নগাঁও: ৰাজ্যৰ অন্যান্য অংশৰ লগতে আজি নগাঁও জিলাৰ সাতোটা বিধানসভা সমষ্টিতে অনুষ্ঠিত হোৱা নিৰ্বাচন অতি সুকলমে আৰু সম্পূৰ্ণ শান্তিপূৰ্ণভাবে সামৰণি পৰে। নিৰ্বাচন বিভাগে জনোৱা মতে শেবতীয়া তথ্য অনুসৰি, জিলাখনত সামগ্ৰীক ভোটদানৰ হাৰ হৈছে ৮৮.৪৪ শতাংশ (Nagaon Voting Percentage 2026)।
ৰূপহীহাট সমষ্টিত সৰ্বাধিক ৯৪.২৮ শতাংশ ভোটদান হোৱাৰ বিপৰীতে বঢ়মপুৰত ৮৪.০৪ শতাংশ ভোটদান হয়। একেদৰে ধিঙত ৯২.৪৬ শতাংশ, কলিয়াবৰত ৮৬ শতাংশ, চামগুৰিত৯৩.৪৭ শতাংশ, নগাঁও -বটদ্ৰৱাত ৮৪.০৮ শতাংশ আৰু ৰহাত ৮৪.৭৮ শতাংশ ভোটদান হৈছে। কিছু কিছু ভোটগ্ৰহণ কেন্দ্ৰত ৫ বজাৰ পিছতো ভোটগ্ৰহণ হৈ থকাৰ বাবে এই পৰিসংখ্যা চূড়ান্ত হিচাপত আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ভোটদানৰ সময়চোৱাত জিলাখনত কোনো অপ্ৰীতিকৰ ঘটনাৰ বাতৰি অহা নাই।
জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ সকলো ভোটদাতাৰ ৰাইজক আৰু নিৰ্বাচন কৰ্মীসকলক ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। সন্ধিয়াৰ পৰা ভোটগ্ৰহণকাৰী দলসমূহৰ উভতনি যাত্ৰা আৰম্ভ হৈছে আৰু নগাঁও চহৰৰ তিনিখন বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰোমলৈ ভোটিং মেচিন সমূহ নিশাপৰ্যন্ত উভতাই লৈ আহি থকা পৰিলক্ষিত হৈছে। নিৰ্বাচনত জড়িত কৰ্মচাৰীসকলৰ সুবিধাৰ্থে প্ৰতিটো কেন্দ্ৰতে ডাঙৰ এলইডি পৰ্দাত আইপিএলৰ খেল দেখুওৱাৰ ব্যৱস্থা কৰা হৈছে।
ইফালে ভোটগ্ৰহণৰ সন্ধিয়া ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়, চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, চৰকাৰী বালিকা উচ্চতৰ মাধ্যনিক বিদ্যালয়ত স্থাপন কৰা কেন্দ্ৰলৈ ভোটগ্ৰহণ পৰ্ব সফলতাৰে সমাপ্ত কৰি উভতি অহা দলসমূহক জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বিহু নাচ, ফুলাম গামোচাৰে আদৰণি জনায়।
লগতে পঢ়কঃ নগাঁৱৰ তিনিটাকৈ কেন্দ্ৰৰ পৰা ভোটগ্ৰহণৰ সামগ্ৰী লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ বিষয়াৰ দল

