Binnakandi Constituency Election 2026: High Stakes Battle for 14 Candidates২,৬৮,৪৪৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিন্নাকান্দি সমষ্টিৰ ১৪ গৰাকী প্ৰাৰ্থীৰ, কি হ'ব আজমলৰ ভৱিষ্যত?

হোজাইঃ ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিচিত হোজাই জিলাৰ বিন্নাকান্দি সমষ্টি৷ ২০০৬ চনত এই সমষ্টিৰ পৰাই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা বদৰুদ্দিন আজমলে পৰৱৰ্তী সময়ত ধুবুৰীৰ সাংসদ হৈ দিল্লী যাত্ৰা কৰিছিল৷ এইবাৰ পুনৰ বিধায়ক হোৱাৰ মন মেলিছে গৃহ সমষ্টি বিন্নাকান্দিৰ পৰা৷ এআইইউডিএফ প্ৰমুখ মৌলানা বদৰুদ্দিন আজমলে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে বিন্নাকান্দিৰ পৰা৷ পূৰ্বে সমষ্টিটোৰ নাম আছিল যমুনামুখ সমষ্টি৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত সমষ্টিটোৰ নাম হয় ৬২ নং বিন্নাকান্দি সমষ্টি ৷ সমষ্টিটোত ১৯৫১ চনৰ পৰা একাধিক্ৰমে ১৭ গৰাকী বিধায়কে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে (Binnakandi Constituency Election 2026)৷

পাঁচ বছৰত বিধায়ক জিতু গোস্বামীৰ বৃদ্ধি ৭ কোটি ২০ লাখ টকাৰ সম্পত্তি

https://thenewssource.in/politics/jitu-goswami-asset-growth-assam-mla-property-increase/: ২,৬৮,৪৪৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিন্নাকান্দি সমষ্টিৰ ১৪ গৰাকী প্ৰাৰ্থীৰ, কি হ’ব আজমলৰ ভৱিষ্যত?https://thenewssource.in/special-report/motiram-bora-assam-leader-biography/: ২,৬৮,৪৪৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিন্নাকান্দি সমষ্টিৰ ১৪ গৰাকী প্ৰাৰ্থীৰ, কি হ’ব আজমলৰ ভৱিষ্যত?

১৯৫১ চনত কংগ্ৰেছ দলৰ বিমলাকান্ত বৰা, ১৯৫৭ চনত কংগ্ৰেছৰ পৰা ৰহিমুদ্দিন আহমেদ, ১৯৬২ চনত কংগ্ৰেছৰ পৰা বেগম আফিয়া, ১৯৬৭ চনত লক্ষ্মীপ্ৰসাদ গোস্বামী, ১৯৭২ চনত কংগ্ৰেছ দলৰ পৰা দেবেন্দ্ৰনাথ বৰা, ১৯৭৮ চনত জনতা দলৰ পৰা মোজাম্মিল আলী চৌধুৰী, ১৯৮৩ চনত কংগ্ৰেছ দলৰ পৰা ফৰমান আলী, ১৯৮৫ চনত ইউএমএফৰ পৰা মৌলানা আব্দুল জলিল ৰাগিবী, ১৯৯১ চনত কংগ্ৰেছ দলৰ পৰা দ্বিতীয় বাৰৰ বাবে মৌলানা আব্দুল জলিল ৰাগিবী নিৰ্বাচিত হয়৷ একেদৰে ১৯৯৬ আৰু ২০০১ চনত সমষ্টিটোৰ পৰা একেৰাহে দুবাৰকৈ অগপ দলৰ পৰা আলহাজ খলিলুৰ ৰহমান চৌধুৰী বিধায়ক নিৰ্বাচিত হৈছিল৷ ২০০৬ চনত সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হয় মৌলানা বদৰুদ্দিন আজমল৷ তেওঁ এআইইউডিএফৰ পৰা বিধায়ক নিৰ্বাচিত হয়৷ বদৰুদ্দিন আজমলে সেই বছৰ দুটা সমষ্টি ক্ৰমে দক্ষিণ শালমাৰা আৰু যমুনামুখ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাত তেওঁ যমুনামুখ আসনখন এৰি দিয়ে৷ অনুষ্ঠিত হয় উপ নিৰ্বাচন৷ ২০০৬ চনত অনুষ্ঠিত উপ নিৰ্বাচনত এআইইউডিএফৰ পৰা বিধায়ক নিৰ্বাচিত হয় মৌলানা বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমল৷ তাৰ পিছৰ পৰা ক্ৰমান্বয়ে ২০১১ চনত ছিৰাজুদ্দিন আজমল, ২০১৪ চনৰ উপ নিৰ্বাচনত আব্দুৰ ৰহিম আজমল, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত আব্দুৰ ৰহিম আজমল পুনৰ বিধায়ক নিৰ্বাচিত হয়৷ ২০২১ চনত সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হয় ছিৰাজুদ্দিন আজমল৷

সমষ্টিটোত এতিয়ালৈকে দুটাকৈ উপ নিৰ্বাচন সহ মুঠ ১৭ বাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়৷ তাৰে মৌলানা আব্দুল জলিল ৰাগিবী, আলহাজ খলিলুৰ ৰহমান চৌধুৰী, ছিৰাজুদ্দিন আজমল, আব্দুৰ ৰহিম আজমল সমষ্টিটোৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে বাকীসকল এবাৰকৈ নিৰ্বাচিত হৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰা সুযোগ পায়৷ এতিয়ালৈকে সমষ্টিটোক মুঠ ১২ গৰাকী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ তাৰে মোজাম্মিল আলী চৌধুৰী (১৯৭৮), ফৰমান আলী (১৯৮৩), মৌলানা আব্দুল জলিল ৰাগিবী (১৯৮৫, ১৯৯১), আলহাজ খলিলুৰ ৰহমান চৌধুৰী (১৯৯৬, ২০০১) যমুনামুখৰ স্থানীয় ভোটাৰ হোৱাৰ বিপৰীতে বাকী আটাইসকল সমষ্টিৰ বাহিৰৰ লোকে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰে৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত হোজাইৰ প্ৰখ্যাত আজমল পৰিয়াল বিন্নাকান্দি সমষ্টিৰ ভোটাৰ হৈ পৰে৷

অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী৷ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, নৱ গঠিত বিন্নাকান্দি সমষ্টিৰ পৰৱৰ্তী প্ৰতিনিধি গৰাকী কোন ? অহা ৯ এপ্ৰিলত এটা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া বিধানসভাৰ বাবে বিন্নাকান্দিৰ পৰা মুঠ ১৪ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ প্ৰাৰ্থীসকল হৈছে ক্ৰমে মৌলানা বদৰুদ্দিন আজমল (এআইইউডিএফ), ৰেজাউল কৰিম চৌধুৰী (অসম জাতীয় পৰিষদ), স্বাহাব উদ্দিন মজুমদাৰ, (অসম গণ পৰিষদ), বিন্নাকান্দি বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীসকল হৈছে ক্ৰমে– বুৰহান উদ্দিন, আখতাৰ উদ্দিন লস্কৰ, ফৰিজ উদ্দিন, ইমদাদুৰ ৰহমান, মোহাম্মদ কবিৰ আহমেদ, চামচুল হক লস্কৰ, জাকাৰিয়া হুছেইন, প্ৰফুল্ল বাগলাৰী, ফজলুল কৰিম চৌধুৰী, আব্দুল হান্নান আৰু নজমুল আলম লস্কৰ। সমষ্টিটোৰ বিগত সাতটা বিধানসভা নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থী আৰু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ এক তথ্য এনে ধৰণৰ ৷

১৯৯১ চনত বৰ্তমানৰ বিন্নাকান্দি আৰু পূৰ্বৰ যমুনামুখ সমষ্টিত মুঠ ১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ৷ বিজয়ী হয় কংগ্ৰেছৰ মৌলানা আব্দুল জলিল ৰাগিবী ৷ তেওঁ লাভ কৰিছিল ১৪১৯২ টা ভোট ৷ তেওঁৰ নিকটতম নিৰ্দলীয় প্ৰাৰ্থী আবু জাফৰ আটিয়াই ১২৩৮৫ টা ভোট, চিপিআইৰ নুৰুল হুছেইনে ৯৩৭৪ টা ভোট, অগপৰ আব্দুৰ ৰহমান বৰভূঞাই ৭১৬৮ টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী বসিৰ উদ্দিন লস্কৰে লাভ কৰিছিল ৬৮৪৫ টা ভোট ৷ প্ৰায় ১৮০৭ টা ভোটত জয়ী হৈছিল কংগ্ৰেছ প্ৰাৰ্থী আব্দুল জলিল ৰাগিবী ৷ ১৯৯৬ চনত অনুষ্ঠিত যমুনামুখ বিধানসভা সমষ্টিত মুঠ ১৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ৷ সেই বছৰ সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল অগপৰ খলিলুৰ ৰহমান চৌধুৰী ৷ তেওঁ লাভ কৰিছিল ২৮৮৯৯ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ক্ৰমে কংগ্ৰেছৰ মৌলানা আব্দুল জলিল ৰাগিবীয়ে ১৯৬৩৪ টা ভোট, নিৰ্দলীয় ৰূপত অৱতীৰ্ণ হোৱা আবু জাফৰ আটিয়াই ১১৮৯২ টা ভোট, বিজেপিৰ আবুল হুছেইনে ৫৫১৪ টা ভোট, নিৰ্দলীয় আব্দুল হান্নানে ৩১০২ টা ভোট আৰু চিপিআইৰ নুৰুল হুছেইনে লাভ কৰিছিল ২০৮৩ টা ভোট ৷ সেই বছৰ অগপৰ খলিলুৰ ৰহমান চৌধুৰী ৯২৬৫ টা ভোটত জয়ী হৈছিল ৷ ২০০১ চনত যমুনামুখ সমষ্টিত মুঠ ৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হয় ৷ জয়ী হৈছিল অগপৰ প্ৰাৰ্থী খলিলুৰ ৰহমান চৌধুৰী ৷ তেওঁ লাভ কৰিছিল ৪৭২৫৫ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী মৌলানা আব্দুল জলিল ৰাগিবীয়ে ৩৭৬১৪ টা ভোট লাভ কৰিছিল ৷ ৯৬৪১ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে খলিলুৰ ৰহমান চৌধুৰীয়ে ৷ ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত যমুনামুখ সমষ্টিত মুঠ ৯ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছিল ৷

নৱগঠিত ৰাজনৈতিক দল এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি মৌলানা বদৰুদ্দিন আজমলে ৫৩০৪০ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ক্ৰমে অগপৰ খলিলুৰ ৰহমান চৌধুৰীয়ে ৩২৬১১ টা ভোট, এনচিপিৰ চামচুল হক তালুকদাৰে ১৪৫৫৫ টা ভোট, বিজেপিৰ আবুল হুছেইনে ১৮৪২ টা ভোট আৰু কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী আনোৱাৰ হুছেইনে লাভ কৰিছিল ২৬৭৩ টা ভোট ৷ বদৰুদ্দিন আজমল ২০৪২৯ টা ভোটৰ ব্যৱধান জয়ী হয় ৷ সেই বৰ্ষত অনুষ্ঠিত উপ নিৰ্বাচনত আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল সমষ্টিটোৰ পৰা নিৰ্বাচিত হয় ৷ তেওঁ লাভ কৰে ৫৮২১০ টা ভোট আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰাৰ্থী খলিলুৰ ৰহমান চৌধুৰীয়ে লাভ কৰে ৪৫০৪৩ টা ভোট ৷ ভোটৰ ব্যৱধান হয় ১৩১৬৭ টা ভোট ৷ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত যমুনামুখ সমষ্টিত মুঠ ১২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয় ৷ বিজয়ী হৈছিল এআইইউডিএফৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমল৷ তেওঁ লাভ কৰিছিল ৬১২৬৭ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰেজাউল কৰিম চৌধুৰীয়ে ৪৮৫৪১ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ নজমুল আলম লস্কৰে লাভ কৰে ৪২৩৮ টা ভোট ৷ ১২৭২৬ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল ছিৰাজুদ্দিন আজমল ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত চিৰাজুদ্দিন আজমল বৰপেটাৰ পৰা সাংসদ নিৰ্বাচিত হোৱাত সমষ্টিটোত পুনৰবাৰ উপ নিৰ্বাচন অনুষ্ঠিত হয় ৷ উপ নিৰ্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ প্ৰাৰ্থী হয় তেওঁৰ পুত্ৰ আব্দুৰ ৰহিম আজমল ৷ তেওঁ লাভ কৰে ৬২১৫৩ টা ভোট আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী বসিৰ উদ্দিন লস্কৰে লাভ কৰে ৩৯১৯৪ টা ভোট ৷ ২০১৬ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনতো বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয় এআইইউডিএফে ৷ বিজয়ী হয় এআইইউডিএফৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আজমল।

সমষ্টিটোৰ পৰা মুঠ ১৫ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ৷ আজমল-পুত্ৰই লাভ কৰে ৬৫৫৯৯ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী আলহাজ ৰেজাউল কৰিম চৌধুৰীয়ে লাভ কৰে ৫২১৯৫ টা ভোট, কংগ্ৰেছৰ বসিৰ উদ্দিন লস্কৰে ২৩৮৪৯ টা ভোট, অগপৰ প্ৰাৰ্থী জিয়া উদ্দিন আহমেদে লাভ কৰে ৪৭৩২ টা ভোট ৷ ১৩৪০৪ টা ভোটৰ ব্যৱধানত জয়ী হয় আব্দুৰ ৰহিম আজমল৷ ২০২১ চনৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা বিপুল ভোটত জয়ী হয় আজমল-ভাতৃ ছিৰাজুদ্দিন আজমল৷ আজমলে মুঠ ভোট লাভ কৰে ১৩৬৯০২ টা, আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী অগপৰ ছাদিকুল্লাহ ভূঞাই ১৮৩৪২ টা ভোট, ৰাইজৰ দলৰ দিলোৱাৰা বেগম চৌধুৰীয়ে ১৮০২৮ টা ভোট, অসম জাতীয় পৰিষদৰ বদৰুল হকে লাভ কৰে ৩২৯২ টা ভোট৷ নিৰ্বাচনত বিপুল ভোটত জয়ী হয় আজমল ভাতৃ ছিৰাজুদ্দিন আজমল৷

নৱ গঠিত বিন্নাকান্দি সমষ্টিত এইবাৰ মূল ৰাজনৈতিক যুঁজখন হ’ব এআইইউডিএফৰ মৌলানা বদৰুদ্দিন আজমল, অসম জাতীয় পৰিষদৰ ৰেজাউল কৰিম চৌধুৰী আৰু অগপৰ স্বাহাব উদ্দিন মজুমদাৰৰ মাজত৷ সমষ্টিটোত মৌলানা বদৰুদ্দিন আজমলৰ বিধায়ক ভাতৃ চিৰাজুদ্দিন আজমলৰ অনুপস্থিতিৰ বাবে দলটোৰ বিৰুদ্ধে আছে প্ৰৱল প্ৰতিষ্ঠানবিৰোধী ঢৌ৷ সেই দৃষ্টিত আজমলৰ বাবে সমষ্টিটো উদ্ধাৰ কৰা এক প্ৰত্যাহ্বান হৈ পৰিছিল৷ সৱল সাংগঠনিক ভেটি থকা কংগ্ৰেছ দলে সমষ্টিটো মিত্ৰতা সূত্ৰে অজাপলৈ এৰি দিছে৷ ইয়াতে ক্ষুন্ন কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগতে দলৰ তৃণমূল কৰ্মী-সমৰ্থক৷ অজাপৰ প্ৰাৰ্থী গৰাকীক কংগ্ৰেছ কৰ্মীসকলে কিদৰে আদৰি লয়, সেয়া সময়ত স্পষ্ট হব৷ কিন্তু দলৰ কৰ্মীসকল এতিয়াও মুকলিকৈ ওলাই অহা নাই অজাপ প্ৰাৰ্থী গৰাকীৰ সপক্ষে৷ অসন্তুষ্ট কংগ্ৰেছ কৰ্মীক সৈমান কৰাত ব্যস্ত অজাপৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰী। এনে অৱস্থাত আজমলৰ বাবে কিছু পৰিমানে যুঁজখন সহজ হৈ পৰিছে৷ কিন্তু প্ৰতিষ্ঠানবিৰোধী ঢৌৱে আজমলক চিন্তাত ৰাখিছে, সেইটো সত্য৷ আজমল বিৰোধী শিবিৰটো একত্ৰিত নোহোৱাত আজমলৰ বাবে ইতিবাচক বতৰা৷ আজমল বিৰোধী ভোট বা কংগ্ৰেছী ভোটবোৰ অকল যে অজাপৰ প্ৰাৰ্থীলৈ যাব, সেয়া নহয়৷ অগপৰ প্ৰাৰ্থী স্বাহাব উদ্দিন মদুমদাৰৰ পক্ষেও বহু কংগ্ৰেছী ভোট যাব৷ কাৰণ, স্বাহাব উদ্দিন মজুমদাৰো প্ৰাক্তন কংগ্ৰেছী৷ কংগ্ৰেছী ভোট বিভাজনে আজমলক সহায় কৰিব৷ নিজ গৃহ সমষ্টি বিন্নাকান্দি এইবাৰ আজমলৰ বাবে অগ্নি পৰীক্ষা৷

লগতে পঢ়কঃ চল্লিশজন তাৰকা প্ৰচাৰকে অংশগ্ৰহণ কৰিব বিজেপিৰ প্ৰচাৰ অভিযানতঃ প্ৰধানমন্ত্ৰীয়ে চাৰিখন সভাত কৰিব অংশগ্ৰহণ


Advertisement