জামনগৰ: গুজৰাটৰ জামনগৰত কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ দুদিনীয়া আলোচনা চক্ৰ(Cancer Care India Jamnagar Conference)। আলোচনা চক্ৰত অংশগ্ৰহণ কৰি কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সভাপতি তথা নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ গুৰুত্বপূৰ্ণ ভাষণ(Devashish Sharma speech)।
গুজৰাটৰ জামনগৰত শুক্ৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কৰ্কট ৰোগৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ। কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে। শুক্ৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আলোচনা চক্ৰত অংশগ্ৰহণ কৰে বৰ্তমানৰ নগাঁৱৰ জিলা আয়ুক্ত তথা কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সভাপতি দেৱাশীষ শৰ্মাই।
কেঞ্চাৰ কেয়াৰৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰি কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সভাপতি(Cancer Care India national president) দেৱাশীষ শৰ্মাই নিজৰ ভাষণত কয়, “সাহসী ব্যক্তিসকল যি সকলে কেঞ্চাৰৰ বিৰুদ্ধে একত্ৰে যুঁজ দিছে তেওঁলোকৰ বাবে এই অনুষ্ঠানত থাকিবলৈ পাই মই গৌৰৱান্বিত। কেন্সাৰ কেৱল শৰীৰৰে ব্যাধি নহয়, ই হৈছে সহনশীলতাৰ পৰীক্ষা। প্ৰত্যেকজন কেঞ্চাৰ ৰোগী তেওঁলোকৰ পৰিয়ালৰ বাবে সাহসী হোৱাৰ এক প্ৰয়াস। ভাৰতবৰ্ষই কেঞ্চাৰ ৰোগৰ গৱেষণা, পৰীক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে। আমাৰ চিকিৎসক,বিজ্ঞানী তথা কেন্সাৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সন্মুখৰ পৰা নেতৃত্ব দিয়া সকলৰ পৰীক্ষা তথা চিকিৎসা ফলপ্ৰসু।” (Cancer awareness India)
কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সভাপতি দেৱাশীষ শৰ্মাই নিজৰ ভাষণত আৰ্থিক ভাবে দুৰ্বল লোক সকলৰ কেঞ্চাৰ চিকিৎসাৰ বাবে চৰকাৰে আয়ুস্মান ভাৰত আঁচনিৰ জৰিয়তে প্ৰদান কৰা ৫ লাখ টকাৰ কথাও উল্লেখ কৰি আৰু কয়, “কেন্সাৰ প্ৰতিষেধক দৰিদ্ৰ লোকৰ ওচৰলৈ কঢ়িয়াই নিয়াটো এটা ডাঙৰ প্ৰত্যাহ্বান। যদিও চৰকাৰৰ বদান্যতাৰ বাবে এই প্ৰতিষেধকৰ মূল্য বহু পৰিমাণে কম তথাপিও দৰিদ্ৰ লোকৰ বাবে ইয়াক প্ৰদান কৰাটো কেতিয়াবা সম্ভৱ নহবও পাৰে। সেয়ে সংগঠন সমূহে তেওঁলোকৰ কৰ্মী সকলৰ জৰিয়তে তৃণমূল পৰ্যায়ত সহায়ৰ হাত আগবঢ়াব লাগিব।”(Ayushman Bharat cancer treatment)
অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলক কেঞ্চাৰ ৰোগীৰ প্ৰতি মনোনিবেশ কৰিবলৈ আহ্বান জনাই শৰ্মাই আৰু কয়, “কেতিয়াবা আমি দেখো বহু কেঞ্চাৰ ৰোগীয়ে নিৰ্ধাৰিত সময়ৰ চক্ৰৰ ভিতৰত কেমথেৰাপী গ্ৰহণ কৰিব নোৱাৰে। অন্যহাতেদি এবাৰৰ ইমিউনথেৰাপিৰ মূল্য লক্ষ টক। ইয়াৰ ব্যয়বহুলতা। এনে বহু ৰোগীও পোৱা গৈছে যি মাটি-সম্পত্তিও চিকিৎসাৰ ব্যয়বহুলতাৰ বাবে বিক্ৰী কৰিবলগীয়া হৈছে। আমি তেওঁলোকৰ ওচৰত থিয় হব লাগে।
লগতে কেঞ্চাৰ যোদ্ধ কৰা সকলক উদ্দেশ্যি দেৱাশীষ শৰ্মাই কয় যে, আপোনালোকৰ কাহিনী জয়ৰ কাহিনী। কেৱল শৰীৰৰ জয় নহয়, মন আৰু আত্মাৰো জয়।”
