Pariksha Pe Charcha Assam: PM Modi to Interact with 25 Students Aboard Brahmaputra Cruise ‘Charaideu’Pariksha Pe Charcha Assam: ব্ৰহ্মপুত্ৰৰ বুকুত ‘চৰাইদেউ’ত ২৫ গৰাকী ছাত্র-ছাত্রীৰে প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’

Pariksha Pe Charcha Assam

২১ ডিচেম্বৰত অসমলৈ আহিবলগীয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত ৰিভাৰ ক্ৰুজত প্ৰধানমন্ত্ৰী মোদীয়ে ২৫ গৰাকী ছাত্র-ছাত্রীৰ লগত বাৰ্তালাপ কৰিব।ছাত্র-ছাত্রীৰ লগত বাৰ্তালাপৰ এই অনুষ্ঠানৰ নাম হৈছে ‘পৰীক্ষা পে চৰ্চা’ ( Pariksha Pe Charcha ) (PM Modi Assam Visit)।

কি এই ‘পৰীক্ষা পে চৰ্চা’?

উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান প্ৰতিবছৰে অনুষ্ঠিত হয়।এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দেশৰ ছাত্র-ছাত্রী,শিক্ষক আৰু অভিভাৱকৰ লগত বাৰ্তালাপ কৰে।এই অনুষ্ঠানত অংশগ্ৰহণকাৰী সকলক এটা প্ৰতিযোগিতাৰ মাধ্যমেৰে নিৰ্বাচিত কৰা হয়।প্ৰতিযোগিতাত বিজয়ী সকলক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে।নিৰ্বাচিত একাংশই প্ৰধানমন্ত্ৰীৰ লগত প্ৰত্যক্ষ ভাবে বাৰ্তালাপ কৰিব পাৰে।প্ৰথম বাৰ ২০১৮ চনৰ ১৬ ফেব্ৰুৱাৰীত এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।দ্বিতীয়বাৰ ২০১৯ চনৰ ২৯ জানুৱাৰীত অনুষ্ঠিত হৈছিল।তৃতীয়বাৰ ২০২০ চনত।চতুৰ্থবাৰ ২০২১ চনৰ ৭ এপ্ৰিলত অনলাইন মাধ্যমেৰে অনুষ্ঠিত হৈছিল।সপ্তমবাৰ ২০২৪ চনৰ ২৯ জানুৱাৰীত অনুষ্ঠিত হৈছিল।২০২৬ চনৰ এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বৰ্তমানলৈকে ৩৬ লাখ ২৫ হাজাৰ ৭২৮ জনে পঞ্জীয়ন কৰিছে।ইয়াৰ ভিতৰত ৩৩ লাখ ২৪ হাজাৰ ৬১৯ জন ছাত্র-ছাত্রী (Pariksha Pe Charcha 2026)।২ লাখ ৬৪ হাজাৰ ২৮৮ জন শিক্ষক আৰু ৩৬ ৮২১ গৰাকী অভিভাৱক।ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্রী সকলে ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব।শিক্ষক,ছাত্র-ছাত্রী,অভিভাৱক যি সকলে অংশগ্ৰহণ কৰিব তেওঁলোকে এখন প্ৰমাণপত্ৰ দিয়া হয়।

‘পৰীক্ষা পে চৰ্চা’ৰ অংশ হিচাপে অসমৰ ছাত্র-ছাত্রীৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

অসমৰ ২৫ গৰাকী ছাত্র-ছাত্রীৰ সৈতে ‘পৰীক্ষা পে চৰ্চা’ৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ কৰিব।মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ‘চৰাইদেউ’ নখমৰ এখন ৰিভাৰ ক্ৰুজত এই বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে।অংশগ্ৰহণ কৰিবলগীয়া ছাত্র-ছাত্রী সকল অষ্টম শ্ৰেণীৰ পৰা আৰু দ্বাদশ শ্ৰেণীৰ ভিতৰৰ । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে-‘ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত হবলগীয়া এই পৰীক্ষাৰ ওপৰত ছাত্র-ছাত্রীৰ লগত প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ অনুষ্ঠানে নদী পৰিবহন ব্যৱস্থাক উন্নত কৰিব।মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে-বিগত বৰ্ষত প্ৰধানমন্ত্ৰী কাজিৰঙাত নিশা যাপনৰ পিচত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছিল।উল্লেখযোগ্য যে ২০ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হবলগীয়া প্ৰধানমন্ত্ৰী জনে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ (Lokapriya Gopinath Bordoloi International Airport)ৰ নতুন টাৰ্মিনেল (New terminal) উদ্বোধন কৰিব ।২১ ডিচেম্বৰত তেওঁ গুৱাহাটীৰ বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক (Martyrs’ column) দৰ্শন কৰি শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলিৰ নিবেদন কৰিব।তদুপৰি তেওঁ নামৰূপ সাৰকাৰখানাৰ এমনিয়া-ইউৰিয়া প্লান্টৰ আধাৰশিলা স্থাপন কৰি ৰাইজক এখন সভাত সম্বোধন কৰিব।

ছাত্র-ছাত্রী সকল কোন ঠাইৰঃ

প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ কৰিবলগীয়া ছাত্র-ছাত্রী সকলৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ২ গৰাকী,জৱাহৰ নবোদয় বিদ্যালয়ৰ ২ গৰাকী ,আদৰ্শ বিদ্যালয়ৰ ২ গৰাকী, অসম জাতীয় বিদ্যালয়ৰ ২ গৰাকী, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী, সৰস্বতী বিদ্যা নিকেতনৰ এগৰাকী, ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰাদেশীকৃত বিদ্যালয়ৰ ৫ গৰাকী, ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ২ গৰাকী , বৰাক উপত্যকাৰ ২ গৰাকী, চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ ২ গৰাকী, বিটিচি অন্তৰ্গত শিক্ষানুষ্ঠানৰ ২ গৰাকী, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনষ্ঠ বিদ্যালয়ৰ এগৰাকী আৰু ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ অধীনস্থ বিদ্যালয়ৰ এগৰাকী(PM Modi Students Programme)।

মৈৰাবাৰীৰ কৃষ্টিজিনাইও পাব প্ৰধানমন্ত্ৰীৰ সাক্ষাৎঃ

মৰিগাঁও জিলাৰ ভিতৰুৱা অঞ্চলৰ ছাত্রী কৃষ্টিজিনা বৰাই লাভ কৰিব প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ । মৈৰাবাৰীৰ আদৰ্শ বিদ্যালয়ৰ ছাত্রী কৃষ্টিজিনা ।কৃষ্টিজিনাই ‘দ্যা নিউজ চৰ্ছ’ক কয় যে মই সৌভাগ্যশালী।প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনৰ পৰা দেশৰ ছাত্র-ছাত্রীৰ লগত ‘পৰীক্ষা পে চৰ্ছা’ অনুষ্ঠানৰ জৰিয়তে বাৰ্তালাপ কৰি আহিছে। এইবাৰ সমৰ ২৫ গৰাকী ছাত্র-ছাত্রীৰ লগত মইও সুযোগ লাভ কৰি গৌৰৱ অনুভৱ কৰিছো । মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জনাইছো ।বিদ্যালয়ৰ অধ্যক্ষ লুটফুৰ ৰহামন চাৰে বাবেই এই সুযোগ লাভ কৰিছো তেওকো কৃতজ্ঞতা জনাইছো।তেওঁ মোক সদায় অনুপ্ৰাণিত কৰি আহিছে । মই প্ৰধানমন্ত্ৰী মহোদয়ৰ লগত পৰীক্ষা সম্পৰ্কীয় যি প্ৰশ্ন কৰিম সেইখিনিয়ে অন্য ছাত্র-ছাত্রীকো সহায় কৰিব। বিদ্যালয়খনৰ অধ্যক্ষ ৰহমানেও ছাত্রী গৰাকীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ লাভ কৰা কাৰ্যত সুখী বুলি কয়। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ ভিতৰুৱা এটা অঞ্চলৰ এগৰাকী ছাত্রীৰ সাফল্যত অঞ্চলবাসীও উৎফুল্লিত হৈ পৰিছে।

লগতে পঢ়ক: The Great Honour Nishan of Ethiopia: প্ৰধানমন্ত্ৰী মোদীক ইথিওপিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান


Advertisement