নগাঁও : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচন। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো ব্যাপক নিৰ্বাচনী প্ৰস্তুতি চলাইছে জিলা প্ৰশাসনে। বিশেষকৈ নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি, আৰক্ষী অৰ্ধসামৰিক বাহিনীক লগত লৈ এৰিয়া ডমিনেশ্যন আদি পদক্ষেপ গ্ৰহণ কৰি আহিছে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। আনকি শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে নানা পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে মঙলবাৰে জিলাখনৰ বহকেইটা ভোটকেন্দ্ৰ পৰিদৰ্শন কৰে নিৰ্বাচন পৰ্যবেক্ষকে (Election Observer Visit)।

নগাঁও জিলাৰ ৫৬ নং ৰূপহীহাট বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পৰ্যবেক্ষক তথা জ্যেষ্ঠ আই এ এছ বিষয়া আবু টায়েঙে মঙলবাৰে সমষ্টিটোৰ স্পৰ্শকাতৰ আৰু দূৰণীবতীয়া অঞ্চলৰ ভালেসংখ্যক ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি ইয়াৰ অৱস্থাৰ বুজ লয়।

তেওঁ সমষ্টিটোৰ বৰলিমাৰী, কছাৰী, সূতীৰপাৰ আদি অঞ্চলত থকা ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ইয়াত থাকিব লগীয়া ন্যুনতম সুবিধা আৰু সুৰক্ষা ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰে। এই সন্দৰ্ভত তেওঁ কেন্দ্ৰসমূহৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।
লগতে পঢ়কঃ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত নগাঁও জিলাৰ ভোটিং মেচিনৰ কাৰ্যকৰীকৰণ আৰম্ভ

