Assam Education Transfer order issued by state education departmentৰাজ্যৰ শিক্ষা বিভাগত ব্যাপক সালসলনি; বহু কেইজন শিক্ষা বিষয়াক বদলি

গুৱাহাটী: ৰাজ্যৰ শিক্ষা বিভাগত ব্যাপক সালসলনি হৈছে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিব নাৰায়ণ কোঁৱৰে স্বাক্ষৰ কৰা মেম’ নং ই-৩৬৩৯১১/৩০-এল নিৰ্দেশনামাৰ জৰিয়তে এই বিষয়ে উল্লেখ কৰিছে। নিৰ্দেশনামাখনত উল্লেখ থকা মতে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ উপ সঞ্চালক টিটু গগৈক উচ্চ শিক্ষা সঞ্চালকালয়ৰ উপ সঞ্চালক পদলৈ বদলি কৰা হৈছে। – Assam Education Transfer

চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বিজয় বৈষ্ণৱক ধুবুৰীৰ জিলা প্ৰাথমিক বিষয়া হিচাপে বদলি কৰা হৈছে। ধেমাজি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাক ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া পদলৈ বদলি কৰা হৈছে।

কামৰূপ (মেট্ৰ) জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া দিপীকা চৌধুৰীক মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ উপ সঞ্চালক পদলৈ বদলি কৰা হৈছে। দৰং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল দাসক নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে বদলি কৰা হৈছে।

নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াক দৰং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া পদলৈ বদলি কৰা হৈছে। কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বীৰেন সিং ইংতিক পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া পদলৈ বদলি কৰা হৈছে। শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া প্ৰভাত দাসক প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ উপ সঞ্চালক পদলৈ বদলি কৰা হৈছে।

নলবাৰী জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত দাসক বজালী জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া পদলৈ বদলি কৰা হৈছে। ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া সমীৰণ বৰাক শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া পদলৈ বদলি কৰা হৈছে।

শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈক ধেমাজি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া পদলৈ বদলি কৰা হৈছে।

মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ উপ সঞ্চালক নৰ্মদা চেতিয়াক প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়ৰ বিষয়া হিচাপেও দায়িত্ব দিয়া হৈছে।

লগতে পঢ়ক: ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদবদল


Advertisement