Janbhagidari Abhiyan Sees Major Success in Nagaon with 304 Issues Resolved৩০৪ টা বিষয় ঠাইতে নিষ্পত্তিৰে নগাঁৱত জনভাগিদাৰী অভিযানৰ সফলতা

নগাঁও: দেশৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো যোৱা ১৮ মে’ৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা ‘জনভাগিদাৰী’ অভিযান আজি সফলতাৰে সম্পন্ন হয় (Janbhagidari Abhiyan)। এই উদ্দেশ্যে সোমবাৰে নগাঁৱৰ সহকাৰী আয়ুক্ত ড: প্ৰিয়ঙ্কা কাশ্যপৰ উপস্থিতিত অনুষ্ঠিত এখন সংবাদমেলত জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী আৰু এই অভিযানৰ জিলা নোডেল বিষয়া তথা অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মাই জনাই যে, জিলাখনৰ ১৬ টা উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি বসতিপ্ৰধান ৩৪ খন গাওঁত যোৱা সপ্তাহটোত ব্যাপক মাত্ৰাত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

মূলতঃ চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা দূৰণীবটীয়া অঞ্চলৰ পিছপৰা জনজাতীয় লোকসকলক ঠাইতে প্ৰদান কৰি তেওঁলোককো আনসকলৰ সমানে আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যিহেতু এনে লোকসকলে নিজে আগবাঢ়ি আহি চৰকাৰী সা-সুবিধা সমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত তৎপৰ নহয় সেয়ে তেওঁলোকক নিজৰ গাঁৱতে গৈ লগ ধৰি যথাসম্ভৱ সুবিধা প্ৰদানৰ লগতে এই বিষয়ে ৰাইজক সজাগ কৰি তোলাৰ উদ্দেশ্যেই কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শক্ৰমে “জনভাগিদাৰী – সবছে দূৰ, সবছে পেহলে” কাৰ্যসূচী লোৱা হয়।

সংবাদ মেলত বিষয়াদ্বয়ে সদৰি কৰা মতে এই সময়চোৱাত প্ৰায় ৩৭ টা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ উপৰিও বিভিজনৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুস্মান ভাৰত স্বাস্থ্য কাৰ্ড, ভূমি হস্তান্তৰণ নথি, কিষাণ ক্ৰেডিট কাৰ্ড আদি বিভিন্ন সুবিধা ঠাইতে প্ৰদান কৰা হয়। ৩০৪ টা বিষয় ঠাইতে সমাধা কৰা হয় আৰু বাকী আন ৬৩ টা বিষয় সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়।

এই কাৰ্যসূচীসমূহত স্বাস্থ্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান, শিক্ষা, ৰাজহ, কৃষি, পশুপালন, মীন, লোক নিৰ্মাণ আদি বিভাগৰ বিষয়াই অংশগ্ৰহণ কৰে। সংবাদ মেলত সহকাৰী আয়ুক্ত ড: প্ৰিয়ঙ্কা কাশ্যপো উপস্থিত থাকে।

লগতে পঢ়কঃ কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া


Advertisement