Election Code Violation Sparks Row Over Campaign Inside Government School in Guwahatiচৰকাৰী বিদ্যালয়ত নিৰ্বাচনী প্ৰচাৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰঃ প্ৰতিক্ৰিয়া

গুৱাহাটীঃ মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাই সমষ্টিটোৰ অন্তৰ্গত ৰূপনগৰ বিদ্যাপীঠ এম ই বিদ্যালয়ত নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Election Code Violation)। উল্লেখ্য যে বিজেপি প্ৰাৰ্থীজনে বিদ্যালয়খনৰ শ্ৰেণী কোঠাৰ ভিতৰত বিজেপিৰ চিম্বল সম্বলিত বেনাৰলৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক-অভিভাৱিকা সকলক তেওঁক ভোট দিবলৈ আহ্বান জনায়।

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাই চৰকাৰী বিদ্যালয়ত নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। তেওঁ কয়, “চৰকাৰী বিদ‍্যালয়ক নিৰ্বাচনী প্ৰচাৰৰ কেন্দ্ৰ হিচাপে ব‍্যৱহাৰ কৰাটো অত‍্যন্ত অনৈতিক, ধিক্কাৰযোগ‍্য কাৰ্য‍্য। আজি ৰূপনগৰ বিদ‍্যাপীঠ এম.ই. স্কুলৰ শ্ৰেণীকোঠাৰ ভিতৰত দলীয় বেনাৰ, পতাকা লগাই মধ‍্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ প্ৰচাৰ কাৰ্য চলোৱা হৈছে। বিজয় গুপ্তাৰ এই অনৈতিক আৰু ছাত্ৰ-ছাত্ৰীৰ হিতৰ পৰিপন্থী কাৰ্য‍্যৰ বাবে গৰিহণা দিছোঁ।
এনে গৰ্হিত অশৈক্ষিক কাৰ্য‍্যৰ আখৰাস্থলী হৈ পৰিলে চৰকাৰী স্কুলসমূহৰ প্ৰতি শিক্ষাৰ্থী, অভিভাৱকৰ অনীহা বৃদ্ধি পাব। ৰাজহুৱা শিক্ষা ব‍্যৱস্থাত বিৰূপ প্ৰভাৱ পৰিব।”

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিজনে বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাক কটাক্ষ কৰি লগতে উল্লেখ কৰে, “নিজকে খিলঞ্জীয়া ‘অখমীয়া’ (!) বুলি দাবী কৰা বিজয় গুপ্তাৰ পৰিয়ালৰ কোনোবা ৰাজহুৱা খণ্ডৰ বিদ‍্যালয়ত বা অসমীয়া মাধ‍্যমত পঢ়ে নে নপঢ়ে আমি নাজানোঁ; কিন্তু চৰকাৰী স্কুলৰ এনে শৈক্ষিক পৰিৱেশ নষ্ট কৰা কাৰ্য‍্যৰে সৈতে গুপ্তাই প্ৰমাণ কৰিলে যে তেওঁ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ‍্যতক লৈ মুঠেও দায়িত্বশীল নহয়। বিদ‍্যালয়সমূহ ভৱিষ‍্যত প্ৰজন্মৰ জীৱন গঢ়াৰ আখৰাস্থলী। ৰাজনৈতিক নেতাৰ নিৰ্বাচন জিকাৰ স্বাৰ্থত এই বিদ‍্যাৰ মন্দিৰসমূহ ব‍্যৱহাৰ নকৰিবলৈ সকীয়াই দিলোঁ। এই বিষয়সমূহত চকু মুদা কুলিৰ ভাও নধৰি সৰৱ, সচেতন, সক্ৰিয় হ’বলৈ নিৰ্বাচন আয়োগকো আহ্বান জনালোঁ।”

জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ প্ৰতিক্ৰিয়া

জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীয়েও এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত তেওঁ উল্লেখ কৰে যে, “চেণ্ট্ৰেল গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা মোৰ চিনাকী মানুহ।মানুহজন ভাল।কিন্তু আজি এটা দৃশ্য দেখি মনটো বেয়া লাগিল।বিজয় গুপ্তাৰ দলবল গৈ এখন স্কুলত সোমাই ছাত্ৰ -ছাত্ৰীৰ সন্মুখতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভোট বিচাৰি আছে। এইদৰে স্কুল এখনত সোমাই গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাটো অতি গৰ্হিত কাৰ্য। এনেয়েও অসমীয়া স্কুল সমূহৰ অৱস্থা ভাল নহয়।

আপোনালোকে নিৰ্বাচন খেলক,প্ৰচাৰ চলাওক, বিজয়ী হওক আমাৰ ক’বলগীয়া একো নাই ,কিন্তু স্কুল চৌহদৰ ভিতৰত এনে কাণ্ড মানি ল’ব নোৱাৰি । তাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বহুদিনৰ পূৰ্বেই স্কুল চৌহদত কোনো ধৰণৰ ৰাজনৈতিক তৎপৰতা নচলাবলৈ সকলোকে সকীয়াই দিছিল । মই ভাবোঁ প্ৰশাসন তথা নিৰ্বাচন আয়োগো এই ক্ষেত্ৰত কঠোৰ হোৱা উচিত। আছু সহ আন ছাত্ৰ সংগঠনসমূহে এনে ক্ষেত্ৰত মাত মাতি স্কুল চৌহদত নিৰ্বাচনী প্ৰচাৰ চলোৱাসকলক নিৰস্ত কৰিব লাগে।”

তাৎপৰ্যপূৰ্ণ যে বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাই চৰকাৰী বিদ্যালয়ত নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যৰ সম্পৰ্কত নিৰ্বাচনী আয়োগে কেনে ব্যৱস্থা গ্ৰহণ কৰে লক্ষ্যণীয় হ’ব।

লগতে পঢ়কঃ ২,৬৮,৪৪৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিন্নাকান্দি সমষ্টিৰ ১৪ গৰাকী প্ৰাৰ্থীৰ, কি হ’ব আজমলৰ ভৱিষ্যত?


Advertisement