Peaceful Election Push in Nagaon: DC-SP Lead Security Marchশান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দ্যেশ্যে নগাঁৱত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ নেতৃত্বত পদ-যাত্ৰা

নগাঁও: অহা ৯ এপ্ৰিলত সমগ্ৰ ৰাজ্যখনৰ সমান্তৰালকৈ নগাঁও জিলাটো অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ পৰিপেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থাক লৈ সোমবাৰে এখন বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় । জিলাখনত নিয়োজিত সকলো নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়া আৰু নিৰ্বাচন আয়োগৰ আৰক্ষী পৰ্যবেক্ষকৰ উপস্থিতিত আৰক্ষী চাউনীৰ প্ৰেক্ষাগৃহত এই গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয় (Peaceful Election Nagaon)।

জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত আৰক্ষী পৰ্যবেক্ষক জি. শিৱকুমাৰ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ডেপুটি কমাণ্ডেণ্ট মনিষ কুমাৰ‌ প্ৰমুখ্যে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত-তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু জিলা আৰক্ষী প্ৰশাসনৰ বহুসংখ্যক উচ্চস্তৰীয় বিষয়া উপস্থিত থাকে।

বৈঠকত আৰক্ষী পৰ্যবেক্ষক জি. শিৱকুমাৰে নিৰ্বাচনী কৰ্তব্যৰ বাবে জিলাখনত উপস্থিত হোৱা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত-তিব্বত সীমা আৰক্ষী আৰু সীমা সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰে। নিৰ্বাচনৰ সময়ছোৱাত কেন্দ্ৰীয় বাহিনীসমূহৰ ভূমিকা আৰু নিৰাপত্তাৰ দিশসমূহ পৰ্যালোচনা কৰি প্ৰয়োজনীয় দিক-নিৰ্দেশনা প্ৰদান কৰে।

একেদৰে, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিৰ্বাচনৰ সময়ত জিলাখনত আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাৰ লগতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো অতি স্বচ্ছ, শান্তিপূৰ্ণ আৰু সূচাৰুৰূপে সম্পন্ন কৰাৰ দিশত বাহিনীটোক প্ৰয়োজনীয় দিহা-পৰামৰ্শ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰে। বৈঠকৰ শেষত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে সকলো বিভাগৰ মাজত সু-সমন্বয় ৰক্ষা কৰি এক ভয়মুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে নিৰাপত্তা বাহিনী সমূহৰ দায়বদ্ধতাৰ কথা সোঁৱৰাই দিয়ে।

এই বৈঠকৰ পিছতে ​ স্থায়ী শান্তি আৰু আইন-শৃংখলা অটুট ৰখাৰ লগতে সাধাৰণ ৰাইজৰ মাজত নিৰাপত্তাৰ ভাৱ সুদৃঢ় কৰাৰ লক্ষ্যৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত চামগুৰি বিধানসভা সমষ্টিৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত এক বিশেষ পথ নিৰীক্ষণ আৰু ‘এলাকা আধিপত্য’ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অভিযানৰ জৰিয়তে প্ৰশাসনে অঞ্চলটোৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাৰ বুজ লোৱাৰ লগতে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ তেওঁলোকৰ তৎপৰতা প্ৰদৰ্শন কৰে। শীৰ্ষ বিষয়াদ্বয়ৰ এই সক্ৰিয় উপস্থিতিয়ে জিলাখনৰ অতি স্পৰ্শকাতৰ হিচাপে পৰিগণিত হোৱা অঞ্চলটোত ৰাইজৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে শান্তি-সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰয়াস চলায়।

লগতে পঢ়কঃ নগাঁৱত নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে তৎপৰ জিলা প্ৰশাসন


Advertisement