নগাঁও: বিধানসভা নিৰ্বাচন ২০২৬ সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে আজিৰে পৰা জিলাখনত ই.ভি.এম. কমিচনিং অৰ্থাৎ ভোটগ্ৰহণ যন্ত্ৰসমূহৰ কাৰ্যকৰীকৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে (EVM Commissioning Nagaon)।
জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বাবে নিৰ্দিষ্ট কৰা চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত সংশ্লিষ্ট ৰিটাৰ্নিং বিষয়াসকলৰ ত্বাৱধানত চলি থকা এই কাৰ্যসূচীৰ মঙলবাৰে প্ৰথম দিনা জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকি সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰে।
এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ই.ভি.এম. কাৰ্যকৰীকৰণৰ বাবে নিয়োজিত বিষয়া আৰু সহযোগী কৰ্মীসকলৰ লগতে বিভিন্ন স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, ইভিএম কমিচনিং হৈছে নিৰ্বাচনৰ পূৰ্বে ইলেক্ট্ৰনিক ভোটিং মেচিন অৰ্থাৎ ই.ভি.এম. সমূহক ভোটগ্ৰহণৰ বাবে কাৰিকৰীভাৱে সম্পূৰ্ণ সাজু কৰি তোলাৰ এক অপৰিহাৰ্য প্ৰক্ৰিয়া। এই সময়ছোৱাত মেচিনত প্ৰাৰ্থীৰ নাম আৰু প্ৰতীক সংযোজন কৰাৰ লগতে বেলট ইউনিট, কণ্ট্ৰ’ল ইউনিট আৰু ভিভিপ্যাটসমূহৰ কাৰ্যক্ষমতা পুংখানুপুংখভাবে পৰীক্ষা কৰা হয়।
পৰৱৰ্তী সময়ত এই সকলোবোৰ মেচিন প্ৰাৰ্থীৰ প্ৰতিনিধিৰ উপস্থিতিত সুৰক্ষিতভাৱে ছীল কৰি নিৰ্দিষ্ট ভোটকেন্দ্ৰৰ বাবে সংৰক্ষিত কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াই নিৰ্বাচনী প্ৰক্ৰিয়াটোক অধিক স্বচ্ছ, নিৰ্ভুল আৰু নিৰাপদ কৰি তোলাত বিশেষ সহায় কৰে।

