Polling Teams Deployed to 1868 Booths in Nagaon Amid Festive Bihu Send-Offবিহুনাচেৰে উৎসৱমুখৰ পৰিবেশেৰে নেহেৰুবালিৰ পৰা ১৮৬৮ কেন্দ্ৰলৈ ৰাওনা বিষয়া, কৰ্মচাৰী

নগাঁও : কাইলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে আজি নগাওঁ জিলাৰ সাতটা বিধানসভা সমষ্টিৰ ১৮৬৮ টা ভোটগ্ৰহণ কেন্দ্ৰত দিনৰ ভাগতে সকলো পোলিং আৰু প্ৰিজাইডিং বিষয়াৰ দল গৈ সুকলমে উপস্থিত হৈছে (Polling Teams Deployment Nagaon)। সকলো কেন্দ্ৰতে পৰ্যাপ্ত চিচিটিভি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে । আজি পুৱা ৬ বজাতে বিষয়া -কৰ্মচাৰীসকল ভোটিং মেচিন, ভিভিপেট আদি যাবতীয় সামগ্ৰী সংগ্ৰহৰ বাবে নিজ নিজ কেন্দ্ৰত গৈ উপস্থিত হয়।

৫৫নং ধিং, ৫৬নং ৰূপহীহাট আৰু ৫৮ নং চামগুৰি বিধানসভা সমষ্টিৰ বাবে ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়; ৫৭নং কলিয়াবৰ আৰু ৫৯নং বঢ়মপুৰৰ বিধানসভা সমষ্টিৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু ৬০নং নগাঁও-বটদ্ৰৱা আৰু ৬১নং ৰহা (অনুসূচীত জাতি) বিধানসভা সমষ্টিৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ক কেন্দ্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। এই কেন্দ্ৰসমূহৰ পৰা সামগ্ৰী সংগ্ৰহ কৰি নেহেৰুবালি আৰু গৰুফিল্ডত ৰখা নিৰ্দিষ্ট মটৰ গাড়ীৰে গৈ আজি আবেলিৰ ভিতৰতে ভোটগ্ৰহণকাৰী দলসমূহ নিজ নিজ কেন্দ্ৰত গৈ উপস্থিত হয়।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰত্যক্ষভাৱে তদাৰক কৰাৰ লগতে নেহেৰুবালিৰ পৰা বিষয়াসকলক তেওঁলোকৰ গন্তব্য স্থানলৈ যাত্ৰাকৰাৰ পূৰ্বে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰে। তদুপৰি নিৰ্বাচনক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সূচনা কৰি উক্ত স্থানত এটি বিহু নৃত্য প্ৰদৰ্শনৰো ব্যৱস্থা কৰে। সকলো ভোটগ্ৰহণকাৰী বিষয়া -কৰ্মচাৰীয়ে বিহু নাচত অংশ লৈ আনন্দত আত্মহাৰা হৈ পৰা দেখা যায়। জিলা আয়ুক্তগৰাকীয়ে ভোজন কক্ষ সমূহলৈ গৈও খাদ্য গ্ৰহণকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰি অৱস্থাৰ বুজ লয়।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, প্ৰতিটো কেন্দ্ৰৰ বিপৰীতে এজন প্ৰিজাইডিং, তিনিজন পোলিং আৰু এজন নিৰাপত্তাৰক্ষী একেলগে ৰাওনা হৈছে। জিলাখনত ২০০ টা কেৱল মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ‌ও আছে। সমগ্ৰ প্ৰক্ৰিয়াটো এই পৰ্যন্ত অতি সুকলমে সম্পন্ন হৈছে। কাইলৈ হ’বলগীয়া ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত আজিয়ে নগাঁও চহৰত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে।

লগতে পঢ়কঃ নিৰ্বাচনী সতৰ্কতা- নগাঁৱত ৰাজপথত সদলবলে ডিচি-এছপিৰ পদ-যাত্ৰা


Advertisement