Dhing family murder: Nagaon’s Dhing shocked as father kills wife, two daughters in midnight axe attackDhing family murder: ধিঙত পত্নী আৰু দুই কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা পিতৃৰ

ধিং: নগাঁও জিলাৰ ধিঙৰ কাছখাটিত নিশা প্ৰায় ২ বজাত সংঘটিত এক জঘন্য আৰু মৰ্মান্তিক হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই তুলিছে(Dhing family murder) । পাৰিবাৰিক কন্দলৰ চৰম পৰিণতিত এজন ব্যক্তিয়ে নিজৰ পত্নীৰ লগতে দুই উদীয়মান কন্যাক নিদ্ৰিত অৱস্থাত কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে(Horrific Dhing family murder) ।

জানিব পৰা মতে, অভিযুক্ত এমদাদুল ইছলামে নিশা প্ৰায় ২ মান বজাত ঘৰৰ ভিতৰতে এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত কৰে। সেই সময়ত ঘৰৰ ভিতৰৰ পৰা অহা চিঞৰ-বাখৰ আৰু অস্বাভাৱিক শব্দ শুনি চুবুৰীয়া আৰু গাঁৱৰ ৰাইজে কোনো চোৰ সোমোৱা বুলি ভাবি এমদাদুলৰ ঘৰৰ ওচৰত সমবেত হয় । কিন্তু ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়েই ৰাইজে এক গাৰ নোম শিয়ৰি উঠা দৃশ্য প্ৰত্যক্ষ কৰে। কোঠাটোৰ ভিতৰত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত পৰি আছিল তিনিটাকৈ মৃতদেহ । মৃতদেহ তিনিটা মাতৃ আৰু দুগৰাকী কন্যাৰ(Father kill daughter)। লগে লগেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। পাশান পিতৃয়েই নৃশংসভাৱে হত্যা কৰাৰ কথাও পোহৰলৈ আহে নিশাই।

স্থানীয় এগৰাকী ব্যক্তিয়ে জানিবলৈ দিয়া অনুসৰি,
নিহতসকলৰ পৰিচয়:
তাজমিনা খাতুন (পত্নী)
দিল হান হাছান (২১ বছৰীয়া জ্যেষ্ঠা কন্যা, মহাবিদ্যালয়ৰ ছাত্ৰী)
আৰহান হাছান (প্ৰায় ১৪ বছৰীয়া কনিষ্ঠা কন্যা, বিদ্যালয়ৰ ছাত্ৰী)

ৰাইজে অভিযুক্ত পিতৃজনক কৰায়ত্ত কৰি নিশাই বান্ধি থৈ খবৰ দিয়ে স্থানীয় আৰক্ষীক। খবৰ পাই ধিং আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্ত হত্যাকাৰী এমদাদুল ইছলামক গ্ৰেপ্তাৰ কৰে। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে পাৰিবাৰিক কন্দলৰ বাবেই এমদাদুলে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে(Nagaon crime)।

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। মাতৃসহ এগৰাকী কলেজীয়া আৰু এগৰাকী স্কুলীয়া ছাত্ৰীক পিতৃয়ে এনেদৰে হত্যা কৰা ঘটনাই কেৱল ধিং অঞ্চলতেই নহয় সমগ্ৰ ৰাজ্যজুৰিয়েই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইফালে এই লোমহৰ্ষক ঘটনাই সমগ্ৰ ধিং অঞ্চলত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক: কোটিপতি হবলৈ গৈ অৱশেষত ACS ৰ চাকৰি হেৰুৱালে সুকন্যা বৰাই (Sukanya Bora ACS Corruption Case)


Advertisement