14 Declared Foreigners from Nagaon Taken to India-Bangladesh Border for Push BackNagaon Declared Foreigners Push Back: নগাঁৱৰ ঘোষিত ১৪ বিদেশীক ভাৰত–বাংলা সীমান্তলৈ প্ৰেৰণ

গোৱালপাৰা: অৱশেষত বিদেশী ঘোষিত ১৪ গৰাকীকৈ নগাঁৱৰ ঘোষিত বিদেশীক Push back কৰিবলৈ লৈ যোৱা হৈছে ভাৰত বাংলা সীমান্তলৈ(India-Bangladesh Border Push Back)। বিগত নৱেম্বৰ মাহতে বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰা নগাঁৱৰ ১৫ জনকৈ লোকক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্য তথা দেশ ত্যাগ কৰিবলৈ নগাঁৱৰ জিলা আয়ুক্তই দিয়া নিৰ্দেশৰ পাছতেই শুক্ৰবাৰে পুৱাই ডিটেনশ্যন কেম্পত থকা ১৪ গৰাকীকৈ বিদেশীক শুক্ৰবাৰে পুৱাই Push back কৰিবলৈ লৈ যোৱা হৈছে কেম্পৰ পৰা(Detention Camp Assam)। শুক্ৰবাৰে এখন ট্ৰেভেলাৰেৰে BSF য়ে লৈ যায় নগাঁওৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি চিনাক্ত কৰা লোককেইজনক(Nagaon Declared Foreigners Push Back) ।

উল্লেখযোগ্য যে নগাঁওৰ বিদেশী ন্যায়াধিকৰণে(Foreigners Tribunal Nagaon) ১৫ গৰাকী লোকক বিদেশী বুলি চিনাক্ত কৰাৰ পিছত জিলা খনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই লোক কেইজনক ২৪ ঘণ্টাৰ ভিতৰতে বিতাৰণ কৰাৰ নিৰ্দেশ দিছিল । তাৰ পিছতে শুক্ৰবাৰে ইয়াৰে ১৪ গৰাকীক বিতাৰণৰ বাবে মাটিয়া ট্ৰেঞ্জিট কেম্পৰ পৰা লৈ যোৱা হয় যদিও আন জন কত আছে সেই তথ্য জানিব পৰা হোৱা নাই । বিতাৰণৰ বাবে লৈ যোৱা লোক সকলৰ ভিতৰত ৮ জন পুৰুষ আৰু ৬ গৰাকী মহিলা (Assam Illegal Immigrants) ।

ঘোষিত বিদেশী কেইগৰাকী হৈছে …

  • ধিং আৰক্ষী থানাৰ অধীনৰ কান্দুলিমাৰীৰ ৰিয়াজ উদ্দিনৰ কন্যা জহুৰা খাতুন,
  • নগাঁও হেদায়ত নগৰৰ আব্দুল আলিৰ পুত্ৰ আব্দুল আজিজ,
  • জুৰীয়া বগুৰুগুৰিৰ আতাবুদ্দিনৰ পত্নী ৱাহেদা খাতুন,
  • ৰূপহী গৰেমাটিখোৱাৰ আব্দুল কালামৰ পত্নী অজুফা খাতুন,
  • ৰহাৰ দীঘলীআটিৰ আব্দুল লতিফৰ পুত্ৰ হুছেইন আলী
  • জাজৰীৰ হাতীযুযোৱাৰ উমৰ আলীৰ পত্নী ফজিলা খাতুন
  • চামগুৰিৰ লেংটেং গাঁৱৰ কালাম আলীৰ পত্নী অনুৰা বেগম,
  • চামগুৰিৰ শালবাৰীৰ হলিলুৰ ৰহমানৰ পত্নী আশা খাতুন,
  • ৰহাৰ চাপৰমুখ টাউনৰ আব্দুল লতিফৰ পুত্ৰ নজৰুল ইছলাম,
  • ৰহাৰ দীঘলী আটিৰ বাজুৰ পুত্ৰ ৰহিম শ্বেখ
  • ৰহাৰ দীঘলী আটিৰ ৱাজুদ্দিন শ্বেখৰ পুত্ৰ বুৰেক আলী
  • ৰহাৰ ৰহা টাউনৰ সমৰ আলীৰ পুত্ৰ ইদ্ৰিছ আলী
  • কলিয়াবৰৰ হাতীগাঁও বাগানৰ জবৰ আলীৰ পুত্ৰ ৰুষ্টম আলী
  • জখলাবন্ধাৰ গৰুবন্ধাৰ কুৰবান খানৰ পুত্ৰ আনুৱাৰ খান আৰু
  • উলুৱনীৰ গড়লমাৰী আব্দুল হুছেইনৰ পুত্ৰ তাহেৰ আলী।

লগতে পঢ়ক: Assam Declared Foreign Nationals Expulsion: ২০ বছৰৰ পুৰণা ট্ৰাইব্যুনেল ৰায়ৰ আধাৰত নগাঁৱৰ ১৫ জন ঘোষিত বিদেশীক ২৪ ঘণ্টাৰ আল্টিমেটাম


Advertisement