাধাৰণভাৱে জীৱন যাপন কৰা মহম্মদ ইদ্রিছৰ আইনৰ ক্ষেত্ৰতো আছিল গভীৰ জ্ঞান। ৰূপহীহাট সমষ্টিৰ ঘাট-পথ, দলং, শিক্ষানুষ্ঠান আদি বহু উন্নয়নমূলক কাম তেওঁ বিধায়ক হৈ থকা দিনত কৰিছিল। নগাঁও মহাবিদ্যালয়, ৰূপহী মহাবিদ্যালয়, এডিপি মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ নিৰ্মাণ আৰু পৰিচালনাৰ লগতে তেওঁ ঘনিষ্ঠভাবে জড়িত আছিল। তেওঁ জমিয়ত উলেমা ই হিন্দৰ লগতো জড়িত হৈ এই সংগঠনটোৰ ৰাজ্যিক উপ-সভাপতি আৰু নিখিল ভাৰত জমিয়ত উলেমাৰ কার্যনির্বাহক সদস্য আছিল। ১৯৮৯ চনৰ ৮ ফেব্ৰুৱাৰীত জনপ্ৰিয় ৰাজনীতিক মহম্মদ ইদ্রিছৰ পৰলোক প্ৰাপ্তি ঘটে।
লগতে পঢ়কঃ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে মনোনয়ন দাখিল

