Road Safety Awareness Meeting Held in Nagaonনগাঁৱত “পথ সুৰক্ষা সজাগতা সভা"

নগাঁওঃ নগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা ট্ৰাক শ্ৰমিক সন্থাৰ সহযোগত এখনি “পথ সুৰক্ষা সজাগতা সভা” (Road Safety Awareness Meeting) সোমবাৰে অনুষ্ঠিত হয় । খুটিকটিয়া ট্ৰাক ছমিক সন্থাৰ কাৰ্যলয় সন্মুখত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই।

মটৰ বাহন পৰিদৰ্শক পল্লব লোচন হাজৰিকাৰ লগতে নগাঁও আৰক্ষীৰ যান-বাহন নিয়ন্ত্রণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া জীতেন কুমাৰ দত্ত, প্ৰৱৰ্তক পৰিদৰ্শক ভব কাকতি,বিশ্বজিত হাজৰিকা, প্রহ্লাদ হাজৰিকা, সুদীপ্ত শইকীয়া, প্ৰৱৰ্তক সহকাৰী পৰিদৰ্শক বিমল নাথ ট্ৰাক ড্ৰাইভাৰ সন্থাৰ উপ সভাপতি নিৰ্মল নাথ, সম্পাদক ইছমাইল আলী, প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা পথ সজাগতা সভাত কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।
পৰিবহণ বিষয়া সীমান্ত বৰাই পথ সুৰক্ষা সজাগতাৰ ওপৰত বিস্তৃতভাৱে বক্তব্য আগবঢ়োৱাৰ লগতে আৰক্ষী বিষয়া জিতেন দত্তই পথ দুর্ঘটনা ৰোধ কৰাৰ প্ৰসংগত আৰু পথ সুৰক্ষা সজাগতাৰ ওপৰত এটি মননশীল ভাষন প্রদান কৰি উপস্থিত সকলোৰে হৃদয় স্পর্শ কৰে।

অনুষ্ঠানটিৰ আঁত ধৰে জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী তথা সাংস্কৃতি কৰ্মী দৰ্শন মহন্তই।

লগতে পঢ়কঃ মুম্বাইত দ্বিতীয়টো অসম ভৱনৰ বাবে ৪.৮ বিঘা ভূমি চমজি ললে দেৱাশীষ শৰ্মাই


Advertisement