Morikolong Dacoity Case: Main Accused Khairul Ali Killed in Police Firing in Nagaonআৰক্ষীৰ গুলীত নিহত মৰিকলং ডকাইতি কাণ্ডৰ অন্যতম মূল অভিযুক্ত খাইৰুল

নগাঁওঃ নগাঁৱত পুনৰ আৰক্ষীৰ বৃহৎ সফলতা। ডাকাতিৰ প্ৰস্তুতি চলি থকাৰ সময়তেই ডকাইতৰ দলৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী (Morikolong Dacoity Case)। নিশা ডকাইতিৰ প্ৰস্তুতি চলি থকাৰ সময়তেই এক গোপন তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ৰঙালু আৰক্ষী চকীৰ অন্তৰ্গত বৰকুণ্ডলী মিকিৰপাৰ অঞ্চলত চলোৱা এক বিশেষ অভিযানত সময়তেই আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত ভয়ংকৰ সংঘৰ্ষ সূত্ৰপাত হয়।

জানিব পৰা মতে, অভিযান চলোৱাৰ সময়ত ঘটনাস্থলীৰ পৰা পাঁচজন সন্দেহভাজনক ডকাইত পলায়ন কৰিবলৈ সক্ষম হয়। কিন্তু আন এজন অভিযুক্তই আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰি পলায়নৰ চেষ্টা কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে আইনসিদ্ধ আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰি নিয়ন্ত্ৰিতভাৱে প্ৰত্যুত্তৰমূলক গুলীচালনা কৰে। ফলত অভিযুক্তজন গুলীবিদ্ধ হয়।

গুলীবিদ্ধ দুৰ্বৃত্তজনক ততাতৈয়াকৈ নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। নিহত দুৰ্বৃত্তজনৰ পৰিচয় মনি ওৰফে খাইৰুল আলী বুলি নিশ্চিত কৰিছে নগাঁও আৰক্ষীয়ে।

নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাসে জনোৱা তথ্য অনুসৰি, নিহত খাইৰুল আলী প্ৰায় এমাহ পূৰ্বে সংঘটিত মৰিকলং ডাকাইতি কাণ্ডৰ অন্যতম মূল অভিযুক্ত আছিল। তেওঁৰ বিৰুদ্ধে নগাঁও আৰু লখিমপুৰ জিলাত একাধিক ডাকাতিৰ গোচৰ থকাৰ তথ্যও পোহৰলৈ আহিছে।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ মি.মি. পিষ্টল আৰু দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নিহত ব্যক্তিজনৰ ঘৰ লখিমপুৰ জিলাৰ থানা ৰোড, ৱাৰ্ড নং-৮ ত বুলি জানিব পৰা গৈছে। আৰক্ষীৰ গুলীত নিহত ডকাইত খাইৰুলি পিতাৰ নাম মৃত আব্দুল আলী বুলি জানিব পৰী গৈছে।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে পলাতক আন অভিযুক্তসকলৰ সন্ধানত ব্যাপক অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, বিগত ২৪ মে’ৰ পুৱতি নিশা নগাঁৱৰ চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত সংঘটিত হোৱা ডকাইতি কাণ্ডৰো মূল অভিযুক্ত হৈছে আৰক্ষীৰ গুলীত নিহত খাইৰুল ইছলাম। পূৰ্বে মৰিকলং ডকাইতি কাণ্ডৰ আন এক অভিযুক্ত ৰাজিবুৰ ৰহমান আহত হৈছিল এক পথ দুৰ্ঘটনাত।

লাম্বা আলী, ৰাজিবুৰ ৰহমান আৰু নুৰ হুছেইন

মৰিকলং ডকাইতি কাণ্ডৰ সৈতে জড়িত দুই অভিযুক্ত ওমৰ আলী আৰু মিন্টু আলীক ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী। পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীয়ে লখিমপুৰ জিলাত অভিযান চলাই ঘটনাৰ সৈতে জ়ড়িত লাম্বা আলী, ৰাজিবুৰ ৰহমান আৰু নুৰ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। মৰিকলং ডকাইতিৰ তথ্য যোগান ধৰাৰ অপৰাধত নগাঁৱৰ হৰিশ শৰ্মা আৰু সতাশ শ্বাহকো গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে।

লগতে পঢ়কঃ দূৰ্ঘটনাত আহত নগাঁৱৰ মৰিকলং ডকাইতি কাণ্ডৰ অভিযুক্ত


Advertisement