তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ জাগুনৰ ১০ মাইলস্থিত অসম আৰক্ষীৰ কমাণ্ডো শিবিৰত দেওবাৰে (২২ মাৰ্চ, ২০২৬) পুৱা সন্দেহযুক্ত আলফা (স্বাধীন) সদস্যৰ আক্ৰমণত অসম আৰক্ষীৰ চাৰিজন কমাণ্ডো গুৰুতৰভাৱে আহত হয় (ULFA Attack Assam)।
জানিব পৰা মতে আক্ৰমণকাৰীসকলে পুৱতি নিশা জাগুনত থকা কমাণ্ডো শিবিৰলৈ লক্ষ্য কৰি ৰকেট চালিত গ্ৰেনেড নিক্ষেপ কৰে। এই স্থান অৰুণাচল প্ৰদেশৰ সীমান্তৰ ওচৰত অৱস্থিত।
আৰক্ষী কমাণ্ডোসকলেও প্ৰত্যুত্তৰ দিয়ে। প্ৰায় ৩০ মিনিট ধৰি দুয়োপক্ষৰ মাজত গুলীয়াগুলী হোৱাৰ পিছত আক্ৰমণকাৰীসকল পলাই যায়। ঘটনাত আঘাতপ্ৰাপ্ত আৰক্ষী কমাণ্ডো কেইজন হৈছে চিত্তৰঞ্জন মিলি, দেৱাশীষ বৰা, ৰবি গড়, আৰু জিম্বাক মাৰাক। ইয়াৰে চিত্তৰঞ্জন মিলি আৰু দেৱাশীষ বৰাৰ ঘৰ যোৰহাটত। ৰবি গড়ৰ ঘৰ চাবুৱাত আৰু জিম্বাক মাৰাকৰ ঘৰ গোৱালপাৰাত।
আহত চাৰিজনৰ ভিতৰত তিনিজনে গুৰুতৰভাবে আঘাত পাইছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকক ততালিকে এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।
“আক্ৰমণকাৰীসকলক বিচাৰি উলিয়াবলৈ আৰক্ষীয়ে সেনা বাহিনীৰ সৈতে যৌথ অভিযান আৰম্ভ কৰিছে । শেহতীয়াকৈ আলফা (স্বাধীন)-এ এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। ‘অপাৰেচন বুজনি’ নামৰে এই অভিযান চলোৱা বুলি দায়িত্ব স্বীকাৰ কৰিছে। আলফা(স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ সম্পাদক মেজৰ নিৰ্ণয় অসমৰ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত এই দায়িত্ব স্বীকাৰ কৰিছে।
মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে কয় যে আৰক্ষী আৰু সামৰিক বাহিনীয়ে অভিযান চলাইছে। গতিকে যিয়ে এই আক্ৰমণ সংঘটিত কৰিছে সেই সকলক আৰক্ষীয়ে কৰায়ত্ত কৰিব।
লগতে পঢ়কঃ নীল অভিক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল!

