Motiram Bora Assam Leader: The Architect of Modern Nagaonস্বাধীনতাৰ পূৰ্বৰ পৰাই কেইবাবাৰো বিধায়ক হিচাপে নিৰ্বাচিত মতিৰাম বৰাৰ বিষয়ে জানো আহক

শৈলেন শইকীয়া

কুৰি শতিকাত অবিভক্ত নগাঁও জিলাৰ সামগ্রিক উন্নয়নৰ ক্ষেত্ৰত যি কেইগৰাকী বিশেষ ব্যক্তিয়ে গুৰি ধৰিছিল সেইসকলৰ ভিতৰত অগ্রণী আছিল মতিৰাম বৰা (Motiram Bora Assam Leader)। দেশৰ স্বাধীনতা সংগ্ৰামী, দক্ষ ৰাজনীতিক, সমাজকর্মী, আইনবিদ মতিৰাম বৰা অসমৰ এগৰাকী আগশাৰীৰ ৰাজনীতিবিদ আছিল। নগাঁও জিলাৰ সৰ্বতো দিশৰ বিকাশৰ অর্থে কৰা জনকল্যাণমূলক কামৰ বাবে মতিৰাম বৰাক আধুনিক নগাঁও নির্মাতা আখ্যা দিয়া হয়।

মৰিগাঁৱৰ বৰঙাবাৰী গাঁৱত ১৮৯৭ চনত তেওঁৰ জন্ম হয়। পিতৃ বদুৰাম বৰা। বৰঙাবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি ১৯১৭ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা তেওঁ প্রথম বিভাগত মেট্ৰিক পাছ কৰে। ১৯২১ চনত তেওঁ কটন মহাবিদ্যালয়ৰপৰা বি এ পাছ কৰি প্ৰতিযোগিতামূলক বৃত্তি লাভ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। কলিকতা বিশ্ববিদ্যালয়ৰপৰা তেওঁ ইতিহাসত এম এ আৰু আইনৰ ডিগ্ৰী লৈ ঘৰলৈ উভতি আহে। ১৯২৫ চনৰ পৰা মতিৰাম বৰাই নগাঁও আদালতত ওকালতি আৰম্ভ কৰে। তেতিয়াৰ পৰা তেওঁ দেশৰ স্বাধীনতা সংগ্ৰামত সক্রিয়ভাৱে অংশ গ্রহণ কৰে।

১৯২৬ চনত তেওঁ নগাঁও লোকেল ব’ৰ্ডৰ সদস্য নির্বাচিত হয়। ১৯৫০ চন পর্যন্ত তেওঁ লোকেল ব’ৰ্ডৰ সদস্য হৈ থাকি উপ-সভাপতি আৰু সভাপতিৰ দায়িত্ব লাভ কৰে। ১৯৩০ চনত মহাত্মা গান্ধীৰ আহ্বানত দেশজুৰি হোৱা আইন অমান্য আন্দোলনত অংশ গ্রহণ কৰি তেওঁ কাৰাবৰণ কৰে। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশ গ্রহণ কৰি প্ৰথমে ওঠৰ মাহ, পিছত চাৰিমাহ কাৰাবাস খাটে।

১৯৪৪ চনৰ ২৫ আগষ্টত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু ১৯৪৫ চনৰ ১৮ মে’ত মুক্তি লাভ কৰে।

১৯৪৬ চনত অনুষ্ঠিত অসম বিধানসভাৰ নিৰ্বাচনত মতিৰাম বৰা নগাঁও দক্ষিণ-পূৱ সমষ্টিৰপৰা জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰে বিধায়ক নির্বাচিত হয়। ১৯৫০ চনত মুখ্যমন্ত্রী গোপীনাথ বৰদলৈ নেতৃত্বাধীন মন্ত্রীসভাত তেওঁ কেবিনেট কাৰ্যালয়ৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰে। পিছত শিক্ষা, ৰাজহ আৰু বিত্ত বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ তেওঁ মন্ত্ৰী হয়। কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰে ১৯৫২ চনৰ নিৰ্বাচনত মৰিগাঁও-ধিং সমষ্টি, ১৯৫৭ চনত লাহৰিঘাট সমষ্টিৰপৰা আৰু ১৯৬২ চনত নগাঁও সমষ্টিৰপৰা মতিৰাম বৰা অসম বিধানসভালৈ নির্বাচিত হয়। মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি নেতৃত্বাধীন অসম মন্ত্রীসভাত ৭ বছৰ কাল বিত্ত আৰু ৰাজহ বিভাগৰ দায়িত্বত থাকি নিজৰ ৰাজনৈতিক দক্ষতাৰ পৰিচয় দাঙি ধৰে।

মতিৰাম বৰা এজন নির্ভীক, স্পষ্টবাদী, উদাৰ আৰু উন্নয়নকামী মনৰ ব্যক্তি আছিল। শিক্ষাৰ প্ৰসাৰ, যাতায়াত ব্যৱস্থাৰ উন্নয়ন, স্বাস্থ্য সেৱাক গতিশীল কৰাৰ ওপৰত তেওঁ অধিক গুৰুত্ব দিছিল। ১৯৪৪ চনত কাৰাগাৰৰপৰা ওলাই আহি তেওঁ নগাঁও মহাবিদ্যালয় প্রতিষ্ঠা কৰে। গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপনতো তেওঁ ঘনিষ্ঠভাৱে জড়িত আছিল। তেওঁ শ্ৰীমন্ত শঙ্কৰ মিশ্যন প্ৰতিষ্ঠাৰ লগত জড়িত আছিল। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰবা থানৰ পুনৰ নিৰ্মাণ, পুৰীৰ শঙ্কৰ সমাজ, মধুপুৰ সত্ৰ সমাজ তেওঁৰ প্ৰচেষ্টাতে গঢ় লৈ উঠে। নগাঁও শ্বহীদ ভৱনৰ নিৰ্মাণ, লোকপ্রিয় বৰদলৈ হল, বিভিন্ন অঞ্চলত নামঘৰ আদি নির্মাণত তেওঁ জড়িত আছিল। লোকেল ব’ৰ্ডৰ সদস্য হৈ থকা দিনৰেপৰা জিলাখনৰ বাট-পথ নিৰ্মাণত তেওঁ গুৰুত্ব দিছিল। নগাঁৱত ওকালতি আৰম্ভ কৰাৰ পৰা তেওঁ নগাঁও চহৰৰ ফৌজদাৰী পট্টিত নিগাজীকৈ বাস কৰে।

১৯৬২ চনৰ ১১ এপ্ৰিলত মতিৰাম বৰাৰ দেহাৱসান ঘটে।

লগতে পঢ়কঃ ১৯৪৬ চনতে বিধায়ক নিৰ্বাচিত হোৱা জুৰীয়াৰ আফাজুদ্দিন আহমেদৰ বিষয়ে জানো আহক


Advertisement