Tension-Free Medicine at Night: ৰাতিৰ ভিতৰতে যিকোনো টেনশ্যন দূৰ কৰিবলৈ কৰক এই কাম..Tension-Free Medicine at Night: ৰাতিৰ ভিতৰতে যিকোনো টেনশ্যন দূৰ কৰিবলৈ কৰক এই কাম..

গুৱাহাটী: আপোনাৰ পৰিয়ালত কিবা কন্দল হৈছে নেকি ? আপোনাৰ ভাই ককাইৰ মাজত কাজিয়া হৈছে নেকি? অফিচত আপোনাৰ টেনশ্যন হৈছে নেকি? মালিকৰ সৈতে আপোনাৰ টেনশ্যন হৈছে নেকি? যদি এনে কিবা হৈছে তেন্তে চিন্তাৰ কাৰণ নাই। আপুনি আপোনাৰ টেনশ্যন দূৰ কৰিব পাৰিব ৰাতিৰ ভিতৰতে। কেৱল আপুনি কৰিব লাগিব এটা কাম(Tension-Free Medicine at Night)। আপোনাৰ টেনশ্যন দূৰ কৰিব এটা ফেচবুক একাউণ্টে। আপুনি কেৱল ৰাতি চাওক অখিল গগৈৰ ফেচবুক। লগে লগে দূৰ হ’ব আপোনাৰ সকলো টেনশ্যন।

ৰ’ব, পিছে এই কথা আমি কোৱা নাই। এই পৰামৰ্শ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

প্ৰায়েই ফেচবুকত আপোনালোকে দেখা পায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। ফেচবুকত লাইভৰ জৰিয়তেই বহু গুৰুত্বপূৰ্ণ ঘোষণাও কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma statement)। একেদৰে আজি কালি প্ৰায়েই ফেচবুক লাইভ কৰিবলৈ লৈছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও(Akhil Gogoi Facebook Live)।

এইবাৰ বিধায়ক অখিল গগৈৰ ফেচবুক লাইভক লৈ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(Himanta vs Akhil Gogoi)। অখিল গগৈক ডিজিটেল মাধ্যমৰ মানুহ আখ্যা দি বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “অখিল গগৈ এতিয়া প্ৰেক্টিকেল ফিল্ডৰ মানুহ নহয়। অখিল গগৈ ডিজিটেল মাধ্যমৰ মানুহ। অখিল গগৈয়ে ফেচবুক লাইভ কৰি মাজে মাজে কাৰোবাক গালিদিয়ে, কোনোবাই তেওঁৰ বিৰুদ্ধে মন্তব্য কৰিলে তেওঁ সেই মানুহৰ সৈতে ডিজিটেলি কাজিয়া কৰে(Himanta Biswa Sarma on Akhil Gogoi Facebook)। মাজে মাজে হাঁহি দিয়ে। দিনটোৰ ব্যস্ততাৰ অন্তত নিশা হলে মইয়ো অখিল গগৈৰ ফেচবুক লাইভ চাওঁ। অখিল গগৈৰ ফেচবুক লাইভ এতিয়া টেনশ্যন দূৰ কৰাৰ দৰৱ হৈ পৰিছে। কাৰোবাৰ যদি পৰিয়ালত কন্দল লাগিছে, অফিচত টেনশ্যন হৈছে, ভাই ককায়েকৰ মাজত কাজিয়া হৈছে তেন্তে চাওক অখিল গগৈৰ ফেচবুক। ৰাতিৰ ভিতৰতে দূৰ হৈ যাব সকলো টেনশ্যন। ৰাতি ভালকৈ হ’ব টোপনিও। মই নিজেও চাওঁ। অখিল গগৈৰ ফেচবুক লাইভ চোৱা মই একপ্ৰকাৰ ফেন হৈ গৈছোঁ। কেতিয়াবা এটাক গালি দি আকৌ এ… কৈ হাঁহি দিয়ে। বৰ্তমান টেনশ্যন মুক্ত বাবে আটাইতকৈ ভাল হৈছে অখিল গগৈৰ ফেচবুক। অখিল গগৈ মনোৰঞ্জনৰ বাদে আন একো নহয়।”

অখিল গগৈয়ে এটা সময়ত কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিব বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক: এছ আই টিৰ চাৰ্জশ্বিট সম্পৰ্কত বিধায়ক অখিল গগৈৰ বিস্ফোৰণ


Advertisement