গুৱাহাটী: অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ নতুনকৈ এক চাঞ্চল্যৰ সৃষ্টি হৈছে। অসমৰ আদালতত চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ আগবঢ়োৱা হৈছে যদিও, ছিংগাপুৰ আৰক্ষীয়ে এতিয়াও এই মৃত্যুত কোনো অসৎ কাৰ্য (foul play) সন্দেহ কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিলে(Zubeen Garg death probe)।
ছিংগাপুৰৰ সংবাদ প্ৰতিষ্ঠান Channel News Asia ৰ বাতৰি অনুসৰি, ছিংগাপুৰ আৰক্ষীয়ে (Singapore Police Force) বৃহস্পতিবাৰে কয় যে— জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে আৰু এই গোচৰ Singapore Coroners Act 2010 অনুসৰি চলি আছে।
সংবাদ প্ৰতিষ্ঠানটোৰ বাতৰি অনুসৰি, অসমৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা “চাৰিজনৰ বিৰুদ্ধে হত্যা অভিযোগ”ৰ খবৰ সন্দৰ্ভতো ছিংগাপুৰ আৰক্ষী অৱগত । তথাপিও, এতিয়ালৈকে কৰা তদন্ত অনুসৰি জুবিন গাৰ্গৰ মৃত্যুক সন্দেহজনক বুলি চিহ্নিত কৰা হোৱা নাই বুলি আৰক্ষীয়ে পুনৰাই স্পষ্ট কৰে।
ছিংগাপুৰ আৰক্ষীৰ মতে, এই ঘটনাৰ কৰ’নাৰ তদন্ত (Coroner’s Inquiry) ২০২৬ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত ইয়াৰ চূড়ান্ত সিদ্ধান্ত ৰাজহুৱা কৰা হ’ব।
উল্লেখযোগ্য যে, ৫২ বছৰীয়া জুবিন গাৰ্গ যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত এক সাংস্কৃতিক অনুষ্ঠানত অংশ ল’বলৈ গৈছিল। সেই সময়তেই তেওঁৰ অকাল মৃত্যু ঘটে। এই খবৰে অসমৰ লগতে সমগ্ৰ দেশতে গভীৰ শোকৰ ছাঁ পেলাইছিল।
ছিংগাপুৰৰ সংবাদ প্ৰতিষ্ঠানটোৰ বাতৰি অনুসৰি, ছিংগাপুৰ আৰক্ষীয়ে পূৰ্বতেই জনাইছিল যে, এই শোকাৱহ ঘটনাটোৰ দিনা তেওঁলোকৰ ওচৰলৈ St John’s Island অঞ্চলৰ পৰা সহায় বিচাৰি ফোন আহিছিল। অচেতন অৱস্থাত জুবিন গাৰ্গক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ছিংগাপুৰ আৰক্ষীয়ে কয়—
“আমি এই গোচৰত পেছাদাৰী আৰু গভীৰ তদন্ত চলাই আছোঁ। সকলো পক্ষকে ধৈৰ্য ধৰিবলৈ আহ্বান জনোৱা হৈছে। বিভ্ৰান্তকাৰী তথ্য প্ৰচাৰ নকৰিবলৈ জনসাধাৰণক অনুৰোধ জনাওঁ।”
এফালে হত্যাৰ অভিযোগে ৰাজ্যৰ ৰাজনীতি আৰু সমাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰি আহিছে, আনফালে ছিংগাপুৰ আৰক্ষীৰ এই স্পষ্টীকৰণে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক আৰু অধিক জটিল কৰি তুলিছে।
লগতে পঢ়ক: Akhil Gogoi SIT Chargesheet Controversy: এছ আই টিৰ চার্জশ্বিট ৰাজহুৱা কৰি বিপদত অখিল গগৈ

