নগাঁওঃ ৰাজ্য খনৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাৰো ধিং আৰু ৰূপহীহাট সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী দুগৰাকী ক্ৰমে মতিউৰ ৰহমান আৰু আমিনুল ইছলামৰ হৈ বৃহস্পতিবাৰে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় AIMIMৰ নেতা আছাদুদ্দিন ৱাইছিয়ে (Asaduddin Owaisi Assam Campaign)। ধিং সমষ্টিৰ মৈৰাবাৰীত এখন বিশাল জনসভাত ভাষণ দিয়াৰ পাছত তেওঁ সংখ্যালঘু বসতি প্ৰধান ৰূপহী হাট সমষ্টি উদমাৰীত এআইইউডিএফৰ দলৰ হৈ আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
নগাঁৱৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত উদমাৰী হাই স্কুল খেল পথাৰত আজি দিনৰ দুই বজাত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ ৰাজহুৱা সভাত উদাত্ত ভাষন দিয়ে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱায়েছিয়ে। মৌলানা বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমল উপস্থিত থকা জনাকীৰ্ণ নিৰ্বাচনী প্ৰচাৰ সভাত এ আই এম আই এম দলৰ সাংসদ আছাদুদ্দিন ওৱায়েছিয়ে শাসনাধিষ্ট বিজেপি দলক ক্ষোৰধাৰ সমালোচনা কৰে।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধৰ্মীয় সংখ্যালঘু মুছলমান বিদ্বেষী মন্তব্যৰ অভিযোগ উত্থাপন কৰি হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱায়েছিয়ে কয়,”হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে অসমৰ মুছলমানৰ হাত-ভৰি ভঙাৰ পুৰ্বে মোৰ হাত-ভৰি ভাঙি দেখুৱাওক।” হেজাৰ হেজাৰ ৰাইজৰ উপস্থিতি পূৰ্ণ সভাত জ্যেষ্ঠ সাংসদ ওৱায়েছিয়ে শাসনাধিষ্ট বিজেপি চৰকাৰৰ পৰিৱৰ্তে বিৰোধী কংগ্ৰেছৰ বিপক্ষেহে অধিক সমালোচনা কৰা দেখা গৈছে। সভাত ধুবুৰীৰ সাংসদ ৰকিবুল হোছেইনক “কেৰম সাংসদ” আখ্যা দি কয় যে, যি সময়ত অসমত উচ্ছেদ চলি আছিল সেই সময়ত সাংসদ ৰকিবুল হোছেইনে দেশৰ সংসদত কেৰম খেলৰ বিষয়ে আলোচনা কৰি আছিল।
সভাত ৰূপহীহাট আৰু চামগুৰি সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ক্ৰমে আমিনুল ইছলাম আৰু আব্দুল আজিজৰ পক্ষত ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনাই তেওঁ কয় যে, অসম বিধানসভাৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যুঁজ কৰিবলৈ আমিনুল ইছলাম আৰু আব্দুল আজিজ লাগিব,কংগ্ৰেছ নহয়।এ আই ইউ ডি এফৰ ৰাজহুৱা সভাত হায়দৰাবাদী সাংসদ জনে ধৰ্মীয় আবেগ সৃষ্টি কৰাৰ মানসেৰে সভা স্থলীত “নাৰায়ে তকবীৰ আল্লাহু আকবৰ” ধ্বনি দি সহজ সৰল মিঞা মুছলমানক উত্তেজিত কৰা পৰিলক্ষিত হয়। বিগত পচিছ বছৰত ৰকিবুল হোছেইনে মুছলমানৰ বাবে কোনো কাম কৰা নাই বুলি মন্তব্য কৰাৰ লগতে একমাত্ৰ কংগ্ৰেছৰ বাবেই আজি অসমৰ মুছলমান বিপদত পৰা বুলি উল্লেখ কৰে আছাদুদ্দিন ওৱায়েছিয়ে।
উল্লেখযোগ্য যে, সমগ্ৰ অসমত মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ সময়ত চতুৰ ৰাজনীতিবিদ মৌলানা বদৰুদ্দিন আজমলে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱায়েছিক অসমলৈ হেলিকপ্টাৰ ভাড়া কৰি আনি নিজৰ ৰাজনৈতিক স্থিতাৱস্থা অটুট ৰাখিবলৈ প্ৰয়াস কৰা দেখা গৈছে। ইফালে ৰূপহীহাট সমষ্টিৰ উদমাৰী হাই স্কুল খেল পথাৰত আজি অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ ৰাজহুৱা সভাত উপস্থিত হোৱা এচাম উদণ্ড নেতা কৰ্মীয়ে উদমাৰী হাই স্কুল আৰু এম ই স্কুল গৃহৰ চালৰ ওপৰত উঠি নাচি-ভাগি দুয়োখন চৰকাৰী বিদ্যালয়ৰ বিস্তৰ ক্ষতি সাধন কৰে।
ৰূপহীহাট সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী বিধায়ক আমিনুল ইছলামৰ সমৰ্থিত স্থানীয় নেতা আৰু সমৰ্থক সকলে অঞ্চলটোৰ একমাত্ৰ চৰকাৰী বিদ্যালয় দুখনৰ বিস্তৰ ক্ষতি সাধন কৰাক লৈ সৰৱ হৈ পৰিছে স্থানীয় শিক্ষাবিদ, বুদ্ধিজীৱী আৰু সমাজ সচেতক সকলে।এ আই ইউ ডি এফৰ সভাত উচটনি আৰু সাম্প্ৰদায়িক উত্তেজনা মুলক বক্তব্য দিয়া আৰু চৰকাৰী বিদ্যালয় গৃহৰ ব্যাপক ক্ষতি সাধন কৰা বিষয়টোৰ সন্দৰ্ভত নগাওঁ জিলা আয়ুক্তৰ লগতে নিৰ্বাচনী বিষয়াক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজৰ দাবী উত্থাপিত হৈছে।

