চন্দনজ্যোতি বৰাঃ এপিনে নাৰী সবলীকৰণৰ বাবে অৰুণোদয়, মহিলা উদ্যমিতা তথা লাখপতি বাইদেউ আদি বিভিন্ন আঁচনিৰ ঘোষণা আনপিনেদি মাইক্ৰফাইনেন্স ঋণগ্ৰস্ত মহিলাৰ উচুপনি (Microfinance Loan Assam Crisis)। এইয়াই হৈছে বৰ্তমানৰ বাস্তৱ ছৱি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিত আশ্বস্তহৈ বিপদত পৰিছে গ্ৰামাঞ্চলৰ একাংশ মাইক্ৰফাইনেন্স ঋণগ্ৰস্ত মহিলা। চকুৰ পানীৰে বাট নেদেখা হৈছে এই সকল মহিলাই। কেনেদৰে পৰিশোধ কৰিব বৃহৎ ঋণৰ বোজা ।
নগাঁও জিলাৰ তুলসী-দেউৰী আৰু পলশাগুৰিত আমি লগ পাইছিলো এনে বহু মহিলা। ২০১৭ চনত বিভিন্ন মাইক্ৰফাইনেন্স গোটৰ পৰা ঋণগ্ৰস্ত এই মহিলা সকলে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বলৈকে দাৰিদ্ৰতাৰ মাজতো ঋণ পৰিশোধ কৰি আছিল। কিন্তু ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সেই সময়ৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, “এই মহিলা সকলৰ ঋণৰ বোজা মোৰ ওপৰত। মহিলা সকলৰ ঋণ চৰকাৰে পৰিশোধ কৰিব।” সেই সময়ৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাত আশ্বস্তহৈ ২০২১ চনৰ পৰা বৰ্তমানলৈকে মহিলা সকলে ঋণ পৰিশোধ কৰাৰ পৰা বিৰত থাকে।
কিন্তু শেহতীয়াকৈ বিভিন্ন মাইক্ৰফাইনেন্স গোটৰ এজেণ্ট আহি মহিলা সকলক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। মহিলা সকলক আৰক্ষীৰ দ্বাৰা আটক কৰা, আদালতৰ দ্বাৰা গোচৰ তৰা আদি বিভিন্ন ভাবুকি প্ৰদান কৰিছে এজেণ্ট সকলে। আনকি বহু মহিলাই মাইক্ৰফাইনেন্স গোটৰ দ্বাৰা প্ৰেৰণ কৰা জাননীও লাভ কৰিছে। মহিলা সকলে অভিযোগ কৰা মতে যিসকল মহিলাই ঋণ মাত্ৰ ২০ হাজাৰ টকা লৈছিল বৰ্তমান তেওঁলোকৰ ঋণ চক্ৰবৃদ্ধি সুদত বাঢ়ি একলাখ,৮০ হাজাৰ টকা পৰ্যন্ত হয়। ফলত দিনহাজিৰা আৰু কৃষি কৰ্মৰে জীৱন নিৰ্বাহ কৰা মহিলা সকলে কেনেদৰে ঋণ পৰিশোধ কৰিব ইয়াকলৈ বিমোৰত পৰিছে।
নগাঁও জিলাৰ তুলসী দেউৰী আৰু পলশাগুৰী অঞ্চলৰ বহু কেইগৰাকী মহিলাই ২০২১ চনত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিৰ বাবেই তেওঁলোক বিপদৰ সন্মুখীন হব লগীয়া হৈছে বুলি ক্ষোভ উজাৰে। এই মহিলা সকলৰ মাজৰ এগৰাকী মহিলাৰ স্বামী কৰ্কট ৰোগাক্ৰান্ত।
আমি লাভ কৰা তথ্য অনুসৰি মহিলা সকলৰ ভিতৰৰ বৰ্ণালী দেৱীয়ে ২০১৯ চনত বন্ধন বেংকৰ পৰা ৪০,০০০ টকা ঋণ লয়। ৮ টা কিস্তি প্ৰদান কৰাত তেওঁৰ ৩৩,২৪০ টকা ঋণ অনাদায় হৈ থাকে । এতিয়া ৮৪,১৮৬.৬০ টকা আদয় দিব লাগে বুলি কোম্পানীৰ জাননী আহিছে। থিক তেনেদৰেই গৌৰীৰাণী মণ্ডল দেবীয়ে ২০১৯ চনত ৯০,০০০ টকা ঋণ লয়। তেওঁ ৫৩টা কিস্তি আদায় দিয়াত অনদায় ঋণ থাকে ৩৪,৮৮০ টকা। এতিয়া কোম্পানীয়ে জাননী প্ৰদান কৰিছে ১,৫৪,৫৯৯ টকা অনাদায় বুলি। সৰলা দেবী ৫০,০০০ টকাৰে ২৬,৬৮০ টকা অনাদায় থকাৰ পিছত কোম্পানীয়ে ৮১,২৮৬ টকা আদায় দিবলৈ জাননী জাৰী কৰিছে। মণিকা দেবীৰ ২০,০০০ টকা অনাদায় ঋণৰ বিপৰীতে ১,১০,৭৮০ টকা দিবলৈ জাননী আহিছে। ৰুমী দেৱীৰ ৩৭,৪৬৫ টকাত ৮৯,৯২৮ টকা আদায় দিব লাগে বুলি বন্ধন বেংকে জাননী জাৰি কৰিছে আৰু হৰি প্রভা দেবীয়ে ২০১৯ চনত নর্থ ইষ্ট স্মল ফাইনেন্সৰ পৰা ৪৫,০০০ টকা ঋণ লৈ ২৫,৭৪০ টকা ঋণ পৰিশোধ কৰে তেওৰ দেওনা থাকে ২৯ ,২৬০ টকা এতিয়া কোম্পানীয়ে জাননী জাৰি কৰিছে তেওঁ ৫০,৮১৯ টকাৰ ঋণ পৰিশোধ কৰিব লাগে।
এই সম্পৰ্কত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয়, অসমৰ ২৬ লাখ মহিলাৰ অধিকাংশ মহিলা বৰ্তমানেও ঋণগ্ৰস্ত হৈ আছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা ২০২১ চনৰ পূৰ্বৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখৰে প্ৰতিশ্ৰুতি দিলেও মাইক্ৰফাইনেন্স গোট সমূহৰ লগত কোনোধৰণৰ আলোচনা কৰা নাছিল বুলিও তেওঁ ক্ষোভ উজাৰে। তেওঁ কয়, এইখন চৰকাৰ কোম্পানীৰ চৰকাৰ দৰিদ্ৰ জনসাধাৰণৰ চৰকাৰ নহয়। এই চৰকাৰখনে ভোটৰ লালসাত দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ ফল ভুগিব লগীয়া হৈছে দৰিদ্ৰ মহিলা সকলে। মাইক্ৰফাইনেন্সৰ ঋণ থকাৰ বাবে মহিলা সকল লাখপতি বাইদেউ আঁচনিৰ পৰাও বঞ্চিত হব বুলি তেওঁ ক্ষোভ উজাৰে।
সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰূপ কুমাৰ মহন্তই কয়, “সমগ্ৰ অসমত বিভিন্ন মাইক্ৰফাইনেন্স গোটৰ ঋণগ্ৰস্ত ২৬ লাখ মহিলা আছে। এই মহিলা সকলৰ ঋণ পৰিশোধ কৰিবলৈ প্ৰয়োজন ১২৫০০ কোটি টকা। ইয়াৰে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছত ২৯০০ কোটি টকা মুকলাই দিয়ে। ৯৬০০ কোটি টকা অনাদায় হৈ আছে। ফলত ঋণ পৰিশোধ কৰিব নোৱাৰা বহু মহিলাৰ ওপৰত চক্ৰবৃদ্ধি সুতৰ হাৰত ঋণৰ বোজা পৰিছে।” মহন্তই লগতে আক্ষেপ কৰি কয়, “এই সকল মহিলা ৰাজ্যিক জীৱন-জীৱিকা অভিযানৰ সদস্য। তেওঁলোকৰ গোটৰ বাবে বেংকৰ যি ঋণ আহে সেই ঋণ গোটত থকা যি সকল মহিলাৰ চিভিল (বেংকৰ ঋণ পৰিশোধৰ লেন দেন) বেয়া তেওঁলোকে নাপাব। ফলত গোটত থকা একাংশ মহিলা বঞ্চিত হব। লাখপতি বাইদেউৰ ধনৰ পৰা এই মহিলা সকল বঞ্চিত হব। কিয়নো লাখপতি বাইদেউ আঁচনিৰ মুঠ ২৫ হাজাৰ টকাৰ ১২৫০০ টকা ৰাজসাহায্য হব। বাকী ১২৫০০ টকা সুদবিহীন ঋণ হব । গতিকে পূৰ্বৰ ঋণ পৰিশোধ নকৰা মহিলা সকলৰ চিভিল স্ক’ৰ বেয়া হোৱাৰ বাবে তেওঁলোকে পুনৰ ঋণ লাভ নকৰিব। এইদৰে মাইক্ৰফাইনেন্সৰ ঋণ পৰিশোধৰ বিষয়টোকলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ মহিলা সকলক প্ৰতাৰণা কৰিলে।”
মহন্তই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মাইক্ৰফাইনেন্স কোম্পানী সমূহৰ লগত কোনোধৰণৰ আলোচনা কৰা নাই বুলি অভিযোগ কৰি কয়, “এইখন কোম্পানীৰ পক্ষত থকা চৰকাৰ। দৰিদ্ৰ গ্ৰামীণ জনতাৰ পক্ষত এইখন চৰকাৰ নাই।” সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ আন এগৰাকী নেত্ৰী আয়েফা বেগমেও চৰকাৰে এই মহিলা সকলক আভূৱা ভাৰিছে বুলি মন্তব্য কৰে।
লগতে পঢ়কঃ পাঁচ বছৰত বিধায়ক জিতু গোস্বামীৰ বৃদ্ধি ৭ কোটি ২০ লাখ টকাৰ সম্পত্তি

