Rajdhani Express Elephant Accident Assam: Seven Elephants Killed in Kampur Train MishapRajdhani Express Elephant Accident Assam: কামপুৰৰ ৰেলৰ খুন্দাত নিহত সাতটা হাতীৰ এটা আছিল গৰ্ভৱতী

কামপুৰ: এটা কৰুণ দুর্ঘটনাই থিতাতে প্ৰাণ কাঢ়ি নিলে সাতটাকৈ বনৰীয়া হাতীৰ। নিহত সাতটা হাতীৰ এটা আছিল গৰ্ভৱতী। দুৰ্ঘটনাৰ ফলত বাতিল কৰা হৈছে ৯ খনকৈ স্থানীয় ৰেলৰ যাতায়ত(Rajdhani Express Elephant Accident Assam)। জনাইছে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ জনসংযোগ বিষয়া কপিঞ্জল শৰ্মাই।

অসমৰ মধ্যভাগত এটা হৃদয়বিদাৰক দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যকে শোকাচ্ছন্ন কৰি তুলিছে। শনিবাৰে পুৱতি নিশা প্ৰায় ২:১৭ মান বজাত নগাঁও জিলাৰ কামপুৰৰ জমুনামুখ-কামপুৰ ছেকচনত নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছৰ (ট্ৰেইন নম্বৰ ২০৫০৭) এটা বনৰীয়া হাতীৰ জাকৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত সাতটা হাতীয়ে প্ৰাণ হেৰুৱাইছে(Nagaon elephant death)। নিহত হাতীকেইটাৰ ভিতৰত এটা গৰ্ভৱতী মাইকী হাতীও আছিল বুলিও পশু চিকিৎসকে প্ৰকাশ কৰিছে। লগতে এটা হাতীৰ বপোৱালীও গুৰুতৰভাৱে আহত হৈছে(Assam elephant train accident)।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ৰেলখনৰ চাৰিটাকৈ বগি লাইনচ্যুত হৈ পৰে। কিন্তু সৌভাগ্যক্ৰমে ট্ৰেইনত থকা কোনো যাত্ৰী বা ৰেলকৰ্মীৰ কোনো আঘাতপ্ৰাপ্ত হোৱা নাই(Rajdhani Express Assam news)।

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে, পাইলটে হাতীৰ জাকটো দেখা পোৱাৰ লগে লগে জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰিছিল যদিও হাতীকেইটাই দুৰ্ভাগ্যক্ৰমে প্ৰাণ হেৰুৱাই। দুৰ্ঘটনাস্থলটো কোনো নিৰ্দিষ্ট হাতী কৰিডৰ নহয় বুলি ৰেল বিভাগে স্পষ্ট কৰিছে। ঘন কুঁৱলী আৰু ৰাতিৰ অন্ধকাৰে দৃশ্যমানতা কমাই দুৰ্ঘটনাটোৰ কাৰণ হৈছে বুলি ধাৰণা কৰা হৈছে।

দুৰ্ঘটনাৰ ফলত উজনি অসম আৰু উত্তৰ-পূবৰ অন্যান্য অঞ্চললৈ যোৱা ৰেল যাতায়ত ব্যাপকভাৱে বিঘ্নিত হৈছে। ৯ খনকৈ স্থানীয় যাত্ৰীবাহী ৰেল বাতিল কৰা হৈছে। বিশেষকৈ ৰঙিয়া-ডিব্ৰুগড়, গুৱাহাটী-বদৰপুৰ, গুৱাহাটী-লামডিংকে ধৰি ৯ খনকৈ ৰেল বাতিল কৰা হৈছে।

দুৰ্ঘটনাস্থলত হাতীৰ মৃতদেহৰ অংশবোৰ বিক্ষিপ্ত হৈ থকাৰ বাবে ট্ৰেক ক্লিয়াৰ কৰাত বিলম্ব হৈছে। ৰেলৱেৰ উচ্চপদস্থ বিষয়াসকল, লগতে এন এফ ৰেলৱেৰ জেনেৰেল মেনেজাৰ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু পুনৰুদ্ধাৰ কাৰ্য তত্ত্বাৱধান কৰি আছে। এচিডেন্ট ৰিলিফ ট্ৰেইনো ঘটনাস্থলীত উপস্থিত হৈছে।

বন বিভাগৰ বিষয়াসকলে জনোৱা মতে, নিহত সাতটাকৈ হাতীৰ উপৰিও এটা হাতী পোৱালী ৰেলৰ খুন্দাত আহত হৈছে। আহত হাতী পোৱালীটোক অতি তৎপৰতাৰে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে কাজিৰঙা পুনৰুদ্ধাৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।

ইপিনে, নিহত হাতীকেইটাৰ পোষ্টমৰ্টেম কৰি দুৰ্ঘটনাস্থলৰ ওচৰতে সমাধিস্থ কৰাৰ ব্যৱস্থা কৰা হৈছে। অসমত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাতৰ এটা দুখৰ উদাহৰণ এই দুৰ্ঘটনা(Human wildlife conflict Assam)।

ইপিনে, দুর্ঘটনা সংঘটিত কৰা ৰেলখনৰ দুগৰাকীকৈ চালকক পুৱাৰ পৰা আটক কৰি বিয়লি জামিনত মুকলি কৰি দিয়ে বন বিভাগে। লগতে ৰেলখনৰ ইঞ্জিনো জব্দ কৰি ৰেল বিভাগক গতাই দিয়ে।

উল্লেখযোগ্য যে, ৰেলৰে খুন্দাত হাতীৰ মৃত্যু ৰোধ কৰাৰ উদ্দেশ্যে হাৱাইপুৰৰ পৰা লামডিঙৰ লৈকে IDS (Intrusion Detection Sysyem) সংস্থাপন কৰা আছে । কিন্তু দুৰ্ঘটনা সংঘটিত হোৱা স্থান হাতীৰ কৰিডৰ নোহাৱাৰ বাবে এই স্থানত IDS সংস্থাপন কৰা হোৱা নাছিল যদিও ভৱিষ্যতে কামপুৰৰ এই স্থানত IDS সংস্থাপনৰ পৰিকল্পনা কৰাৰ কথাও জানিবলৈ দিয়ে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই । IDS সংযোগৰ ফলত হাতী থকা স্থানৰ ৫০ মিটাৰ পূৰ্বেই ইংগিত প্ৰদান কৰিব।

লগতে পঢ়ক: ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭ টাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু – Rajdhani Express elephant accident Assam


Advertisement