Viksit Assam Viksit Bharat: PM Narendra Modi Inaugurates New Guwahati Airport TerminalViksit Assam Viksit Bharat: বিকশিত অসমেই বিকশিত ভাৰতৰ পথ প্ৰদৰ্শক হ'ব: নৰেন্দ্ৰ মোডী

গুৱাহাটী: দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰ (২০ ডিচেম্বৰ)এ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ অত্যাধুনিক টাৰ্মিনেল মুকলি কৰে(Assam Airport New Terminal) । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰে(Gopinath Bordoloi Statue) ।

উল্লেখযোগ্য যে বাঁহৰে কৌপফুলৰ আৰ্হিত নিৰ্মিত এই টাৰ্মিনেলটোত অসমৰ প্ৰকৃতি, সংস্কৃতি জীৱন্ত ৰূপত প্ৰতিফলিত হৈছে । শনিবাৰে বিমান বন্দৰৰ টাৰ্মিনেলটো উদ্বোধন কৰি প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে অসমীয়াতে ‘লুইতপৰীয়া ৰাইজলৈ শ্ৰদ্ধা আৰু মৰম যাছিছো’ বুলি সম্বোধন কৰি ভাষণ আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে টাৰ্মিনেল উদ্বোধনৰ দিনটো উত্তৰ পূৰ্বাঞ্চলত বিকাশৰ উৎসৱ বুলি কৈ ‘বিকাশৰ প্ৰকাশ পালে জীৱনে নতুন উচ্চতা লাভ কৰে’ বুলি মন্তব্য কৰে(Viksit Assam Viksit Bharat) ।

তেওঁ কয়-‘অসমৰ মাটিৰ সৈতে মোৰ আন্তৰিকতা পুৰণি । অসমৰ মা আৰু ভনী সকলৰ আপোন ভাবে মোক প্ৰেৰিত কৰে।’ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ পংক্তি আওৰাই প্ৰধানমন্ত্ৰীয়ে কয় যে – ডঃ ভূপেন হাজৰিকাই কোৱাৰ দৰে আমি লুইতৰ পাৰ জিলিকাবলৈ প্ৰতিজ্ঞাবদ্ধ। অন্ধকাৰ নাইকীয়া হব। এইটোৱেই আমাৰ সংকল্প। বিশাল ব্ৰহ্মপুত্ৰৰ ধাৰা যেনেদৰে থমকি নৰয় তেনেদৰে বিজেপিৰ ডবল ইঞ্জিন চৰকাৰৰ দিনত বিকাশৰ ধাৰা নৰয় । অসমবাসী আৰু দেশৰ জনতাক শুভেচ্ছা জনাইছো(Narendra Modi Assam Visit)।

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদানৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে- গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উদ্বোধনৰ গৌৰৱ লাভ কৰিছো(Guwahati LGBI Airport) । বৰদলৈ অসমৰ গৌৰৱ । তেওঁঅসমৰ পৰিচয়,অসমৰ ভৱিষ্যত আৰু অসমৰ হিতৰ লগত আপোচ কৰা নাই । কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে- কংগ্ৰেছে পাপ কৰিছে (PM Narendra Modi)। অসমীয়াৰ পৰিচয় নাইকীয়া কৰাৰ চেষ্টা কৰিছিল। কংগ্ৰেছে স্বাধীনতাৰ আগৰে পৰাই ষড়যন্ত্ৰ কৰিছিল। কংগ্ৰেছে অসমক ইষ্ট পাকিস্তানৰ অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ অংগ কৰাৰ চেষ্টা কৰিছিল। কিন্তু গোপীনাথ বৰদলৈয়ে নিজৰ দলৰে বিৰোধিতা কৰি অসমক ৰক্ষা কৰিছিল।তেওঁক প্ৰধানমন্ত্ৰী অটল বাজপেয়ীৰ নেতৃত্বত বিজেপি চৰকাৰৰ দিনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। কংগ্ৰেছে পুনৰ অসম বিৰোধী আৰু দেশ বিৰোধী কাম কৰিছে । ভোট বেংক বঢ়াবলৈ বেংগল আৰু অসমত বিদেশী প্ৰবেশৰ সুবিধা দিছিল। কেন্দ্ৰীয় চৰকাৰেও অবৈধ অনুপ্ৰৱেশ কাৰীক চিনাক্ত কৰি বাহিৰ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে দেশদ্ৰোহিতা কৰি অনুপ্ৰৱেশকাৰীক সুৰক্ষা প্ৰদানৰ চেষ্টা কৰিছে। কংগ্ৰেছ অসমৰ ভাই-ভনীৰ আপোন নহয়। এনে সময়ত আমি গোপীনাথ বৰদলৈৰ দৰে ব্যক্তিৰ আদৰ্শৰে একত্ৰিত হৈ থাকিব লাগিব। কাৰণ অসমৰ অস্মিতাৰ বাবে বৰদলৈৰ দৰে ব্যক্তিয়ে সকলো ত্যাগ কৰিছিল। কংগ্ৰেছৰ ষড়যন্ত্ৰ নস্যাৎ কৰিব লাগিব।

কংগ্ৰেছক পুনৰ সমালোচনা কৰি তেওঁ কয়, ‘কংগ্ৰেছ চৰকাৰৰ দিনত দশক ধৰি হিংসা বৰ্তি আছিল । বিজেপি চৰকাৰে ১০-১২ বছৰত নাইকিয়া কৰিছে । য’ত হিংসা আছিল সেই স্থানত বিজেপি চৰকাৰৰ কাৰ্যকালত ৪ জি, ৫ জি টেকনলজি আহিছে, বিকাশ আহিছে । বিজেপিয়ে অসমৰ সংস্কৃতিৰ সুৰক্ষিত কৰিছে ।’

কংগ্ৰেছে অসমক আধুনিক বিমান বন্দৰ বা ৰেলৰ প্ৰয়োজন কি বুলি কৰা প্ৰশ্নক কটাক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘কংগ্ৰেছে এনেদৰে অসমক উপেক্ষিত কৰিছিল। মোডী চৰকাৰে কংগ্ৰেছৰ এই ভুলবোৰ শুধৰাইছে।

প্ৰধানমন্ত্ৰীয়ে নিজৰ কথা উল্লেখ কৰি কয়, ‘মোডীৰ বাবে অসমৰ বিকাশ প্ৰয়োজনো আৰু দায়িত্বও। বিগত সময়ত লাখ আৰু কোটিৰ মূল্যৰ বিকাশ আৰম্ভ হৈছে । অসম ভাৰতীয় ন্যায় সংহিতা ৰ ক্ষেত্ৰত দেশৰ প্ৰথম স্থানত আছে । অসমত ৫০ লাখৰ অধিক প্ৰি পেইড মিটাৰ লগাই নতুন অভিলেখ গঢ়িছে । কংগ্ৰেছৰ দিনত ধনৰ বিনিময়ত চাকৰি পাইছিল । বিজেপিৰ দিনত কোনো ধন খৰচ নকৰাকৈ চাকৰি লাভ কৰিছে।’

তেওঁ কয়, ‘নতুন টাৰ্মিনেল বিল্ডিঙৰ জৰিয়তে গুৱাহাটীয়ে নতুন ৰূপ পাব । পৰ্যটনৰো বিকাশ হব । ভক্তৰ বাবে মা কামাখ্যাৰ দৰ্শনো সহজ হব । টাৰ্মিনেলৰ ভিতৰত সেউজীয়া। চাৰিওফালে প্ৰকৃতিৰৰ লগত সম্পৰ্ক থকা ডিজাইন । সামাজিক মাধ্যম যদি চাই সকলোতে এতিয়া ভাৰতৰ বিমান বন্দৰৰ চৰ্চা । অত্যাধুনিক বিমান বন্দৰৰ জৰিয়তে ঘৰুৱা সম্পদ বিশ্বৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰাত সুবিধা হব । আজি ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে । তৃতীয় বৃহৎ অৰ্থনৈতিক দেশ হবলৈ গৈছে । বিকশিত ভাৰতৰ সংকল্পৰে আমি আন্তঃগাঠনিৰ ওপৰত মনোনিবেশ কৰিছো । বিকশিত ভাৰতৰ মিছনত
আজি অসম আৰু পূৰ্বোত্তৰে নেতৃত্ব কৰিছে । অসমত ৰেল সংযোগতো নতুন পৰিবৰ্তন আহিছে । বন্দে ভাৰত এক্সপ্ৰেছে যাত্ৰা সুচল কৰিছে ।

প্ৰধানমন্ত্ৰীয়ে অসমৰ বিকাশ সকলোতকৈ প্ৰথমতে বুলি উল্লেখ কৰি বিকশিত অসমেই বিকশিত ভাৰতৰ পথ প্ৰদৰ্শক হব বুলি কয় । অত্যাধুনিক বিমান বন্দৰৰ টাৰ্মিনেল উদ্বোধন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(Himanta BIswa Sarma) কয় যে, ‘আজি ৰাজ্যৰ বাবে গৌৰৱৰ দিন । প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে বাঁহৰে কৌপফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ অত্যাধুনিক টাৰ্মিনেল উদ্বোধন কৰে ।

মুখ্যমন্ত্ৰীয়ে কয়, ‘এই অত্যাধুনিক টাৰ্মিনেলত কাজিৰঙাকে ধৰি জৈৱ বৈচিত্ৰ দিয়া হৈছে । আজি আমি গুৱাহাটীত দেশৰ ভিতৰতে উন্নত বিমান বন্দৰ লাভ কৰিছো । নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিব । তেওঁ প্ৰধানমন্ত্ৰীয়ে দেওবাৰে নামৰূপত ১২ লাখ উৎপাদন কৰিব পৰা সাৰ কাৰখানা উদ্বোধন কৰিব বুলি মন্তব্য কৰি জানুৱাৰীত অসমলৈ পুনৰ আহি প্ৰধানমন্ত্ৰীয়ে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰ উন্মোচন কৰিব বুলি কয় ।

তদুপৰি ফেব্ৰুৱাৰীত অসমলৈ আহি প্ৰধানমন্ত্ৰীয়ে গেলেফু আৰু কোকোৰাঝাৰৰ মাজত নতুন ৰেল আঁচনিৰ শুভাৰম্ভ আৰু বৰাক উপত্যকাত বিমান বন্দৰৰ আধাৰশিলা স্থাপন কৰিব বুলি কয়। দেওবাৰে ( ২১ ডিচেম্বৰ,২০২৫) বৰাগাঁৱত নিৰ্মিত জাতীয় ছহিদ সকলৰ শ্বহীদ সকলৰ স্মাৰক ক্ষেত্ৰত উপস্থিতহৈ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জনাব বুলি কয় । তেওঁ কয় যে অসম আন্দোলনৰ শ্বহীদ সকলক শ্ৰদ্ধা জনোৱা ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

লগতে পঢ়ক: Pariksha Pe Charcha: ব্ৰহ্মপুত্ৰৰ বুকুত ‘চৰাইদেউ’ত ২৫ গৰাকী ছাত্র-ছাত্রীৰে প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’


Advertisement