নগাঁও: অসমৰ মধ্যভাগত এটা হৃদয়বিদাৰক দুর্ঘটনাত ৭টা বন্যহস্তীৰ মৃত্যু আৰু এটা হাতী পোৱালী গুৰুতৰভাৱে আহত হোৱা ঘটনাই সকলোকে শোকাকুল কৰি তুলিছে । শনিবাৰৰ পুৱতি নিশা ২:১৭ বজাত নগাঁও জিলাৰ যমুনামুখ-কামপুৰ ছেকচনত (লামডিং ডিভিজনৰ অন্তৰ্গত) এই কৰুণ ঘটনাটো সংঘটিত হয়(Rajdhani Express elephant accident Assam)। ছাইৰাং-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ (ট্ৰেইন নম্বৰ ২০৫০৭ ডাউন) এটা বন্যহাতীৰ জাকৰ সৈতে খুন্দা মাৰে, যাৰ ফলত ট্ৰেইনৰ ইঞ্জিন আৰু পাঁচটা ডবা লাইনচ্যুত হয়(Indian Railways accident)। যাত্ৰীসকলৰ মাজত কোনো হতাহতি নাই বুলি ৰেলৱে কৰ্তৃপক্ষই নিশ্চিত কৰিছে।লাইচ্যুত ডবাকেইটা পুনৰ গুৱাহাটীলৈ নি পথ মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে ৰেল বিভাগে।

ঘটনাস্থলী গুৱাহাটীৰ পৰা প্ৰায় ১২৬ কিলোমিটাৰ দূৰত অৱস্থিত। এই স্থানটো চিহ্নিত হাতী কৰিডৰ নাছিল যদিও বিগত কিছুদিন ধৰি অঞ্চলটোত হাতীৰ এটা জাকে বিচৰণ কৰি আছিল। পাইলটে হাতীৰ জাকটো ট্ৰেকত দেখা পোৱাৰ লগে লগে ইমাৰ্জেন্সী ব্ৰেগ প্ৰয়োগ কৰিছিল যদিও সংঘৰ্ষ এৰাই চলিব পৰা নগ’ল। খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা হাতীৰ জাকটোৱে ৰেল লাইন পাৰ হৈ থকাৰ সময়তে এই দুর্ঘটনা সংঘটিত হয়(Assam train elephant collision)।

বন বিভাগৰ লোকে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ আহত হাতী পোৱালীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে।
অসমত বৃদ্ধি পোৱা মানুহ-হাতী সংঘাত অসমত দীৰ্ঘদিন ধৰি বৃদ্ধি পাই আহিছে(Human elephant conflict Assam)। কেইবছৰমান পূৰ্বে কামপুৰৰ পটিয়াপাম অঞ্চলতো ৰেলৰ খুন্দাত ৫টা বন্যহাতীৰ মৃত্যু হৈছিল।
উল্লেখযোগ্য যে পুৱতি নিশা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত সাত টাকৈ বন্য হস্তীৰ কৰুণ মৃত্যু হোৱাৰ লগতে এটা হাতী পোৱালী গুৰতৰভাৱে আহত হয়। আহত হাতী পোৱালীটোক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে স্থানীয় বন বিভাগৰ লোকে। লগতে নিহত হাতীকেইটাৰ চিকিৎসাৰ ব্যৱস্থা কৰে বন বিভাগৰ লোকে।
লগতে পঢ়ক: Nagaon Declared Foreigners Push Back: নগাঁৱৰ ঘোষিত ১৪ বিদেশীক ভাৰত–বাংলা সীমান্তলৈ প্ৰেৰণ

