শদিয়া: জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত এচ আই টি য়ে দাখিল কৰা চাৰ্জশ্বিট প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।বুধবাৰে (১৭ ডিচেম্বৰ)ত শদিয়াৰ ছপাখোৱাত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ ৫ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ভাষন প্ৰদান কৰি গগৈয়ে কয় যে-জুবিন দাৰ মৃত্যুৰ ন্যায় প্ৰদানকলৈ বিজেপিয়ে ৰাজনীতি কৰিছে(BJP political allegation)।
কেইবাহাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিট বুলি মাত্ৰ ১৩ পৃষ্ঠাতে গোটেই অন্যায়,শাস্তি পাবলগীয়া বিষয়বোৰ সীমাবদ্ধ কৰি জুবিনদাৰ প্ৰতি অন্যায় কৰিছে(SIT chargesheet controversy)। এই কথা জনগণক জনাব লাগিব যে জুবিনদাক আনিবৰ বাবে চাৰ্টাৰ্ড ফ্লাইটলৈ মুখ্যমন্ত্ৰীয়ে পূজা কৰিবলৈ গ’ল । জুবিনদাক আনিবৰ বাবে এই চাৰ্টাৰ্ড ফ্লাইট ব্যৱহাৰ হৈছিল নে নিজৰ ব্যক্তিগত কামৰ বাবে ব্যৱহাৰ হৈছিল । মৃত্যুৰ সময়ত জুবিন দাৰ লগত থকা কোনো মানুহক কৰায়ত্ব নকৰিলে(Zubin Garg death case)।
চিংগাপুৰত থকা সকলৰ লগত তেওঁলোকৰ কোনো ব্যৱসায়ীক সম্পৰ্ক আছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰি লুৰিণজ্যোতি গগৈয়ে কয় , “ক’লা ধন বগা কৰা মেচিনত চাবি পকোৱা কোনো লোক চিংগাপুৰত আছে নেকি ? বিজেপিয়ে অন্যায় ৰাজ চলাইছে বুলি মন্তব্য কৰি কয় যে-মোৰ মাটি , মাটিত থকা সম্পদ মোৰ ককা , আজোককাৰ । সেইয়া মুখ্যমন্ত্ৰী পৰিয়ালৰ ব্যক্তিগত সম্পত্তি নহয় । আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলেও , ভয় খুৱালেও আমি যুজি যাম। আমি জাতীয়তাবাদৰ চেতনা প্ৰতিষ্ঠা কৰিম । আমাক দাস-গোলাম কৰিব বিচৰা সকলৰ ধাৰণাক নস্যাৎ কৰিম । তেওঁলোকক আমি কব লাগিব তোমালোকে অৰুণোদয়,পি এম ৱাই আদি আঁচনি দিছা । সেইয়া মুখ্যমন্ত্ৰীক পিতৃ-মাতৃয়ে দিয়া ধন নহয় । সেইয়া অসমৰ জনগণৰ ধন । আমাৰ কৰ কাটলৰ ধন । আমি তেজ পানী কৰি ঘটা ধনৰে দিয়া কৰ কাটলৰ পৰা আমাক আঁচনি দিছে ।
অসম জাতীয় পৰিষদৰ সভাপতি গগৈয়ে মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰা ‘অচিনাকি মানুহ’ৰ প্ৰসংগত তেওঁকে কৌশলপূৰ্ণভাবে সমালোচনা কৰি কয় যে – মুখ্যমন্ত্ৰীয়ে ২০২৪ চনৰ ৩০ ডিচেম্বৰলৈকে অসমক অচিনাকি মানুহৰ বোজা দিব বিচাৰিছে (Assam Jatiya Parishad)। যদি প্ৰতিটো সমষ্টিত নতুনকৈ অহা ২০-২৫ হাজাৰ মানুহ আহে তেওঁলোকে আইন বনাব। আমাৰ মাটি-ভেটি , চাকৰি তেওঁলোকৰ হাতলৈ যাব। তেওঁলোকে বিধায়ক নিৰ্বাচিত কৰিব। তেওঁলোক সৰ্বেসৰ্বা হব।
অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক বিজেপিক উৎখাৎ কৰিব লাগিব বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে-আমি এনে এটা দলৰ লগত যুজিব বিচাৰিছো যিটো দলৰ অফুৰন্ত টকা আছে । যিটো দলে সংবিধান নামানে । মনুসংহিতা মানে। সাম্প্ৰদায়িকৰ ৰাজনীতি কৰে। কিন্তু আমি সাম্প্ৰদায়িক চিন্তাৰ বৰ্ণবাদী চিন্তাক ওফৰাই দিব লাগিব । সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা সকলক প্ৰতিহত কৰিব লাগিব।
সভাখনত অসম জাতীয় পৰিষদৰ কাৰ্য্যকৰী সভাপতি ৰাজেন গোহাঁই, সাধাৰন সম্পাদক জগদীশ ভূঞাও উপস্থিত থাকি ভাষন প্ৰদান কৰে।
লগতে পঢ়ক: এছ আই টিৰ চাৰ্জশ্বিট সম্পৰ্কত বিধায়ক অখিল গগৈৰ বিস্ফোৰণ

