Rainwater Harvesting Scam in Nagaon: CM Vigilance Team Launches Major Probeবৰষুণৰ পানী সংৰক্ষণ আঁচনি ৰূপায়ণত কোটি কোটি টকাৰ লুন্ঠনৰ অভিযোগ

নগাঁওঃ ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলা চৰকাৰী বিদ্যালয়ে বিদ্যালয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা বৰষুণৰ পানী সংৰক্ষণ আঁচনিত সংঘটিত বিয়াগোম কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা দলে (Rainwater Harvesting Scam in Nagaon)। বিগত চাৰিটা দিন ধৰি তদন্তকাৰী দলটোৱে বটদ্ৰৱা পৰিদৰ্শন বাংলাত বাহৰ পাতি জিলাখনৰ ইখনৰ পিছত সিখন বিদ্যালয়ৰ চৌহদত উপস্থিত হৈ চৰ জমিন তদন্ত চলাইছে। জানিব পৰা মতে, ধিং, বটদ্ৰৱা, ৰহা সমষ্টিৰ কেইখনো বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় চৌহদত স্থাপন কৰা বৰষুণৰ পানী সংৰক্ষণ আচনিৰ কোনো অস্তিত্ব পোৱা নাই।

তদন্তকাৰী দলটোৱে চামগুৰি আৰু বঢ়মপুৰ সমষ্টিৰ কেইবাখনো বিদ্যালয় উপস্থিত হৈ তদন্ত চলাই আঁচনিখনৰ তেনে কোনো অস্তিত্ব নাপালে । অৱশ্যে তদন্তকাৰী দলটোৱে কৰবাত কৰবাত বৰষুণৰ পানী সংৰক্ষণ আঁচনিৰ নামত কেৱল এটা/দুটা পানী ৰখা ড্ৰাম প্ৰত্যক্ষ কৰিছে। এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষৰ বিভিন্ন জনৰ পৰা দলটোৱে ভাষ্য গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ২০১০ চনত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত নগাঁও, কলিয়াবৰ আৰু ধিং সংমণ্ডলৰ অধীনত ৰূপায়িত বৰষুণৰ পানী সংৰক্ষণ আঁচনিৰ নামত কেবা কোটি টকাৰ দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত বিয়াগোম কেলেংকাৰীৰ তথ্য বহু পলমকৈ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে জিলাখনৰ কেইবা শতাধিক চৰকাৰী বিদ্যালয় চৌহদত ৰূপায়ণ কৰা বৰষুণৰ পানী সংৰক্ষণ আচনিসমূহ পৰিদৰ্শনৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা বৃহৎ তদন্তকাৰী দল জিলাখনৰ বিভিন্ন স্থানত উপস্থিত হৈ দুৰ্নীতিৰ তথ্য-প্ৰমাণ বিচাৰি অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ তদন্তকাৰী দলটোৱে ধিং, বটদ্ৰৱা, চামগুৰি, ৰহা, বঢ়মপুৰ আদি ঠাইৰ একাধিক বিদ্যালয় পৰিদৰ্শন কৰি আঁচনিৰ অধীনত সম্পন্ন হোৱা কামৰ নথি-পত্ৰ আৰু বিদ্যালয় চৌহদত বাস্তৱিকভাৱে সম্পন্ন হোৱা কামৰ মাজত মিল আছে নে নাই, সেই বিষয়ত তদন্ত অব্যাহত ৰাখিছে।

এক বিশেষ সুত্ৰ জনা মতে, চি এম ভিজিলেন্স শাখাই ২৬/২৫ নম্বৰ গোচৰৰ ভিত্তিত জিলাখনৰ বিভিন্ন ঠাইত এই তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী দলটোৱে। অভিযোগ অনুসৰি, গুৱাহাটীৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগত গোপন বুজাবুজি কৰি অধিকাংশ আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই বৃহৎ কেলেংকাৰীটোত প্ৰায় অৰ্ধ শতাধিক বিষয়া, আমোলা আৰু ঠিকাদাৰ বা ঠিকাদাৰী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী তদন্তৰ আওতালৈ আহিব পাৰে বুলি জানিব পৰা গৈছে। সেই সময়ত দায়িত্বত থকা মুখ্য অভিযন্তা আৰু কাৰ্যবাহী অভিযন্তাসহ বহু বিষয়া-কৰ্মচাৰী তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

অৱশ্যে, বিগত চাৰিটা দিনে তদন্তকাৰী দলটোৱে কেলেংকাৰী সন্দৰ্ভত কি কি তথ্য উদঘাটন কৰিলে সেই বিষয়ে এই পৰ্যন্ত কোনো আনুষ্ঠানিক তথ্য সদৰী কৰা নাই। জানিব পৰা মতে, অচিৰেই বহু কেইগৰাকী বিষয়া আৰু ঠিকাদাৰ মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ জালত পৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ নগাঁৱত প্ৰশাসনৰ অভিযানঃ ছীল কৰা হ’ল নিচা মুক্তি কেন্দ্ৰ


Advertisement