গুৱাহাটীঃ মিত্ৰতা হোৱা-নোহোৱাক কেন্দ্ৰ কৰি ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত বিবৃতি আৰু বাক যুদ্ধ চলি থকাৰ মাজতেই শনিবাৰে দুয়োটা দলে তেওঁলোকৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকাত ২৩ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে (Assam Opposition Alliance)।
এই ২৩ টা সমষ্টিৰ ভিতৰত গোলকঞ্জ, বিৰসিং জাৰুৱা, মানকাচাৰ, গোৱালপাৰা পূব, দুধনৈ (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত), সৃজনগ্ৰাম, মন্দিয়া, চমৰিয়া, ৰঙিয়া, ডিমৰীয়া (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত), নিউ গুৱাহাটী, মংগলদৈ, হোজাই, ঢেকিয়াজুলি, ৰঙাপৰা, গহপুৰ, ধেমাজি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত), তিনিচুকীয়া, টিংখং, দেৰগাঁও, ঢলাই, কৰিমগঞ্জ দক্ষিণ।
কংগ্ৰেছে ১৫ টা বিধানসভা সমষ্টি ক্ৰমে ভৱানীপুৰ-সৰভোগ, বজালী, পলাশবাৰী, গুৱাহাটী চেণ্ট্ৰেল, গোৰেশ্বৰ, মৰিগাঁও, বঢ়মপুৰ,বিন্নাকাণ্ডি, বিহালী (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত), শদিয়া, ডিব্ৰুগড়,খোৱাং, সৰুপথাৰ, ডিফু (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত), আৰু আমৰি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) মিত্ৰজোঁটৰ অন্যদলৰ বাবে এৰি দিয়ে।
ইপিনে ৰাইজৰ দলে দ্বিতীয়খন প্ৰাৰ্থী তালিকাত কেৱল দুটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম হে ঘোষণা কৰে। সেই সমষ্টি দুটা হৈছে নাওবৈচা আৰু ধেমাজি।
ইতিপূৰ্বে কংগ্ৰেছে ৪২ টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল। একেদৰে ৰাইজৰ দলেও ১১ টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল। তাৎপৰ্যপূৰ্ণ যে কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ এটা দিনৰ পিছতেই ৰাইজৰ দলে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল। একেদৰে কংগ্ৰেছ দলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ দিনাই ৰাইজৰ দলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে।
১৩ মাৰ্চৰ দিনা ৰাইজৰ দলে এক প্ৰেছ বিজ্ঞপ্তিত কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাৰ আলোচনা প্ৰক্ৰিয়া অন্ত পৰাৰ কথা ঘোষণা কৰে। বিজ্ঞপ্তিটোত কংগ্ৰেছে ৰাইজৰ দলক ধিঙৰ লগতে ৰঙানদী, দলগাঁও সমষ্টি পোনপটীয়াকৈ এৰি নিদিয়াৰ পৰিপ্ৰেক্ষিততে এই মিত্ৰতা নোহোৱাৰ কথা উল্লেখ কৰে। বিজ্ঞপ্তিটোত ১৩ মাৰ্চৰ কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কীয় উচ্চস্তৰীয় বৈঠকত ৰঙানদী আৰু দলগাঁও ৰাইজৰ দলক এৰি নিদিয়াৰ সিদ্ধান্ত লোৱা বুলিও অভিযোগ কৰে।
কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে ৰাইজৰ দলে অনা এই অভিযোগৰ বিপৰীতে দ্বিতীয়খন তালিকাত কংগ্ৰেছে কিন্তু এই সমষ্টি দুটা উল্লেখ নকৰিলে। একেদৰে নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিকলৈ ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ মাজত টনা আজোৰা চলি আছে। ইতিমধ্যে ৰাইজৰ দলে প্ৰথমখন প্ৰাৰ্থী তালিকাত ধিং সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কিন্তু তাৎপৰ্যপূৰ্ণ যে কংগ্ৰেছ দলৰ দুইখন প্ৰাৰ্থী তালিকাতে ধিং সমষ্টিৰ নাম উল্লেখ নাই। বিশেষ সূত্ৰে জানিব পৰা মতে শেষ পৰ্যায়ত ধিং সমষ্টিটো কংগ্ৰেছ দলে ৰাইজৰ দলক এৰি দিব।
একেদৰে ৰাইজৰ দলৰ বাবে দুটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে মৰিয়নি আৰু নাওবৈচা। মৰিয়নি সমষ্টিৰ পৰা ডঃ জ্ঞানশ্ৰী বৰাই ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। জ্ঞানশ্ৰী বৰাই সহকাৰী অধ্যাপিকাৰ পদ ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে আৰু মৰিয়নি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। এই সমষ্টিটোও কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকাত নাই। নাওবৈচা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে হৰিকান্ত দাসে। এই সমষ্টিটোও কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত নাই।
আনপিনেদি ৰাইজৰ দলে প্ৰথমখন প্ৰাৰ্থী তালিকাত ঘোষণা কৰা দুটা সমষ্টি হৈছে তেজপুৰ আৰু জালুকবাৰী। জালুকবাৰী সমষ্টিৰ পৰা ৰমেন চন্দ্ৰ বৰঠাকুৰে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰমেন চন্দ্ৰ বৰঠাকুৰে দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে নিৰ্বাচনী কুচকাৱাজ চলাই আছিল। কিন্তু দিছপুৰ সমষ্টিৰ পৰা কংগ্ৰেছে দলটোৰ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীক প্ৰাৰ্থিত্ব দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলে ৰমেন চন্দ্ৰ বৰঠাকুৰক দিছপুৰ সমষ্টিৰ পৰিবৰ্তে জালুকবাৰী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে। একেদৰে ৰাইজৰ দলৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী অলক নাথে বৰচলা সমষ্টি নিৰ্বাচনী তৎপৰতা চলাইছিল। তেওঁক কিন্তু দলটোৱে তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়ে। কিয়নো বৰচলা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জ্যেষ্ঠ নেতা ৰিপুন বৰাই প্ৰতিদ্বন্দিতা কৰিব।
সামগ্ৰীক ভাৱে দলদুটাৰ তালিকা দুখনৰ এই দিশবোৰ চাই দলদুটাৰ মাজত গোপন বুজাবুজি থকাটো স্পষ্ট হয়। শাসকীয় পক্ষই যাতে কোনো কৌশল অৱলম্বন কৰিব নোৱাৰে বা প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলে যাতে বিদ্ৰোহ কৰিব নোৱাৰে সেই দিশটো লক্ষ্য ৰাখি বাহিৰত দুয়োটা দলে মিত্ৰতা নোহোৱাৰ এখন নাটক কৰি থকা বুলিও চৰ্চিত হৈছে। আনপিনেদি বিৰোধী ঐক্যৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰা বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই, পৰেশ মালাকাৰ, অজিত ভূঞা আদিয়েও দুয়োটা দলৰ মাজত মিত্ৰতা নোহোৱাৰ বিষটোকলৈ সৰৱ হোৱা দেখা নাই। সেয়ে দুয়োটা দলৰ মাজত হয়তো বুজাবুজি হৈছে। দুই-চাৰিদিনৰ ভিতৰতে বিষয়ো স্পষ্ট হব।
গৌৰৱ গগৈ জয়ী হোৱাটো বিচাৰে অখিল গগৈয়ে
কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক কেন্দ্ৰ কৰি কংগ্ৰেছক আজিও সমালোচনা কৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলৰ বিৰুদ্ধে আমি প্ৰাৰ্থী দিব লাগে। মোৰ এইটো ব্যক্তিগত কথা। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ মই পক্ষপাতী নহয়। কিয়নো গৌৰৱ গগৈ এজন ভাল সাংসদ। গৌৰৱ গগৈ যদি বিধানসভালৈ আহে বিধানসভাখন ভাল হব। গতিকে যোৰহাটত যাতে গৌৰৱ গগৈ জয়ী হয় তাৰবাবে যোৰহাটত প্ৰাৰ্থী নিদিবলৈ মই দলক অনুৰোধ কৰিম। বাকী বিষয়ত দলে যি সিদ্ধান্ত লয় সেইয়া কাৰ্যকৰী হব।
ৰাইজৰ দলৰ সভাপতি গগৈয়ে লগতে কয়, ” মই আন এক বিষয়টো চেষ্টা কৰিম। দলৰ কি সিদ্ধান্ত নাজানো। কিন্তু মই বিৰোধী পক্ষৰ যাতে অসুবিধা নহয় সেইটো চেষ্টা কৰিম। ৰাইজৰ দল আৰু বিৰোধীৰ সংঘাটৰ ফল স্বৰূপে যাতে বিৰোধী জয়ী হব নোৱাৰে সেইটো চেষ্টা কৰিম। য’ত য’ত তেওঁলোক জয়ী হব পাৰে সেই ঠাইত যাতে আমি অসুবিধাত নেপেলাও সেই চেষ্টা কৰিম সেই সমষ্টি সমূহত প্ৰাৰ্থিত্ব নিদিবলৈ চেষ্টা কৰিম।”
লগতে পঢ়কঃ কংগ্ৰেছ- ৰাইজৰ দলৰ মিত্ৰতা ভংগ হোৱাৰ প্ৰসংগত মন্ত্ৰী পীযূষ হাজৰিকাৰ প্ৰতিক্ৰিয়া

