Nagaon Election 2026: Polling Teams Dispatched to 1,868 Boothsনগাঁৱৰ তিনিটাকৈ কেন্দ্ৰৰ পৰা ভোটগ্ৰহণৰ সামগ্ৰী লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ বিষয়াৰ দল

নগাঁও: নগাঁও জিলাৰ সাতটাকৈ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণ সাজু হৈছে নগাঁও জিলা প্ৰশাসন (Nagaon Election 2026)। জিলাখনৰ মুঠ ১৮৬৮ টা ভোটকেন্দ্ৰৰ বাবে মুঠ ৮,২২১ গৰাকী পলিং আৰু প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে। জিলাখনৰ মুঠ ১৫৫১,৫৩০ গৰাকী ভোটাৰৰ বাবে ব্যৱস্থা কৰা ই ভি এমৰ পৰা প্ৰয়োজনীয় সকলো সামগ্ৰী লৈ বুধবাৰে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হয় বিষয়া, কৰ্মচাৰীৰ দল ।

নগাঁৱৰ সাতটাকৈ বিধানসভা নিৰ্বাচনৰ বাবে নগাঁৱৰ তিনিখনকৈ চৰকাৰা বিদ্যালয়ত ষ্ট্ৰং ৰোমৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। নিৰ্ষ্টি ষ্ট্ৰং ৰোমতে হ’ব নিৰ্দিষ্ট সমষ্টিৰ ভোটগণনা। নগাঁও জিলা প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি, ৫৫নং ধিং, ৫৬নং ৰূপহীহাট আৰু ৫৮ নং চামগুৰি বিধানসভা সমষ্টিৰ বাবে ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়; ৫৭নং কলিয়াবৰ আৰু ৫৯নং বঢ়মপুৰৰ বিধানসভা সমষ্টিৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু ৬০নং নগাঁও-বটদ্ৰৱা আৰু ৬১নং ৰহা (অনুসূচীত জাতি) বিধানসভা সমষ্টিৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ক কেন্দ্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

ভোটগ্ৰহণৰ এটা দিন পূৰ্বে অৰ্থাৎ বুধবাৰে নিৰ্দিষ্ট কেন্দ্ৰসমূহৰ পৰাই ভোটগ্ৰহণকাৰী দলসমূহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰ অভিমূখে ৰাওনা হয়। লগতে কাইলৈ ভোটগ্ৰহণৰ অন্তত নিৰ্দিষ্ট কেন্দ্ৰতেই ভোটিং মেচিনসমূহ জমা দিব লাগিব। জিলাখনৰ মুঠ ১৮৬৮ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প্ৰায় আঠ হাজাৰ ২২১ গৰাকী পোলিং আৰু প্ৰিজাইডিং বিষয়া নিয়োজিত কৰা হৈছে।

তেওঁলোকক ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ পৰ্যাপ্ত গাড়ীৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। তেওঁলোকৰ বাবে পুৱা আৰু দুপৰীয়াৰ আহাৰৰো ব্যৱস্থা কৰিছে জিলা প্ৰশসানে। জিলাখনৰ নিৰ্বাচনৰ কামত ১৫ শতকৈয়ো অধিক বাহন ব্যৱহাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে নগাঁও পৰিবহন বিষয়া সীমান্ত শইকীয়াই। লগতে ৰাজ্যত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হোৱা বাবে বহিৰাজ্যৰ পৰা ৭০ খনকৈ বাছ অনা বুলিএ জানিবলৈ দিয়ে জিলা পৰিবহন বিষয়াগৰাকীয়ে।

ইপিনে, ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশসানে। ভোটগ্ৰহণৰ এটা দিন পূৰ্বে সকলোকে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। অৱশ্যে শান্তি শৃংখলাত কোনোবাই ব্যাঘাত জন্মালে কঠোৰ হাতেৰে দমনৰ বাবে জিলা প্ৰশাসন সাজু বুলিও একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে নগাঁৱৰ জিলা আয়ুক্তগৰাকীয়ে।

জিলাখনত শান্তিপূৰ্ণভাৱে ভোটগেৰহণ অমুষ্ঠিত কৰাৰ বাবে বহিৰাজ্যৰ পৰাই নিৰাপত্তাৰক্ষীৰ ৪৪ টা কোম্পানী নিয়োগ কৰা হৈছে নগাঁও জিলাত।

ইপিনে নগাঁও নেহৰুবালি খেলপথাৰ আৰু ডচন খেলপথাৰৰ পৰা বিষয়া, কৰ্মচাৰীসকল ৰাওনা হোৱাৰ সময়ত নিজে উপস্থিত থাকি তদাৰক কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। সুন্দৰ ব্যৱস্থাপনা আৰু জিলা আয়ুক্তৰ সহযোগিতাৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ শলাগ লয় ভোটগ্ৰহণত নিয়োজিত বিষয়া, কৰ্মচাৰীসকলে।

লগতে পঢ়কঃ বিহুনাচেৰে উৎসৱমুখৰ পৰিবেশেৰে নেহেৰুবালিৰ পৰা ১৮৬৮ কেন্দ্ৰলৈ ৰাওনা বিষয়া, কৰ্মচাৰী


Advertisement