Epstein Files Set to Be Released in 2 Days: Trump Named, Global Political and Business Circles on EdgeEpstein Files: ট্ৰাম্প, ক্লিন্টন, গেটছৰ নাম জড়িত হোৱাত বিশ্বৰ ৰাজনীতি তথা ব্যৱসায় জগতত তীব্ৰ কঁপনি

ইণ্টাৰনেশ্যনেল ডেস্ক: বহু বিতৰ্কিত Epstein Files প্ৰকাশ পাবলৈ মাজত মাথো দুটা দিন বাকী থকাৰ সময়তে আমেৰিকাসহ সমগ্ৰ বিশ্বৰ ৰাজনৈতিক আৰু কৰ্পোৰেট জগতত তীব্ৰ আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে । ট্ৰাম্প প্ৰশাসনে ১৯ ডিচেম্বৰত কুখ্যাত যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ সৈতে জড়িত দশকজুৰা গোপন চৰকাৰী নথি-পত্ৰ ৰাজহুৱা কৰিব পাৰে বুলি ইতিমধ্যে প্ৰকাশ পাইছে।

এই ফাইলসমূহত এপষ্টেইনৰ সৈতে জড়িত সকলো ই-মেইল, ফটো, ভিডিঅ’, ভ্ৰমণ ৰেকৰ্ড আৰু আইনী নথি-পত্ৰ অন্তৰ্ভুক্ত থাকিব বুলি জানিব পৰা গৈছে। উদ্দেশ্য হৈছে এপষ্টেইনৰ সম্পূৰ্ণ নেটৱৰ্ক আৰু তাৰ আঁৰত থকা সত্য উন্মোচন কৰা (Jeffrey Epstein)।

ট্ৰাম্পৰ নাম চৰ্চালৈ অহাত বিশ্বজুৰি প্ৰতিক্ৰিয়া

ইতিমধ্যে ১২ ডিচেম্বৰত এপষ্টেইনৰ সম্পত্তিৰ মাজৰ পৰা মুকলি কৰা ১৯ খন ফটোয়ে বিশ্বজুৰি এক হুলস্থুলৰ সৃষ্টি কৰিছে। এই ফটোসমূহত ডোনাল্ড ট্ৰাম্প, বিল ক্লিন্টন, বিল গেটছ আদিৰ সৈতে এপষ্টেইনক একেলগে দেখা পোৱা গৈছে । যদিও এই ফটোসমূহে কোনো ব্যক্তিক আইনগতভাৱে দোষী সাব্যস্ত নকৰে, তথাপি ই বহু প্ৰশ্ন আৰু বিতৰ্কৰ সৃষ্টি কৰিছে (Donald Trump)।

এপষ্টেইন ফাইলৰ লগত জড়ত তিনিখন ফটো –

এতিয়ালৈ কোন কোন প্ৰখ্যাত ব্যক্তিৰ নাম আহিছে

মুকলি হোৱা ১৯ খন ফটোত ৯ গৰাকী বিশ্ববিখ্যাত ব্যক্তিৰ নাম চৰ্চালৈ আহিছে—

  • ডোনাল্ড ট্ৰাম্প (আমেৰিকাৰ ৰাষ্ট্ৰপতি)
  • বিল ক্লিন্টন (আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি)
  • বিল গেটছ (উদ্যোগপতি)
  • প্ৰিন্স এণ্ড্ৰু (ব্ৰিটিছ ৰাজপৰিয়াল)
  • ষ্টিভ বেনন
  • লেৰী ছামাৰ্ছ
  • উডি এলেন
  • ৰিচাৰ্ড ব্ৰেনছন
  • এলান ডাৰ্শোভিট্জ

এই সকলৰ নাম Epstein Files-ৰ সৈতে জড়িত হোৱাত এতিয়া বিশ্ব ৰাজনীতি আৰু ব্যৱসায় জগত কঁপি উঠিছে (Sex Trafficking Case)।

কোনো ভাৰতীয়ৰো নাম থাকিব নেকি?

এতিয়ালৈকে কোনো ভাৰতীয় নাগৰিক, নেতা বা উদ্যোগপতিৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা নাই। অৱশ্যে জ্যেষ্ঠ বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে দাবী কৰিছে যে এই ফাইলত ভাৰতৰ একাংশ মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ সাংসদৰ নামো উন্মোচিত হ’ব পাৰে । যদিও আমেৰিকাৰ জাষ্টিচ ডিপাৰ্টমেণ্টে (US Justice Department) এই সন্দৰ্ভত কোনো নিশ্চিত ইংগিত দিয়া নাই, তথাপি বিশ্ববাসীৰ দৃষ্টি বৰ্তমান এই ফাইলসমূহৰ ওপৰত নিবদ্ধ হৈ আছে ।

আইনসভাত বিল গৃহিত, ট্ৰাম্পৰ হাতত নাই কোনো বিকল্প

যোৱা মাহত আমেৰিকাৰ কংগ্ৰেছৰ দুয়োখন সদনে এপষ্টেইন ফাইলছ ৰাজহুৱা কৰাৰ বিলখন বিপুল সংখ্যাগৰিষ্ঠতাৰে গৃহিত কৰে। হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত ৪২৭-১ ভোটত আৰু চেনেটত বিনা আপত্তিৰে বিলখন গৃহিত
কৰা হয় । এনে অৱস্থাত ট্ৰাম্পে ভেটো দিলেও কংগ্ৰেছে দুই-তৃতীয়াংশ ভোটেৰে সেই ভেটো অগ্ৰাহ্য কৰিব পাৰিলেহেঁতেন। সেয়েহে ১৯ নৱেম্বৰত ট্ৰাম্পে বাধ্য হৈ বিলখনত স্বাক্ষৰ কৰে।

এপষ্টেইন কাণ্ডৰ আৰম্ভণি

২০০৫ চনত ফ্ল’ৰিডাত এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ মাতৃয়ে আৰক্ষীক অভিযোগ দাখিল কৰাৰ পাছতেই এই ভয়ংকৰ কাণ্ডৰ তথ্য পোহৰলৈ আহে। আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহে যে এপষ্টেইনে নাবালিকা ছোৱালীক ‘মাছাজ’ৰ নামত লৈ গৈ যৌন শোষণ কৰিছিল। লাহে লাহে প্ৰায় ৫০ গৰাকী নাবালিকা এই নেটৱৰ্কৰ বলি হোৱা বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পায়(Sex Trafficking Case)।

কাৰাগাৰত এপষ্টেইনৰ ৰহস্যময় মৃত্যু

২০১৯ চনৰ ৬ জুলাইত নিউয়ৰ্কত এপষ্টেইনক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। কিন্তু ১০ আগষ্টত হাই-চিকিউৰিটিৰে আবৰি থকা কাৰাগাৰৰ ভিতৰতেই তেওঁ মৃত অৱস্থাত উদ্ধাৰ হয়। চৰকাৰীভাৱে ইয়াক আত্মহত্যা বুলি উল্লেখ কৰিলেও ভঙা হাড়, কেমেৰা অচল হৈ পৰা আৰু ফুটেজবোৰ নোহোৱা হোৱাত সকলোৰে মাজত সন্দেহৰ সৃষ্টি হয়।

অপেক্ষা ১৯ ডিচেম্বৰলৈ…

Epstein Files মুকলি হোৱাৰ পাছত বিশ্বৰ বহু ৰাজনৈতিক তথা উদ্যোগপতিৰ গোপন অধ্যায়সমূহ উন্মোচিত হ’ব বুলি ধাৰণা কৰা হৈছে। এই ফাইলে কেৱল আমেৰিকাই নহয়, সমগ্ৰ বিশ্বৰ প্ৰভাৱশালী ব্যক্তিসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে। ইয়াৰ মাজত কোনো প্ৰভাৱশালী ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হ’ব নেকি—এই প্ৰশ্নৰ উত্তৰৰ বাবে এতিয়া সকলোৰে দৃষ্টি ১৯ ডিচেম্বৰৰ এই বিশেষ দিনটোলৈ।


Advertisement