নিউজ ডেস্কঃ দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈ বিজয়ী হ’লে মন্ত্ৰিত্ব লাভ কৰাটো নিশ্চিত। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰামতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ লগত বিশ্ববিদ্যালয়ত পঢ়াৰ দিনৰে পৰা ঘনিষ্ঠ সম্পৰ্ক থকা বৰদলৈক বিজেপিৰ শীৰ্ষ নেতৃত্বই বিজয়ী হ’লে এক গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰিত্ব প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে (Dispur Election 2026)।
ইতিমধ্যে প্ৰাক্তন সাংসদ বৰদলৈয়ে তেওঁৰ নিজস্ব কৌশলৰে দিছপুৰ বিধানসভা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান চলাই আছে। মাৰ্জিত ব্যৱহাৰৰ বাবে ভদ্ৰলোক হিচাপে সু পৰিচিত প্ৰদ্যুৎ বৰদলৈয়ে ভোটাৰক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।
সমষ্টিটোৰ উন্নয়নৰ বাবে তেওঁ “দিছপুৰঃ মোৰ দৃষ্টি পৰিসৰৰ যাত্ৰা” শীৰ্ষক এক পৰিকল্পনাও যুগুত কৰি উলিয়াইছে। এই পৰিকল্পনা সমূহৰ ভিতৰত সমষ্টিটোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ ভিত্তিত আধুনিক শিক্ষাৰ কেন্দ্ৰ স্থাপন। আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতী সকলক ঠিকা ভিত্তিত নিয়োগ, আধুনিক প্ৰযুক্তিৰ লগত সংগতি ৰাখি বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰা।
কেৱল ইমানেই নহয়, প্ৰাক্তন সাংসদজনে তেওঁৰ পৰিকল্পনাত সংযুক্ত কৰা আন কেতবোৰ বিষয় হৈছে চালকৰ অনুজ্ঞাপত্ৰ,জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ,, জাতিগত প্ৰমাণপত্ৰ ঘৰতে উপলব্ধ হোৱাৰ ব্যৱস্থা কৰা, আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ চিকিৎসাৰ বাবে মাহিলী একহাজাৰ টকা আৰ্থিক সাহায্য, ফেমিলি ডক্টৰৰ ব্যৱস্থা কৰা, প্লাষ্টিক আৰু প্ৰদূষণ মুক্ত দিছপুৰ, বান মুক্ত দিছপুৰৰ ব্যৱস্থা কৰা, গ্ৰাম্য বজাৰ, বহু খলপীয়া পাৰ্কিং ব্যৱস্থা আদি বিভিন্ন বিষয় সন্নিবিষ্ট কৰিছে।
দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ বৰদলৈয়ে উল্লেখ কৰে যে দিছপুৰ কেৱল এটা সমষ্টি নহয়। ই অসমবাসীৰ সমূহীয়া ইচ্ছা আকাংক্ষাৰ মূৰ্ত ৰূপ। নিঃসন্দেহে দিছপুৰ অসমৰ প্ৰশাসন আৰু ক্ষমতাৰ অভিকেন্দ্ৰ। জেন জি সকলৰ ভৱিষ্যমুখী স্বপ্নই এক কল্পবৃক্ষৰ ৰূপ লব পৰা একমাত্ৰ টিপাম ক্ষেত্ৰহৈ পৰিছে দিছপুৰ।
তাৎপৰ্যপূৰ্ণ যে প্ৰাক্তন সাংসদ বৰদলৈয়ে সকলো প্ৰাৰ্থীকে বিনয়ী হ’বলৈ আহ্বান জনায় সংবাদ মাধ্যমৰ আগত কয়, “শেষ সিদ্ধান্ত জনসাধাৰণেহে লব। সেয়ে সকলো বিনয়ী হব লাগে।”
উল্লেখযোগ্য যে কাইলৈ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য।

