India Assembly Elections 2026 Schedule Announced for Assam, Kerala, Tamil Nadu, West Bengal and Puducherryদেশৰ চাৰি ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন ঘোষণা

নিউজ ডেস্কঃ ভাৰতীয় নিৰ্বাচনী আয়োগে দেওবাৰে দেশৰ ৪ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে, নিৰ্বাচনী আয়ুক্ত এচ এচ সান্ধু, বিবেক যোশীৰ উপস্থিতিত অসম, কেৰালা, তামিলনাডু আৰু পশ্চিম বংগ ৰাজ্যৰ লগতে পুদুচেৰী কেন্দ্ৰশাসিত অঞ্চলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে (India Assembly Elections 2026)।

পশ্চিম বংগত দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচন

পশ্চিম বংগত দুটা ২৯৪টা বিধানসভা সমষ্টিৰ বাবে দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ৩০ মাৰ্চত অধিসূচনা জাৰি হব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৬ এপ্ৰিল। মনোনয়ন পৰীক্ষা হব ৭ এপ্ৰিল। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৯ এপ্ৰিল। ভোটগ্ৰহণ হব ২৩ এপ্ৰিলত।

ইপিনে দ্বিতীয় পৰ্যায়ত ২ এপ্ৰিলত নিৰ্বাচনৰ অধিসূচনা জাৰি হব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ: ৯ এপ্ৰিল। মনোনয়ন পৰীক্ষা: হব ১০ এপ্ৰিল। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৩ এপ্ৰিল। ভোটগ্ৰহণ হব ২৯ এপ্ৰিলত। ভোট গণনা হব ৪ মে’ত । পশ্চিম বংগত মুঠ ৬.৪৪ কোটি ভোটাৰে ভোটদান কৰিব। ইয়াৰে পুৰুষ ভোটাৰ ৩.২৮ কোটি আৰু মহিলা ভোটাৰ ৩.১৬ কোটি।

তামিলনাডুত বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা

তামিলনাডুত ২৩৪টা সমষ্টিৰ বাবে এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনী অধিসূচনা জাৰি হব ৩০ মাৰ্চত। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ: ৬ এপ্ৰিল। মনোনয়ন পৰীক্ষা হব ৭ এপ্ৰিলত। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৯ এপ্ৰিল। ভোটগ্ৰহণ হব ২৩ এপ্ৰিলত আৰু ভোট গণনা হব ৪ মে’। তামিলনাডুত ৫.৫৭ কোটি ভোটাৰে ভোটদান কৰিব। ইয়াৰে পুৰুষ ভোটাৰ ২.৭৭ কোটি আৰু মহিলা ভোটাৰ ২.৮৯ কোটি।

পুদুচেৰীত বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা

কেন্দ্ৰীয় শাসিত অঞ্চল পুদুচেৰীত ৩০টা সমষ্টিৰ বাবে এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই অনুযায়ী নিৰ্বাচনী অধিসূচনা জাৰি হব ১৬ মাৰ্চত। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৩ মাৰ্চ। মনোনয়ন পৰীক্ষা হব ২৪ মাৰ্চত। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ। ভোটগ্ৰহণ হব ৯ এপ্ৰিলত আৰু ভোট গণনা হব ৪ মে’ত। পুদুচেৰীত ৯.৪৪ লাখ ভোটৰে ভোটদান কৰিব। ইয়াৰে পুৰুষ ভোটাৰ ৪.৪৩ লাখ আৰু মহিলা ভোটাৰ ৫ লাখ।

কেৰালাত বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা

কেৰালাত ১৪০টা সমষ্টিৰ বাবে এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনী অধিসূচনা জাৰি হব ১৬ মাৰ্চত। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৩ মাৰ্চ। মনোনয়ন পৰীক্ষা হব ২৪ মাৰ্চ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ। ভোটগ্ৰহণ হব ৯ এপ্ৰিলত আৰু ভোট গণনা হব ৪ মে’ত। কেৰালাত মুঠ ২.৭০ কোটি ভোটাৰে ভোটদান কৰিব। ইয়াৰে পুৰুষ ভোটাৰ ১.৩১ কোটি আৰু মহিলা ভোটাৰ ১.৩৮ কোটি।

অসমত এটা পৰ্যায়ত অনুষ্ঠিত হব নিৰ্বাচন, ভোটদান কৰিব ২.৫০ কোটি ভোটাৰে

অসমত ১২৬ টা বিধানসভা সমষ্টিৰ বাবে এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব নিৰ্বাচন। ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। ১৬ মাৰ্চত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা। মনোনয়নৰ অন্তিম দিন ২৩ মাৰ্চ। মনোনয়নৰ পুননিৰীক্ষণৰ তাৰিখ ২৪ মাৰ্চ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ। ৪ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা। ৬ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব সকলো নিৰ্বাচনী কাম। এইবাৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে মুঠ ৩১,৪৮৬টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰ ভিতৰত গাঁও অঞ্চলত থাকিব ২৭,৭১১টা ভোটকেন্দ্ৰ আৰু নগৰাঞ্চলত থাকিব ৩,৭৭৫টা ভোটকেন্দ্ৰ। অসমত ২.৫০ কোটি ভোটাৰে ভোটদান কৰিব। ইয়াৰে পুৰুষ ভোটাৰ ১.২৫ কোটি আৰু মহিলা ভোটাৰ ১.২৫ কোটি।

ইপিনে সংবাদ মেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে এই চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত ভোটগ্ৰহণ কাৰ্যসূচীৰ বাবে মুঠ ২.১৯ লাখটা ভোটগ্ৰহণ কেন্দ্ৰ (Polling Station) স্থাপন কৰা হ’ব। উল্লেখযোগ্য যে এই চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত সৰ্বমুঠ ১৭.৪ কোটি ভোটাৰে ভোটদান কৰিব। এই ঘোষণাৰ লগে লগে পাঁচখন ৰাজ্যতে আৰম্ভ হ’ল নিৰ্বাচনী প্ৰক্ৰিয়া।

লগতে পঢ়কঃ স্বাধীনতাৰ পূৰ্বেই অসম বিধানসভাৰ উপাধ্যক্ষৰ দায়িত্ব লাভ কৰা আমিৰ উদ্দিনৰ বিষয়ে জানো আহক


Advertisement