Afazuddin Ahmed Juria MLA 1946: A Pioneer Political Figure from Assam১৯৪৬ চনতে বিধায়ক নিৰ্বাচিত হোৱা জুৰীয়াৰ আফাজুদ্দিন আহমেদ

শৈলেন শইকীয়া

পূৱ নগাঁও সমষ্টিৰপৰা ১৯৪৬ চনৰ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি নগাঁও জিলাৰ জুৰীয়াৰ মৌলবী আফাজুদ্দিন আহমেদ বিধায়ক নির্বাচিত হৈছিল (Afazuddin Ahmed Juria MLA 1946)। ১৯০১ চনত জুৰীয়াৰ চামধৰা এৰাবাৰীত তেওঁৰ জন্ম হয়। পিতৃ আলহাজ ওচমান আলি সৰকাৰ। আফাজুদ্দিন আহমেদে মেট্ৰিক পাছ কৰাৰ পিছত ডাক বিভাগৰ পোষ্ট মাষ্টৰ হিচাপে জুৰীয়া ডাকঘৰত চাকৰি কৰে। পিছত আসাম বেংগল ৰেল কোম্পানীৰ অধীনত অসমৰ বিভিন্ন স্থানত তেওঁ ঠিকাৰ কাম কৰে।

তাৰ মাজতে আফাজুদ্দিন আহমেদ অসম বিধানসভালৈ নির্বাচিত হয়। বিধায়ক হৈ থকা কালত আফাজুদ্দিন আহমেদে বহু সামাজিক উন্নয়নমূলক কাম-কাজ কৰে। ৰাজনৈতিক জীৱনত প্রথমতে মুচলিম লীগৰ অন্তৰ্ভুক্ত আছিল যদিও পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। পিছৰ নিৰ্বাচনবোৰত ৰাজনৈতিক কূট-কৌশলৰ বাবে তেওঁ দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত হ’লেও কংগ্ৰেছ ত্যাগ কৰা নাছিল। পিছলৈ সক্ৰিয় ৰাজনীতিৰপৰা আঁতৰি আহি তেওঁ সমাজ সেৱাত সম্পূর্ণ ৰূপে মনোনিৱেশ কৰিছিল। ১৯৫২ চনত তেওঁ জুৰীয়া পঞ্চায়তৰ সভাপতি নির্বাচিত হৈছিল। এই ৰাজনীতিকজনৰ ঘৰতে পিতৃ আৰু তেওঁ মিলি কুৰি শতিকাৰ প্ৰথমছোৱাতে স্থাপন কৰিছিল এখন ছোৱালীৰ মোক্তাব বিদ্যালয়।

অনেক শিক্ষানুষ্ঠান স্থাপনত অৰিহণা আছিল এই সমাজকর্মী -ৰাজনীতিকজনৰ। মৌলবী আফাজুদ্দিন আহমেদৰ উদ্যোগত স্থাপন হৈছিল শিঙ্গাৰী ছিনিয়ৰ মাদ্ৰাছা, এৰাবাৰী এম ই স্কুল, কালিয়া ডিঙা এম ই স্কুল আদি শিক্ষানুষ্ঠান।

১৯৮০ চনত এই সমাজকর্মী-ৰাজনীতিকজনৰ দেহাবসান ঘটে।

লগতে পঢ়কঃ স্বাধীনতাৰ পূৰ্বেই তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত নগাঁৱৰ পূর্ণচন্দ্ৰ শৰ্মাৰ বিষয়ে জানো আহক


Advertisement