নগাঁও: Assam Declared Foreign Nationals Expulsion শুনানীৰ ভিত্তিত অসম চৰকাৰে অবৈধ প্ৰৱেশ আৰু আভ্যন্তৰীণ সুৰক্ষা (Assam Internal Security) বিষয়ক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। নগাঁও জিলা প্ৰশাসনে ১৫ জন ঘোষিত বিদেশী নাগৰিকক ২৪ ঘণ্টাৰ ভিতৰত অসম এৰি যোৱাৰ নিৰ্দেশ জাৰি কৰিছে আৰু একেলগে তেওঁলোকৰ নাম, পৰিচয় আৰু ঠিকনাও ৰাজহুৱা কৰিছে।
নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ে জনোৱা মতে, এই সকলো গোচৰ নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ জড়িয়তে প্ৰেৰণ কৰা পত্ৰ নং NGN/B/2025/1442 (১৭ নৱেম্বৰ ২০২৫)ৰ আধাৰত উত্থাপন কৰা হৈছিল। এইসকল ব্যক্তিক ইতিমধ্যে বিদেশী ট্ৰাইব্যুনেলৰ বিভিন্ন ৰায়ত বিদেশী হিচাপে ঘোষণা কৰা হৈছিল (Foreigners Tribunal Assam)।
প্ৰশাসনে জনোৱা অনুসাৰি বহিষ্কাৰৰ আওতালৈ অহা ব্যক্তিসকল হ’ল—
ধিং আৰক্ষী থানাৰ অন্তৰ্গত কান্দুলিমাৰী গাঁৱৰ ৰিয়াজ উদ্দিনৰ কন্যা জহুৰা খাতুন (FT Case No. 39/1999)।
হেদায়ত নগৰৰ আব্দুল আলিৰ পুত্ৰ আব্দুল আজিজ (CS-110/2002)।
জুৰীয়া আৰক্ষী থানাৰ বগুৰুগুৰি গাঁৱৰ আটাবুদ্দিনৰ পত্নী ৱাহেদা খাতুন (CS-72/2017)।
ৰূপহী আৰক্ষী থানাৰ গৰেমাটিখোৱা গাঁৱৰ আব্দুল কালামৰ পত্নী অজুফা খাতুন (Case No. 567/2016)।
ৰহা আৰক্ষী থানাৰ দীঘলীআটি গাঁৱৰ আব্দুল লতিফৰ পুত্ৰ হুছেইন আলী (Case No. 1558/88)।
জাজৰী আৰক্ষী থানাৰ হাতীযুযোৱা গাঁৱৰ উমৰ আলীৰ পত্নী ফজিলা খাতুন (Case No. 8387/12)।
চামগুৰি আৰক্ষী থানাৰ লেংটেং গাঁৱৰ কালাম আলীৰ পত্নী অনুৰা বেগম (Case No. 640/07)।
চামগুৰি আৰক্ষী থানাৰ শালাবাৰী গাঁৱৰ হলিলুৰ ৰহমানৰ পত্নী আশা খাতুন (Case No. 1549/11)।
ৰহা আৰক্ষী থানাৰ চাপৰমুখ টাউনৰ আব্দুল লতিফৰ পুত্ৰ নজৰুল ইছলাম (Case No. 205/2015)।
ৰহা আৰক্ষী থানাৰ দীঘলীআটি গাঁৱৰ বাজুৰ পুত্ৰ ৰহিম শ্বেখ (Case No. 294/16)।
ৰহা আৰক্ষী থানাৰ দীঘলীআটি গাঁৱৰ ৱাজুদ্দিন শ্বেখৰ পুত্ৰ বোৰেক আলী (Case No. 436/88)।
ৰহা আৰক্ষী থানাৰ ৰহা টাউনৰ সমৰ আলীৰ পুত্ৰ ইদ্ৰিছ আলী (Case No. 301/15)।
কলিয়াবৰ আৰক্ষী থানাৰ পাছ হাতীগাঁও বাগানৰ জবৰ আলীৰ পুত্ৰ ৰুষ্টম আলী (Case No. 316/06)।
জখলাবন্ধা আৰক্ষী থানাৰ গৰুবন্ধা গাঁৱৰ কুৰবান খানৰ পুত্ৰ আনুৱাৰ খান (Case No. 1002/07)।
উলুৱনী আৰক্ষী থানাৰ গড়লমাৰী গাঁৱৰ আব্দুল হুছেইনৰ পুত্ৰ তাহেৰ আলী (Case No. 420/06)।
প্ৰশাসনৰ মতে, এইসকল ঘোষিত বিদেশীক ধুবুৰী, শ্ৰিভূমি অথবা দক্ষিণ শালমাৰা–মানকাচাৰ পথেদি অসম এৰি যোৱাৰ নিৰ্দেশ দিয়া হৈছে। আদেশ মানি নচলিলে Immigrants (Expulsion from Assam) Act, 1950 অনুসাৰে বলপূৰ্বক বহিষ্কাৰ কৰা হ’ব (Declared Foreign Nationals Assam)।
ইয়াৰ উপৰি, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, ৰেচন কাৰ্ড বাতিল, আধাৰ কাৰ্ড ফ্ৰীজ আৰু চৰকাৰী সামাজিক সুৰক্ষা আঁচনিৰ পৰা বাদ দিয়াৰ নিৰ্দেশ ইতিমধ্যে জাৰি কৰা হৈছে (Illegal Immigrants Assam)।
প্ৰশাসনিক সূত্ৰই জনায় যে Assam Declared Foreign Nationals Expulsion অভিযানৰ জৰিয়তে অসম চৰকাৰে স্পষ্ট বাৰ্তা দিছে—বিদেশী ট্ৰাইব্যুনেলৰ ৰায় এতিয়া কেৱল নথিত সীমাবদ্ধ নাথাকিব, ইয়াক সম্পূৰ্ণ ৰূপে কাৰ্যকৰী কৰা হ’ব।

