জয়পুৰঃ দেশৰ অন্যতম প্ৰভাৱশালী ব্যক্তি তথা ধন কুবেৰ আদানীৰ ওচৰত চৰকাৰ, ন্যায় সকলো অসহায় । শেহতীয়াকৈ সংবাদ প্ৰতিষ্ঠান স্ক্ৰল (Scroll)ৰ এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে । সংবাদ গোষ্ঠীটোৱে উল্লেখ কৰামতে আদানীগোষ্ঠীৰ নেতৃত্বত থকা এটা কোম্পানীৰ বিৰুদ্ধে ৰায় দিয়াৰ বাবেই ৰাজস্থানৰ বিজেপি শাসিত চৰকাৰখনে এজন ন্যায়াধীশক বদলিৰ নিৰ্দেশ দিয়ে(Adani Judge Transfer Controversy) । উল্লেখযোগ্য যে যোৱা ৫ জুলাইত জয়পুৰৰ বাণিজ্যিক আদালতৰ ন্যায়াধীশ দীনেশ কুমাৰ গুপ্তাই এই ৰায় প্ৰদান কৰিছিল ।
আদালতে প্ৰদান কৰা ৰায় অনুযায়ী আদানীগোষ্ঠীৰ নেতৃত্বত থকা কোম্পানীটোৱে ৰাজস্থান চৰকাৰক ১৪০০ কোটি টকাৰ লোকচান কৰে । আদালতৰ মতে উল্লেখিত কোম্পানীটোৱে ৰাজস্থান চৰকাৰৰ পৰা পৰিবহন শুল্কৰ নামত ১৪০০ কোটি টকা নীতিবৰ্হিভূত ভাবে আদায় কৰিছিল(Adani Group Rajasthan Case) । সংবাদ প্ৰতিষ্ঠান স্ক্ৰলে ( scroll ) উল্লেখ কৰা অনুযায়ী আদালতে ৫ জুলাইত দিয়া ৰায় অনুযায়ী আদানীগোষ্ঠীৰ নেতৃত্বত থকা কোম্পানীটোক ৫০ লাখ টকা জৰিমনা বিহাৰ লগতে ৰাজ্যচৰকাৰক কেগ ( CAG ) ৰ জৰিয়তে সমগ্ৰ বিষয়টো বিশেষ অডিট কৰাৰ নিৰ্দেশ দিয়ে।
অৱশ্যে ১৩ দিনৰ পিচত উচ্চ ন্যায়ালয়ে বাণিজ্যিক আদালতৰ এই নিৰ্দেশত স্থগিতাদেশ জাৰী কৰে (Rajasthan Commercial Court Verdict)। তদুপৰি ন্যায়াধীশ জনে এই ৰায় প্ৰদান কৰাৰ দিনাই বিজেপি নেতৃত্বাধীন ৰাজ্যচৰকাৰে তেওঁক পদৰ পৰা অপসাৰণ কৰে আৰু উচ্চ ন্যায়ালয়ে তেওঁক ৰাজ্যৰ ৰাজধানীৰ পৰা ২০০ কিলোমিটাৰ নিলগৰ বেৱাৰ জিলালৈ বদলি কৰে । তাৎপৰ্যপূৰ্ণ যে বাণিজ্যিক আদালতৰ ন্যায়াধীশক উচ্চ ন্যায়ালয়ৰ সন্মতি সাপেক্ষে ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে । বাণিজ্যিক আদালতে ৰায় দিয়াৰ পিচত উচ্চ ন্যায়ালয়ে ১৮ জুলাইত এই ৰায়ৰ স্থগিতাদেশ জাৰি কৰে । অহা জানুৱাৰীত মাহৰ শেষৰ সপ্তাহত এই গোচৰৰ শুনানী হব(Judicial Independence India)।
কি হৈছিল ঘটনাটোঃ
উল্লেখযোগ্য ২০০৭ চনত কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে ছত্তিশগড়ৰ হাছদেৱ আৰান্দ বনাঞ্চলত থকা কয়লা ব্লক এটা ৰাজস্থান চৰকাৰৰ বিদ্যুৎ উৎপাদন কোম্পানী ৰাজস্থান ৰাজ্য বিদ্যুৎ উৎপাদন নিগম লিমিটেড ( R R V U N L ) ক আৱন্টন দিছিল । এই বিদ্যুৎ উৎপাদন কোম্পানীটোৱে ইয়াৰ তাপ উৎপাদন কেন্দ্ৰৰ বাবে পোনপটীয়াকৈ কয়লা যাতে লাভ কৰে সেই উদ্দেশ্যৰে এই আবন্টন দিয়া হৈছিল । কিন্তু বিদ্যুৎ উৎপাদন কোম্পানীটোৱে আদানীগোষ্ঠীৰ সৈতে যৌথ ভাবে মিলিত হয় । এই ক্ষেত্ৰত আদানীগোষ্ঠীয়ে ৭৪ শতাংশ অংশীদাৰীত্ব ৰাখে ।
চুক্তি অনুসৰি কয়লা ছট্টিশগড়ৰ পৰা ৰাজস্থানলৈ নিয়া হব । ফলত আদানীগোষ্ঠীয়ে খনিৰ পৰা মূল ৰেলপথলৈ ৰেলপথ নিৰ্মাণ কৰিবলগীয়া হয় । ২০১৩ চনত কয়লাখনিত কাম আৰম্ভ হয় । কিন্তু ৰেলপথ কেইবাবছৰৰ পিচতহে নিৰ্মাণ হয় । তেতিয়ালৈকে পথৰে কয়লা পৰিবহন কৰাৰ সিদ্ধান্ত লয় । কিন্তু মূল চুক্তিত পথৰে কয়লা সৰবৰাহৰ বিষয় উল্লেখ নাছিল । ফলত বিবাদ আৰম্ভ হয় । এনেদৰে পথৰে কয়লা সৰবৰাহৰ বাবে আদানীগোষ্ঠীৰ পাৰ্ছা কলিয়ৰীজ লিমিটেডে পৰিবহন ব্যয়ৰ নামত চৰকাৰী কোম্পানীৰ পৰা ১৪০০ কোটি টকা পৰিবহন ব্যয় সংগ্ৰহ কৰে ।
তদুপৰি ২০১৮ চনত আদানীগোষ্ঠীৰ কোম্পানীয়ে পৰিবহন ব্যয় প্ৰদানত পলম হোৱাৰ সুদ বিচৰাত চৰকাৰী কোম্পানীটোৱে নাকচ কৰে । ২০২০ চনত এই গোচৰটো জয়পুৰৰ বাণ্যিজিক আদালতত বিচাৰাধীন হয়।কিন্তু আদানীগোষ্ঠীৰ কোম্পানীয়ে আবেদন দাখিল কৰাৰ পিচতো ন্যায়াধীশ দীনেশ গুপ্তাই ৰাজস্থানৰ চৰকাৰী কোম্পানীৰ সপক্ষেহে ৰায় দিয়ে ।
সংবাদ প্ৰতিষ্ঠান স্ক্ৰল (Scroll)এ তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰা মতে ন্যায়াধীশে ৰায়ত উল্লেখ কৰে যে-চুক্তি অনুযায়ী আদানীগোষ্ঠীৰ কোম্পানীয়ে ৰেলৰ চাইডিং নিৰ্মাণৰ দায়িত্ব লৈছিল।তেওঁলোকে এই কাৰ্য সম্পাদন কৰিব নোৱাৰাত বিধিমতে পৰিবহণ ব্যয় দিব লাগে ।কিন্তু এনে নকৰি আদানীগোষ্ঠীৰ কোম্পানীয়ে ইতিমধ্যেই ১৪০০ কোটি সংগ্ৰহ কৰিছিল।তদুপৰি সুদৰ পৰাও লাভান্বিত হব খুজিছে। ন্যায়াধীশ দীনেশ গুপ্তাই আদানীগোষ্ঠীৰ কোম্পানীক ৫০ লাখ টকা জৰিমনা বিহাৰ লগতে চুক্তিখনৰ সন্দৰ্ভত কেগ (CAG) ৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে (CAG Audit Adani Coal)। এই কথাতেই ন্যায়াধীশ জনক বদলি কৰা হয়। তদুপৰি উচ্চ ন্যায়ালয়ে ন্যায়াধীশ জনৰ ৰায়ৰ স্থগিতাদেশ জাৰি কৰে । Scroll ৰ এই প্ৰতিবেদনত বিজেপি চৰকাৰৰ কৰ্মকাণ্ড পোহৰলৈ অহাত সমগ্ৰ দেশ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক: Epstein Files: ট্ৰাম্প, ক্লিন্টন, গেটছৰ নাম জড়িত হোৱাত বিশ্বৰ ৰাজনীতি তথা ব্যৱসায় জগতত তীব্ৰ কঁপনি

